চতুৰ্থ মৃত্যু বাৰ্ষিকীত সুশান্ত সিং ৰাজপুতক স্মৰণ অংকিতাৰ - ankita lokhande remembers SSR
Sushant Singh Rajput 4th Death Anniversary: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আগেয়ে নেদেখা ছবি এখন পোষ্ট কৰি অংকিতা লোখাণ্ডেই তেওঁক চতুৰ্থ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰে ৷

Published : June 14, 2024 at 4:22 PM IST
চিটাৰা ডেস্ক, 14 জুন : অংকিতা লোখাণ্ডে জৈনে সুশান্ত সিং ৰাজপুতৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত তেওঁৰ পোহনীয়া কুকুৰ ফাজৰ সৈতে প্ৰয়াত অভিনেতাগৰাকীৰ এখন ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীক স্মৰণ কৰে । কল হো না হো ৰ "হাৰ্টবিট" ৰ সুৰৰ সৈতে অংকিতাই এই ফটোখন শ্বেয়াৰ কৰে ৷
প্ৰিয় অভিনেতাজনৰ কথা স্মৰণ কৰি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অংকিতাই । জনপ্ৰিয় ধাৰাবাহিক পবিত্ৰ ৰিস্তাত সহ-অভিনয় কৰা আৰু ২০১০ চনৰ পৰা ২০১৬ চনলৈকে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা প্ৰাক্তন যুটিটোৱে পৃথক হোৱা স্বত্বেও ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছিল ।
২০২০ চনৰ ১৪ জুনত সুশান্তৰ কৰুণ মৃত্যুৱে সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছিল ৷ সুশান্তৰ মৃত্যুৰ ফলত অনুভৱ হোৱা শূন্যতা আজিও পূৰ হোৱা নাই, আগলৈয়ো নহয় । বহু জল্পনা-কল্পনা আৰু অনুসন্ধানৰ মাজতে তেওঁৰ দেউতাকে সুশান্তৰ বিশ্বস্ত সংগী ফাজক বিহাৰৰ পাটনালৈ লৈ যায়, য'ত নিষ্ঠাৱান পোহনীয়া জন্তুটোৱে তেওঁৰ প্ৰিয় মাষ্টাৰৰ সৈতে পুনৰ একেলগ হোৱা পূৰ্বে আৰু তিনি বছৰ অতিবাহিত কৰিছিল । সুশান্তৰ মৃত্যুৰ পিচতে চাৰিওফালৰে পৰা ন্যায়ৰ দাবী উত্থাপিত হয়, যাৰ ফলত চিবিআইৰ এক তদন্ত আৰম্ভ হয় ।
আনহাতে ব্যক্তিগত জীৱনত, অংকিতাই ব্যৱসায়ী বিকি জৈনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷ বিগ বছ 17 ত তেওঁলোকৰ অংশগ্ৰহণৰ সময়ত সকলোৱে তেওঁলোকৰ বৈবাহিক জীৱন লৈ উদ্বিগ্ন হৈ পৰিছিল, কিয়নো শ্ব’টোত দুয়োৰে মাজত বহু তৰ্ক-বিতৰ্ক হৈছিল । শেহতীয়াকৈ, অংকিতাই ৰণদ্বীপ হুড্ডাৰ সৈতে স্বতন্ত্ৰতা বীৰ সাভাৰকাৰ চলচ্চিত্ৰত তেওঁৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰে ৷ জীৱনীমূলক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল অংকিতাই ।
আজিৰ দিনটোত সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ছ’চিয়েল মিডিয়াত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি চিৰদিনীয়া যন্ত্ৰণা আৰু উত্তৰবিহীন প্ৰশ্ন ব্যক্ত কৰে । ঠিক তেনেদৰে সুশান্তৰ ঘনিষ্ঠ বন্ধু মহেশ শ্বেট্টীয়ে অগণন অনুৰাগীৰ হৈ ন্যায়ৰ আহ্বান জনায় । তেওঁৰ মৰ্মস্পৰ্শী প্ৰশ্নটো আছিল, "আৰু কিমান দিন ?"
লগতে পঢ়ক : আজিও নাজানে পৰিয়ালে সেইদিনা কি ঘটিছিল - sushant death anniversary

