ETV Bharat / bharat

ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচনৰ বাবে 821 খন মনোনয়নক বৈধতা প্ৰদান

author img

By

Published : Nov 7, 2021, 7:12 PM IST

25 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ শুকুৰবাৰে নিৰ্বাচনী আয়োগে পৰীক্ষা কৰে ৷ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত আয়োগে ইয়াৰে 821 খনক বৈধ বুলি ঘোষণা কৰে ৷ আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 8 নৱেম্বৰ ।

821 nominations found valid for cvici body election in Tripura
ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচনৰ 821 খন মনোনয়নলৈ বৈধতা প্ৰদান

নিউজ ডেস্ক, 7 নৱেম্বৰ : ত্ৰিপুৰাৰ নগৰ পালিকা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ 821 খনক বৈধ বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ 25 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচন ৷ আগৰতলা পৌৰ নিগম (এ এম চি), 13 খন পৌৰ পৰিষদ আৰু 6 খন নগৰ পঞ্চায়তকে ধৰি 20 খন পৌৰ পৰিষদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ 20 খন পৌৰ পৰিষদৰ মুঠ আসনৰ সংখ্যা 334 খন ৷ নিৰ্বাচনৰ ফলাফল 28 নৱেম্বৰত ঘোষণা কৰা হ'ব ৷ শাসকীয় বিজেপিয়ে 334 খন আসনতে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ আনহাতে বিৰোধী চি পি আই (এম)2 খন আসনত, চি পি আইয়ে 6 খন আসনত, এ আই এফ বিয়ে 5 খন আসনত, আৰ এছ পিয়ে 2খন আসনত, তৃণমূল কংগ্ৰেছে 124 খন আসনত, কংগ্ৰেছে 100 খন আসনত আৰু 29 জনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

উল্লেখ্য যে, ত্ৰিপুৰাৰ নগৰ পালিকা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল 3 নৱেম্বৰ, 5 নৱেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 8 নৱেম্বৰ । ইয়াৰ পূৰ্বে, চি পি আই এমৰ ৰাজ্যিক সমিতিয়ে বিজেপি সমৰ্থিত গুণ্ডা বাহিনীৰ বাবে দলটোৱে 5 খন পৌৰ পৰিষদত মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে ।

লগতে পঢ়ক : BJP ৰ গুণ্ডা বাহিনীৰ বাবেই CPIM দলে দাখিল কৰিব নোৱাৰিলে নেকি মনোনয়ন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.