ETV Bharat / bharat

G20 Summit in Delhi : দিল্লী জি২০ ঘোষণাপত্ৰত সহমত সৃষ্টি; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:57 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে নতুন দিল্লী জি-২০ নেতৃত্ব ঘোষণা-পত্ৰৰ ক্ষেত্ৰত সহমত সৃষ্টি হৈছে ।

G20 Summit in Delhi
G20 Summit in Delhi

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : ভাৰতৰ সভাপতিত্বত জি-২০ৰ শীৰ্ষ সন্মিলনৰ মজিয়াত দেশৰ বাবে এক ডাঙৰ বিজয় দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে এটা ভাল খবৰ আছে । নতুন দিল্লী জি-২০ নেতৃত্ব ঘোষণা-পত্ৰৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ সহমত সৃষ্টি হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ সন্মিলনত নতুন দিল্লী জি-২০ নেতৃত্ব ঘোষণা-পত্ৰ গ্ৰহণকৰাৰ কথাও ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে যুটীয়া ঘোষণা সম্ভৱ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবে জি-২০ৰ প্ৰতিনিধি, মন্ত্ৰী আৰু সকলো বিষয়াক ধন্যবাদ জ্ঞাপন কৰে ।

ইউক্ৰেইন সংকটৰ সন্দৰ্ভত ফলাফল ডকুমেণ্টৰ ওপৰত দীঘলীয়া সময়ৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ পিছত এই ঐকমত্য আহে । উল্লেখ্য যে ৰাষ্ট্ৰীয় ৰাজধানীৰ ভাৰত মণ্ডপমত আৰম্ভ হোৱা জি-২০ সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনককে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত আছে ।

পিছত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে জি-২০ ঘোষণা-পত্ৰত শক্তিশালী বহনক্ষম সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে । লগতে এক সেউজ বহনক্ষম পথৰো পৰিকল্পনা কৰা হৈছে বুলি তেওঁ কয় । আনহাতে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু জি-২০ প্ৰতিনিধি অমিতাভ কান্তক কাষত লৈ জয়শংকৰে সাংবাদিকৰ আগত কয় যে জি-২০য়ে ভাৰতক 'world-ready' আৰু 'world India-ready' কৰি তোলাত অৰিহণা যোগাইছে ।

"জি-২০ ঘোষণা-পত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দি প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু সামগ্ৰিক ভূমিকাৰ ওপৰত আলোকপাত কৰা হৈছে ।" এছ জয়শংকৰে লগতে কয় ।

আনহাতে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ জি-২০ সভাপতিত্বই এক সমাধান সূত্ৰ প্ৰস্তুত কৰিছে, যিটো প্ৰতিজন সদস্যত প্ৰতিধ্বনিত হয় আৰু যিয়ো সকলোৰে বাবে এক অংশীদাৰী পথ আগবঢ়ায় ।

উল্লেখ্য যে নতুন দিল্লী ঘোষণা-পত্ৰত ৮৩ টা অধ্যায় আছে, যাৰ প্ৰস্তাৱনা নাই । জি-২০ প্ৰতিনিধি অমিতাভ কান্তে উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে অমিতাভ কান্তে কৈছিল যে সকলো উন্নয়নমূলক আৰু ভূ-ৰাজনৈতিক বিষয়ত ১০০ শতাংশ সহমত সৃষ্টি কৰা হৈছে । "নতুন ভূ-ৰাজনৈতিক অধ্যায়বোৰ আজিৰ বিশ্বত গ্ৰহ, মানুহ, শান্তি আৰু সমৃদ্ধিৰ বাবে এক শক্তিশালী আহ্বান । বৰ্তমানৰ বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব প্ৰদৰ্শন কৰিছে ।" কান্তে এক্সত (পূৰ্বৰ টুইটাৰ) এটা বাৰ্তাত এনেদৰে পোষ্ট কৰিছে ।

  • Historical & Path breaking #G20 Declaration with 100% consensus on all developmental and geo-political issues. The new geopolitical paras are a powerful call for Planet, People, Peace and Prosperity in todays world . Demonstrates PM @narendramodi leadership in today’s world.

    — Amitabh Kant (@amitabhk87) September 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কান্তে জি-২০ ঘোষণাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ শক্তিশালী, বহনক্ষম, সন্তুলিত আৰু সামগ্ৰিক বিকাশ হিচাপে নিৰ্ধাৰণ কৰিছে । সেয়া হৈছে বহনক্ষম উন্নয়ন লক্ষ্য প্ৰগতি ত্বৰান্বিত কৰা; এক বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ উন্নয়ন চুক্তি; একবিংশ শতিকাৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠান আৰু বহুপাক্ষিকতাক পুনৰুজ্জীৱিত কৰা ।

কান্তে লগতে কয় যে এইটো জি-২০ সভাপতিত্বৰ ইতিহাসত আটাইতকৈ উচ্চাকাংক্ষী আছিল । ১১২ টা ফলাফল আৰু সভাপতিত্ব নথিপত্ৰৰ সৈতে আমি পূৰ্বৰ সভাপতিসকলতকৈ তিনিগুণতকৈও বেছি কাম কৰিছোঁ । তেওঁ টুইট কৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ নেতাসকলক 'গোলকীয় বিশ্বাসৰ ঘাটি'ক 'বিশ্বাস আৰু আত্মবিশ্বাস'লৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনাই সন্মিলনখন উদ্বোধন কৰে । তেওঁ জি-২০ত আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্যপদ প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক :G20 summit : ভাৰতৰ বাণিজ্যিক উন্নয়নৰ বাবে বাইডেন আৰু মোদীৰ বিশেষ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.