ETV Bharat / bharat

India Ki Udaan: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে গুগলৰ ইণ্ডিয়া কি উড়ান আঁচনি মুকলি

author img

By

Published : Aug 6, 2022, 3:46 PM IST

Google launches India Ki Udaan to mark 75 years of Independence
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে গুগলৰ ইণ্ডিয়া কি উদয়ন আঁচনি মুকলি

স্বাধীনতা দিৱসৰ উপলক্ষে শুকুৰবাৰে গুগলে ' ইণ্ডিয়া কি উড়ান' আঁচনি মুকলি কৰে ৷ গুগল আৰ্টছ এণ্ড কালচাৰে সম্পাদনা কৰা এই প্ৰকল্পটো ' ইণ্ডিয়া কি উড়ান' নামৰ প্ৰকল্পটো যোৱা 75 বছৰত ভাৰতৰ অটল আৰু অদম্য মনোভাৱৰ ওপৰত আধাৰিত (Google launches India Ki Udaan)৷

নেশ্যনেল ডেস্ক, 6 আগষ্ট: সমাগত স্বাধীনতা দিৱস (75 years of independence)৷ এইবাৰ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস পূৰ্বতকৈ অধিক উলহ মালহেৰে পালন কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বিভিন্ন আঁচনি হাতত লৈছে (Independence Day 2022) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ অধীনত 13 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in India) আয়োজন কৰিছে ।

প্ৰতিগৰাকী ভাৰতীয়ক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই আন্দোলনক আগবঢ়াই নিবলৈও মোডীয়ে দেশবাসীক আহ্বান জনায় । লগতে সকলোকে 2 আগষ্টৰ পৰা 15 আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত তেওঁলোকৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় ।

ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ উপলক্ষে শুকুৰবাৰে গুগলে ' ইণ্ডিয়া কি উড়ান' আঁচনি মুকলি কৰে ৷ এই আঁচনিয়ে দেশৰ অনুপ্ৰেৰণামূলক কাহিনীসূহ অংকণ কৰি চিত্ৰসমূহ প্ৰদৰ্শন কৰিবলৈ এক অনলাইন যোগে প্ৰচাৰ কৰিব ৷ গুগল আৰ্টছ এণ্ড কালচাৰে সম্পাদনা কৰা এই প্ৰকল্পটো ' ইণ্ডিয়া কি উড়ান' নামৰ প্ৰকল্পটো যোৱা 75 বছৰত ভাৰতৰ অটল আৰু অদম্য মনোভাৱৰ ওপৰত আধাৰিত (Google launches India Ki Udaan)৷

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী (Union Culture and Tourism Minister G Kishan Reddy )আৰু সংস্কৃতি মন্ত্ৰালয় আৰু গুগলৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এক চমকপ্ৰদ অনুষ্ঠানত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Google launches India Ki Udaan to mark 75 years of Independence)৷ এই প্ৰকল্পত তথ্যপূৰ্ণ অনলাইন সমলৰ ওপৰত গুৰুত্ব আৰোপ কৰে চৰকাৰৰ 'আজাদী কা অমৃত মহোৎসৱ' (Azadi Ka Amrit Mahotsav) কাৰ্যসূচীক সমৰ্থন কৰিবলৈ ভাৰতীয়সকলৰ অৱদান আৰু 1947 চনৰ পৰা ভাৰতৰ বিৱৰ্তন প্ৰদৰ্শন কৰা হয় ৷

ইয়াৰ লগতে এই প্ৰকল্পটোৰ অধীনত 2022 চনৰ বাবে ইয়াৰ জনপ্ৰিয় ডুডল ৪ গুগল প্ৰতিযোগিতাও আয়োজন কৰা হ’ব ৷ এই প্ৰতিযোগিতাত প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব ৷ এই প্ৰতিযোগিতাত বিজয়ী হোৱা ডুডল ৪ গুগলৰ বিজয়ীজনে 14 নৱেম্বৰত ভাৰতৰ গুগল হোমপেজত নিজৰ শিল্প প্ৰত্যক্ষ কৰিব ৷

ইয়োৰপৰি বিজয়ী শিক্ষাৰ্থীগৰাকীয়ে 5,00,000 টকাৰ মহাবিদ্যালয় বৃত্তি, বিদ্যালয়ৰ বাবে 2,00,000 টকাৰ প্ৰযুক্তি পেকেজ, এখন চাৰ্টিফিকেট, গুগল হাৰ্ডৱেৰ, গুগলৰ পৰা বিভিন্ন ধৰণৰ আমোদজনক পুৰস্কাৰ লাভ কৰিব ৷

আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা চাৰিটা বিজয়ী গ্ৰুপ বাঁচনি কৰা হ’ব আৰু 15 জন চূড়ান্ত পৰ্যায়ত উপনীত হোৱা শিক্ষাৰ্থীয়ে ৰোমাঞ্চকৰ পুৰস্কাৰ জিকিব পাৰিব ৷ মন্ত্ৰী ৰেড্ডীয়ে লগতে গুগল দলটোক 'হৰ ঘৰ তিৰংগা'ৰ ওপৰত এটা বিশেষ ডুডল সৃষ্টি কৰিবলৈ আহ্বান জনায় ৷ এই বিশেষ ডুডলৰ দ্বাৰা কৰ্মচাৰী আৰু অন্য লোকসকলেও এই অভিযানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব ৷

লগতে পঢ়ক: IB Issues High Alert : স্বাধীনতা দিৱসৰ উপলক্ষে দিল্লীৰ লগতে অন্যান্য ৰাজ্যত হাই এলাৰ্ট জাৰি ইন্টেলিজেন্স ব্যুৰোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.