ETV Bharat / bharat

CBI team in Manipur: মণিপুৰত CBI ৰ নিৰাপত্তাৰ দায়িত্ব CRPF ৰ

author img

By ANI

Published : Sep 28, 2023, 8:57 AM IST

Updated : Sep 28, 2023, 10:57 AM IST

যোৱা 27 ছেপ্টেম্বৰত মণিপুৰত উপস্থিত হৈছে বিশেষ সঞ্চালক অজয় ভাটনাগৰৰ নেতৃত্বত চিবিআইৰ এটা দল ৷ দলটোৱে ৰাজ্যখনত চিবিআইলৈ পঞ্জীয়ন কৰা বা স্থানান্তৰ কৰা গোচৰসমূহৰ তদন্তৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰিব ৷ চিবিআই দলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ CRPF ক নিৰাপত্তাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

CBI team in Manipur
মণিপুৰত CBI ৰ দলক নিৰাপত্তাৰ বাবে CRPF ক দায়িত্ব প্ৰদান

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ: যোৱা 6 জুলাইত মণিপুৰৰ পৰা নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ সন্দৰ্ভত ইতিমধ্যে 27 ছেপ্টেম্বৰত বিশেষ সঞ্চালক অজয় ভাটনাগৰৰ নেতৃত্বত চিবিআইৰ এটা দল ৰাজ্যখনত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইয়াৰ পিচতে এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা অনুসৰি, চিবিআই দলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ CRPF ক দায়িত্ব প্ৰদান কৰা হৈছে ৷

অনাগত দিনত CBI ৰ দলটোৱে ৰাজ্যখনত চিবিআইলৈ পঞ্জীয়ন কৰা বা স্থানান্তৰ কৰা গোচৰসমূহৰ তদন্তৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰিব ৷ দলটোৱে স্থানসমূহৰ পৰা তথ্য আৰু প্ৰমাণসমূহ সংগ্ৰহ কৰি কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰলৈ (চিএফএছএল) প্ৰেৰণ কৰিব ৷

সেইবাবে এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱা অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত CBI ৰ দলটোৰ নিৰাপত্তাৰ বাবে CRPF ৰ কেইবাটাও দল নিয়োগ কৰা হৈছে ৷ বৰ্তমান, চিবিআইয়ে প্ৰায় 11 খন এজাহাৰ পঞ্জীয়ন কৰিছে ৷ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি পেৰেড কৰা ভাইৰেল ভিডিঅ'ৰ গোচৰ ৷ ইতিমধ্যে CBI এ সকলো ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, সন্ধানহীন শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহৰ ফটোও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই এতিয়া মণিপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সোমবাৰে ভাইৰেল হৈছিল দুই ছাত্ৰৰ মৃতদেহৰ ফটো ৷

ইফালে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি 27 ছেপ্টেম্বৰত পুনৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃ্দ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশত গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বুধবাৰে মণিপুৰৰ 19 খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকা অশান্ত এলেকা হিচাপে ঘোষণা কৰে । ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইখনমান ঠাইত এই আইনৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে কেন্দ্ৰ চৰকাৰে । 6 মাহৰ সময়সীমাৰে অহা 1 অক্টোবৰ পৰা সম্প্ৰাৰণ হ’ব AFSPA ।

লেমফেল চহৰ, সিংজামেই, চেলমাই ,লামছাংপাটছল, ৱাংগোল, প'ৰমপাট, হাইংগাংলামিয়াই, ইৰিবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নেম্বল, মইৰাং, ককচিং, জিৰিবাম আৰু ইম্ফলত এই আইন পুনৰ প্ৰণয়ন কৰা হ’ব নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি

Last Updated :Sep 28, 2023, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.