IB Issues High Alert : স্বাধীনতা দিৱসৰ উপলক্ষে দিল্লীৰ লগতে অন্যান্য ৰাজ্যত হাই এলাৰ্ট জাৰি ইন্টেলিজেন্স ব্যুৰোৰ

author img

By

Published : Aug 4, 2022, 2:12 PM IST

IB issues high alert in Delhi and other States ahead of Independence Day

সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ উপলক্ষে দেশত কোনো কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহ’বলৈ দিল্লীৰ লগতে অন্যান্য ৰাজ্যসমূহত হাই এলাৰ্ট জাৰি ইন্টেলিজেন্স ব্যুৰোৰ (IB issues high alert in Delhi and other States)৷

নেশ্যনেল ডেস্ক, 4 আগষ্ট: সমাগত স্বাধীনতা দিৱস ৷ এইবাৰ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস পূৰ্বতকৈ অধিক উলহ মালহেৰে পালন কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বিভিন্ন আঁচনি হাতত লৈছে (Independence Day 2022) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি আজাদী কা অমৃত মহোৎসৱৰ অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in India) আয়োজন কৰিছে ।

প্ৰতিগৰাকী ভাৰতীয়ক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই আন্দোলনক আগবঢ়াই নিবলৈও মোডীয়ে দেশবাসীক আহ্বান জনায় । লগতে সকলোকে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত তেওঁলোকৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় ।

ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ উপলক্ষে দেশত কোনো কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহ’বলৈ দিল্লীৰ লগতে অন্যান্য ৰাজ্যসমূহত হাই এলাৰ্ট জাৰি ইন্টেলিজেন্স ব্যুৰোৰ (IB issues high alert in Delhi and other States)৷ আই বিয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰি কয় যে স্বাধীনতা দিৱসৰ ক্ষণত পাকিস্তানৰ আন্তঃ চোৰাংচোৱা সেৱা (আইএছআই)য়ে লস্কৰ ই তৈবা (Lashkar e Toiba) আৰু জইছ ই মহম্মদে (Jaish e Mohammad)বিধ্বংসী কাৰ্যকলাপ চলাবলৈ চেষ্টা কৰিব পাৰে ৷ ইয়াৰ লগতে দিল্লী আৰক্ষীক (Delhi police) ৰোহিংগীয়া আৰু আফগানি নাগৰিকসকলে বাস কৰা ঠাইসমূহৰ ওপৰত নজৰ ৰাখিবলৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে ৷

ইয়াৰ লগতে লস্কৰ-ই-খালছাৰ সদস্যসকলে জম্মু-কাশ্মীৰত ধ্বংসাত্মক প্ৰচেষ্টা চলাবলৈ চেষ্টা কৰাৰ আশংকা আছে ( Sabotage attempts in Jammu & Kashmir )৷ আই বিৰ প্ৰতিবেদনত জাপানৰ 8 জুলাইৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কয় যে শেহতীয়াকৈ প্ৰাক্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল (Former Japanese prime Minister killed by miscreants) । সেইবাবে আমি মৌলবাদী গোটসমূহৰ কাৰ্যকলাপো তীক্ষ্ণভাৱে নিৰীক্ষণ কৰাটো অত্যন্ত জৰুৰী ৷

লগতে পঢ়ক: Har Ghar Tiranga Mission: কলগাছিয়াত ৭৫তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিশেষ গাঁওসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.