ETV Bharat / bharat

ছত্তিশগড়ত সহকৰ্মীৰ গুলীত প্ৰাণ হেৰুৱালে ৪ চিআৰপিএফ জোৱানে

author img

By

Published : Nov 8, 2021, 10:47 AM IST

Four Central Reserve Police Force jawans killed
ছত্তিশগড়ত সহকৰ্মীৰ গুলীত প্ৰাণ হেৰুৱালে ৪ জন চিআৰপিএফ জোৱানে

দীপাৱলীৰ সময়ত ছুটী নোপোৱাক লৈ ক্ষোভ । সহকৰ্মীৰ ওপৰতে নিৰ্বিচাৰ গুলীচালনা চিআৰপিএফ জোৱানৰ । গুলীচালনাত প্ৰাণ হেৰুৱালে ৪ জন চিআৰপিএফ জোৱানে । আহত হ'ল ৩ জন জোৱান ।

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: ছত্তিশগড়ৰ চুকমা জিলাৰ লিংগালাপল্লীস্থিত চিআৰপিএফৰ ৫০ বেটেলিয়নৰ শিবিৰত গুলীচালনা কৰিলে খোদ চিআৰপিএফ জোৱানে । সহকৰ্মীৰ গুলীত নিহত হ'ল ৪ জন জোৱান আৰু আহত হ'ল ৩ জন জোৱান । সোমবাৰে পুৱা তেলেংগানা-ছত্তিশগড় সীমান্তত থকা শিবিৰটোত এই ঘটনা সংঘটিত হয় । দীপাৱলীৰ সময়ত ছুটী নোপোৱাক লৈ বিবাদ হোৱাৰ পাচতে চি আৰ পি এফ জোৱানজনে এনেদৰে সহকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

এই ঘটনাৰ পাচতে আহত জোৱানসকলক ততাতৈয়াকৈ তেলেংগানাৰ ভদ্ৰাচলমত থকা এখন চিকিৎসালয়লৈ নিয়া হয় । চিকিৎসাধীন হৈ থকা জোৱানকেইজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিছে । ইফালে, গুলীচালনা কৰা জোৱানজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

আতৰ্কিতে হোৱা এই আক্ৰমণত জোৱানসকলে নিজৰ সুৰক্ষাৰ বাবে কোনো সুযোগেই পোৱা নাছিল । খঙৰ ভমকতে জোৱানজনে এনেদৰে গুলীচালনা কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচনৰ বাবে 821 খন মনোনয়নক বৈধতা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.