ETV Bharat / bharat

US-led transport project: চীনৰ গোলকীয় আন্তঃগাঁথনি উন্নয়ন কৌশলক প্ৰত্যাহ্বান জনাব নেকি আমেৰিকাৰ নতুন যোগাযোগ প্ৰকল্পই ?

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:58 PM IST

US-led transport project
US-led transport project

ভাৰতক পশ্চিম এছিয়া আৰু ইউৰোপৰ সৈতে সংযোগ কৰাৰ বাবে এক নতুন প্ৰকল্প গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ বাবে জি-20 সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, চৌদি আৰৱ আৰু UAEৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ৷

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: ভাৰতক পশ্চিম এছিয়া আৰু ইউৰোপৰ সৈতে সংযোগ কৰা নতুন ৰে’লৱে আৰু জাহাজ প্ৰকল্পৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, চৌদি আৰৱ আৰু UAEৰ মাজত চুক্তি জি-20 সন্মিলনত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আৰু UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান সম্প্ৰতি নতুন দিল্লীত উপস্থিত আছে ৷

হোৱাইট হাউচৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰৰ মতে, জি-20 সন্মিলনৰ সময়ত অনুষ্ঠিত হ’বলগীয়া গোলকীয় আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া এখন বৈঠকত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি আশা কৰা হৈছে ৷ ‘‘এই চুক্তিয়ে নিম্ন আৰু মধ্য আয়ৰ দেশসমূহক লাভান্বিত কৰিব আৰু বিশ্বব্যাপী বাণিজ্যত মধ্য প্ৰাচ্যৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব,’’ ফাইনাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

Axios.comৰ মতে এই প্ৰকল্পটো হৈছে মধ্য প্ৰাচ্যত চীনৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে হোৱাইট হাউছে আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ মধ্য প্ৰাচ্য হৈছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ পেট বেল্ট এণ্ড ৰোড ইনিছিয়েটিভ (Pet Belt and Road Initiative)ৰ এক গুৰুত্বপূৰ্ণ অংশ ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এই প্ৰকল্পটোৱে লেভাণ্ট আৰু উপসাগৰৰ (Levant and the Gulf) আৰৱ দেশসমূহক ৰে’লৱে-জাহাজৰ জৰিয়তে সংযোগ কৰিব বুলি আশা কৰা হৈছে ৷ এই নতুন পদক্ষেপ I2U2 ৰাষ্ট্ৰসমূহৰ মাজৰ কেইবালানীও আলোচনাৰ ফলাফল ৷ I2U2 ব্লকত ভাৰত, ইজৰাইল, আমেৰিকা যুক্তৰাজ্য আৰু UAE আছে ৷

যদি প্ৰকল্পটো ফলপ্ৰসূ হয়, নতুন দিল্লী যথেষ্ট লাভান্বিত হ’ব ৷ কিয়নো আৰম্ভণিৰ পৰাই, ভাৰতে চীনৰ বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ প্ৰকল্পৰ (BRI) বিৰোধিতা কৰি আহিছে ৷

BRI হৈছে 150 খনতকৈও অধিক দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনত বিনিয়োগ কৰিবলৈ 2013 চনত চীনা চৰকাৰে গ্ৰহণ কৰা এক গোলকীয় আন্তঃগাঁথনি উন্নয়ন কৌশল । ইয়াক ঝি জিনপিঙৰ বৈদেশিক নীতিৰ কেন্দ্ৰবিন্দু বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক: G20 Summit in Delhi : দিল্লী জি২০ ঘোষণাপত্ৰত সহমত সৃষ্টি; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.