ETV Bharat / state

Minister Keshab Mahanta at Rangia: ফলাফল ঘোষণাৰ দিনাই চিকিৎসকক প্ৰদান কৰা হ’ব নিযুক্তি - স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Jul 9, 2023, 11:31 AM IST

Minister Keshab Mahanta at Rangia model hospital
ৰঙিয়া আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ৰঙিয়া আদৰ্শ চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ পৰিদৰ্শন কালত কৃষি মন্ত্ৰীও উপস্থিত আছিল চিকিৎসালয়খনত ৷

ৰঙিয়া আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ৰঙিয়া, 9 জুলাই : এতিয়াৰে পৰা পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই নিযুক্তি প্ৰদান কৰা হ’ব চিকিৎসকক- শনিবাৰে ৰঙিয়া আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই ৰঙিয়া আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰথমে চিকিৎসালয়খনত থকা বিনামূলীয়া ডায়েলাইচিচ কেন্দ্ৰটো পৰিদৰ্শন কৰে । কেন্দ্ৰটোৰ চিকিৎসা কৰ্মীসকলৰ লগতে ৰোগীৰ সৈতে মত বিনিময় কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ অভাৱ-অভিযোগ সম্পৰ্কে বুজ লয় ।

Minister Keshab Mahanta at Rangia model hospital
ৰঙিয়া আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

তেওঁ লগতে চিকিৎসালয়খনত নতুনকৈ নিৰ্মাণ হোৱা আই চি ইউ কেন্দ্ৰটোও পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত চিকিৎসালয়খনৰ কৰ্মচাৰীসকলৰ লগতে চিকিৎসালয়খনত নতুনকৈ যোগদান কৰা চিকিৎসকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে । পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়বোৰত চিকিৎসকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা বিজ্ঞানৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি স্থানীয় সংবাদ কৰ্মীৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ বহু অভাৱ-অভিযোগ সম্পৰ্কে অৱগত হয় ।

চিকিৎসালয়খনত ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ হোৱাৰ বিপৰীতে দীৰ্ঘদিন ধৰি বিকল হৈ আছে চিকিৎসালয়খনৰ জেনেৰেট সেৱাও ৷ ইয়াৰোপৰি আন বহু অসুবিধাৰ বিষয়ে সংবাদ কৰ্মীসকলে মন্ত্ৰী গৰাকীক অৱগত কৰোৱায় । মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে এই সমস্যাসমূহৰ সন্দৰ্ভত স্থানীয় বিধায়ক ভৱেশ কলিতাৰ লগতে বিভাগীয় বিভাগৰ লগত আলোচনা কৰি সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ৰঙিয়াবাসীক প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.