ETV Bharat / bharat

Encounter in Shopian : দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত পুনৰ সংঘৰ্ষ

author img

By

Published : Dec 8, 2021, 9:15 AM IST

শ্বপিয়ান জিলাৰ চেক-ই-চোলেণ্ডত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ(Encounter in Shopian) ৷ কাশ্মীৰ আৰক্ষীয়ে সদৰী কৰিছে এই কথা ৷

শ্বপিয়ানত পুনৰ সংঘৰ্ষ
শ্বপিয়ানত পুনৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চেক-ই-চোলেণ্ড অঞ্চলত পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ (Encounter in Shopian) ৷ মঙলবাৰে পুৱা এই তথ্য নিশ্চিত কৰে কাশ্মীৰ আৰক্ষীয়ে ৷

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰে ৷ মূহুৰ্ততে নিৰাপত্তাৰক্ষীৰ এক বৃহৎ দলে অঞ্চলটো ঘেৰি ধৰি চলাই অভিযান ৷ ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ সন্ত্ৰাসবাদীসকলে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক দেখা মাত্ৰকে গুলীচালনা কৰিবলৈ ধৰে ৷ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীসকলেও গুলীচালনা কৰে ৷

বৰ্তমানলৈকে এই সংঘৰ্ষত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷

লগতে চাওক: ভাৰত-পাক সীমান্তত পাকিস্তানী মাতৃয়ে জন্ম দিলে ব’ৰ্ডাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.