ETV Bharat / bharat

Manipur Violence: ছচিয়েল মিডিয়া পোষ্টৰ বাবে মণিপুৰত নিলম্বন চৰকাৰী চিকিৎসকক

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:25 PM IST

Manipur Violence
Manipur Violence

জানিব পৰা মতে, তেওঁ তামেংলং জিলাত নিযুক্ত এজন চিকিৎসা বিষয়া আছিল । "চৰকাৰী কৰ্মচাৰী এজনৰ অশোভনীয় আচৰণ কৰা সামাজিক মাধ্যমত অনুপযুক্ত মন্তব্য পোষ্ট/শ্বেয়াৰ কৰাৰ বাবে চিকিৎসকজনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে ।" এক জাননীত প্ৰকাশ ।

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : মণিপুৰৰ পৰিস্থিতি এতিয়াও যথেষ্ট স্পৰ্শকাতৰ হৈ আছে । সাম্প্ৰদায়িক হিংসাই এতিয়াও জ্বলাই আছে ৰাজ্যখন । তাৰ মাজতে সামাজিক মাধ্যমৰ কেতবোৰ পোষ্টে এই হিংসাত উচটনি যোগোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে শেহতীয়াভাৱে ৰাজ্যখনত পুনৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে । তাৰ মাজতে বৃহস্পতিবাৰে এক জাননীত কোৱা হৈছে যে মণিপুৰ ক্ৰমাগতভাৱে হিংসাত জ্বলি থকাৰ সময়তে এগৰাকী চৰকাৰী চিকিৎসকক ছ'চিয়েল মিডিয়াত 'অনুপযুক্ত মন্তব্য' কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে ।

জানিব পৰা মতে, তেওঁ তামেংলং জিলাত চিকিৎসা বিষয়া হিচাপে নিযুক্ত আছিল । "চৰকাৰী কৰ্মচাৰী এজনৰ অশোভনীয় আচৰণ কৰা সামাজিক মাধ্যমত অনুপযুক্ত মন্তব্য পোষ্ট/শ্বেয়াৰ কৰাৰ বাবে চিকিৎসকজনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে ।" জাননীখনত কোৱা হৈছে ।

জাননীখনত লগতে তেওঁক চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈ ইম্ফলৰ মুখ্য কাৰ্যালয় এৰি নাযাবলৈও নিৰ্দেশ দিয়া হৈছে । অৱশ্যে জাননীখনত পোষ্টটোৰ প্ৰকৃতি সন্দৰ্ভত স্পষ্টভাৱে একো উল্লেখ কৰা হোৱা নাই ।

উল্লেখ্য যে মণিপুৰ প্ৰশাসনে ৰাজ্যখনৰ দুগৰাকী মেইটেই ছাত্ৰ-ছাত্ৰীৰ হত্যাৰ গোচৰ চিবিআইলৈ হস্তান্তৰ কৰিছে । ফিজাম হেমজিত (২০) আৰু হিজাম লিনথোইঙ্গম্বি (১৭) এই দুগৰাকী মেইটেই ছাত্ৰ-ছাত্ৰী বিগত জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছিল । তেওঁলোকক কুকি দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বিশেষ সঞ্চালক অজয় ভাটনাগৰে বুধবাৰে তদন্ত আৰম্ভ কৰিবলৈ এক বিশেষ বিমানযোগে গৈ ইম্ফলত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোক (চিবিআই) গোচৰটো হস্তান্তৰ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে এই সিদ্ধান্ত লোৱা হয় ।

ফেডাৰেল এজেঞ্চীৰ ছেকেণ্ড-ইন-কমাণ্ড ভাটনাগৰৰ নেতৃত্বত দলটোৱে ইম্ফলত বাহৰ পাতি থকা যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ৰ সৈতে যোগদান কৰিবলৈ সাজু হৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে । দলটোত কেইবাটাও বিশেষ শাখাৰ দক্ষ বিষয়াসকল অন্তৰ্ভুক্ত আছে ।

আনহাতে, দলটোত চিবিআইৰ অভিজাত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ বিশেষজ্ঞও থাকিব বুলি সূত্ৰই জনাইছে । উল্লেখ্য যে সন্ধানহীন ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ মৃতদেহৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ ফলত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত ফটোবোৰ সোমবাৰে সামাজিক মাধ্যমত প্ৰকাশ পাইছিল । জুলাই মাহত অপহৃত শিক্ষাৰ্থী দুগৰাকীৰ হত্যাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ আৰু লাঠিচালনা কৰাৰ ফলত মঙলবাৰে ইম্ফল উপত্যকাত মুঠ ৪৫ জন শিক্ষাৰ্থী আহত হয় । ইয়াৰে ভিতৰত বহুকেইগৰাকী ছাত্ৰীও আছে ।

লগতে পঢ়ক :CBI team in Manipur: মণিপুৰত CBI ৰ নিৰাপত্তাৰ দায়িত্ব CRPF ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.