ETV Bharat / bharat

himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু

author img

By

Published : Jul 9, 2023, 12:07 PM IST

Updated : Jul 9, 2023, 12:44 PM IST

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে হিমাচল প্ৰদেশৰ 7 খন জিলাৰ বাবে জাৰি কৰে ৰেড এলাৰ্ট ৷ প্ৰৱল বৰষুণৰ সতৰ্কবাণী ।

Flash flood landslide hit Lahaul and Spiti
7 খন জিলাৰ বাবে ৰেড এলাৰ্ট

নেশ্যনেল ডেস্ক, 9 জুলাই : হিমাচল প্ৰদেশৰ চিমলা জিলাৰ পানেৱালী গাঁৱত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ঘৰ ভাগি 3 গৰাকীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ইতিমধ্যে হিমাচলৰ 7 খন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে ৰেড এলাৰ্ট জাৰি কৰি প্ৰবল বৰষুণৰ সম্ভৱনাৰ কথা প্ৰকাশ কৰে । দেওবাৰৰ পুৱতি নিশা লাহাউল আৰু স্পিতিৰ গ্ৰামফু গাঁও আৰু চোটা ধৰা অঞ্চলত বানপানী আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ লাহাউল স্পিটিয়ে জনোৱা মতে, গ্ৰামফুৰ পৰা ছোটা ধৰালৈকে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা AEC BRO 94 RCC, NH 505 (Sumdo Kaza-Gramphu)ৰ কাষেৰে কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷ ৰাজ্যখনৰ জৰুৰীকালীন সঞ্চালন চেণ্টাৰ (HPSEOC)ৰ আনুষ্ঠানিক এক বিবৃতিযোগে ভূমিস্খলনৰ ফলত পথত আৱদ্ধ হৈ পৰা 30 জনীয়া কলেজীয়া শিক্ষাৰ্থীৰ এটা দলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে । স্পিটিৰ পৰা মানালীলৈ ভৱনা ট্ৰেভেলাৰৰ দুখন বাছত কলেজীয়া শিক্ষাৰ্থীসকলে আহি থাকোতে আৱদ্ধ হৈ পৰা বুলি কয় বিবৃতিখনত ৷

ৰাজ্যখনৰ মাণ্ডী আৰু কুল্লু অঞ্চলত ধাৰাবাহিকভাৱে প্ৰচণ্ড বৰষুণৰ মাজতে অব্যাহত আছে ব্যাস নদীৰ ধুমুহা । ভূমিস্খলনৰ বাবে মাণ্ডীৰ পৰা কুল্লু অভিমুখে 3 নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে । ইফালে, ধাৰাষাৰ বৰষুণ আৰু পৰৱৰ্তী সময়ত বিভিন্ন স্খলন আৰু পানী জমা হোৱাৰ বাবে দেওবাৰে শিমলা-কলকা ৰে’লপথত ৰে’লৰ চলাচল বাতিল কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

দেওবাৰে পুৱা বিয়াছ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ঘৰত আৱদ্ধ হৈ থকা ছয়জন লোককো নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে হিমাচল প্ৰদেশৰ 7 খন জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি অহা 8 আৰু 9 জুলাইত প্ৰবল বৰষুণৰ সতৰ্কবাণী প্ৰকাশ কৰিছে । আই এম ডিয়ে এক বিবৃতিত পশ্চিমৰ প্ৰভাৱত 8 আৰু 9 জুলাইত চাম্বা, কাংগ্ৰা, কুল্লু, মাণ্ডী, উনা, হামিৰপুৰ আৰু বিলাসপুৰ জিলাৰ বিভিন্ন স্থানত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা ৷

লগতে পঢ়ক : Minister Keshab Mahanta at Rangia: ফলাফল ঘোষণাৰ দিনাই চিকিৎসকক প্ৰদান কৰা হ’ব নিযুক্তি - স্বাস্থ্যমন্ত্ৰী

Last Updated :Jul 9, 2023, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.