ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

author img

By

Published : Sep 5, 2022, 6:36 PM IST

জম্মু কাশ্মীৰৰ ছৌপিয়ানত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী (Encounter breaks out in Shopian) ৷ সেনা বাহিনীৰ যুটীয়া দলটোৱে সন্দেহজনক স্থানৰ ফালে তালাচী তীব্ৰতৰ কৰি তুলিছিল ৷ ইয়াৰ পিছতে উগ্ৰপন্থীয়ে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে ৷

Encounter started in Shopian
Encounter started in Shopian

নেশ্যনেল ডেস্ক, 5 ছেপ্টেম্বৰ: জম্মু কাশ্মীৰৰ ছৌপিয়ানত পুনৰ সেনা আৰু সন্ত্ৰাসবাদী মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Encounter breaks out in Shopian) ৷ সোমবাৰে দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাৰ বাস্কুচান গাঁৱত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় ৷

কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰে যে, শ্বপিয়ানৰ বাস্কুচান অঞ্চলত এনকাউণ্টাৰ কৰা হৈছে (Kashmir Zone Police tweeted) । আৰক্ষী আৰু সুৰক্ষা বাহিনী নিয়োজিত হৈ আছে ৷ পৰৱৰ্তী তথ্য এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই ৷

প্ৰাৰম্ভিক তথ্য প্ৰদান কৰি এজন আৰক্ষী বিষয়াই কয় যে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত আৰক্ষী, সেনা আৰু চিআৰপিএফৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে (Militants launched a search operation)। সেনা বাহিনীৰ যুটীয়া দলটোৱে সন্দেহজনক স্থানৰ ফালে তালাচী তীব্ৰতৰ কৰি তুলিছিল ৷ ইয়াৰ পিছতে সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰিছিল ৷

নিজৰ প্ৰাণ ৰক্ষাৰ বাবে উপায়ন্তৰ হৈ নিৰাপত্তাৰক্ষীৰ দলটোৱে গুলীচালনা কৰে ৷ অঞ্চলটোত দুই বা তিনিজন সন্ত্ৰাসবাদী আছে বুলি সেনাবাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এই সংঘৰ্ষত এতিয়ালৈ দুয়োপক্ষৰে কোনো হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এজন সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.