ETV Bharat / bharat

পুলৱামাত এনকাউণ্টাৰ: এলইটিৰ কামাণ্ডাৰসহ তিনি উগ্ৰপন্থী নিহত

author img

By

Published : Jul 14, 2021, 7:31 AM IST

Updated : Jul 14, 2021, 10:48 AM IST

encounter in pulwama
পুলৱামাত পুৱাই এনকাউণ্টাৰ

বুধবাৰে পুৱাই জম্মু আৰু কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰ ৷ কাশ্মীৰ জ'ন(Kashmir Zone)ৰ আৰক্ষীয়ে টুইটযোগে এই কথা সদৰী কৰিছে ৷

নেশ্যনেল ডেস্ক, 14 জুলাই: বুধবাৰে পুৱাৰ ভাগতে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত এক এনকাউণ্টাৰ সংঘটিত হৈছে ৷ কাশ্মীৰ জ'ন(Kashmir Zone)ৰ আৰক্ষীয়ে এই কথা সদৰী কৰিছে ৷ এনকাউণ্টাৰ সংঘটিত হোৱাৰ কথা টুইটযোগে সদৰী কৰি আৰক্ষীয়ে এইবুলি কয়,"পুলৱামা চহৰত এনকাউণ্টাৰ আৰম্ভ হৈছে ৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কাম কৰি আছে(Encounter has started at Pulwama town. Police and security forces are on the job) ৷ "

পুলৱামাত এনকাউণ্টাৰ
পুলৱামাত এনকাউণ্টাৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত সংঘৰ্ষত লস্কৰ-ই-তৈবা(এলইটি)ৰ কামাণ্ডাৰসহ তিনিজন উগ্ৰপন্থী নিহত হৈছে ৷ এই সফলতাৰ বাবে নিৰাপত্তা বাহিনীক অভিনন্দন জনাই কাশ্মীৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে, "এলইটি ৰ কামাণ্ডাৰ আইজাজ ওৰফে আবু হুৰাইৰাৰ লগতে আন দুজন স্থানীয় উগ্ৰপন্থী নিহত হৈছে ।" জানিব পৰা মতে, এনকাউণ্টাৰ সংঘটিত হোৱা স্থানৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে গুলি-বাৰুদো উদ্ধাৰ কৰে ৷

পুলৱামাত এনকাউণ্টাৰ
পুলৱামাত এনকাউণ্টাৰ

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, উগ্ৰপন্থীসকল আৱদ্ধ হৈ থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে প্ৰথমে অঞ্চলটো ঘেৰাও কৰে ৷ ইয়াৰ পাচতে উগ্ৰপন্থীসকলৰ গুলীচালনাৰ প্ৰত্যুত্তৰ দি সেনাবাহিনীয়েও গুলীচালনা আৰম্ভ কৰে ৷ ইয়াৰ পূৰ্বে 10 জুলাইত জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত তিনিজন উগ্ৰপন্থী নিহত হৈছিল ৷

উল্লেখ্য যে, মঙলবাৰে আৰক্ষীয়ে সদৰী কৰা মতে, জম্মু আৰু কাশ্মীৰৰ কুলগাম জিলাৰ দামজান অঞ্চলত নিৰাপত্তাৰক্ষীয়ে এটা আইইডি উদ্ধাৰ কৰে ৷ অৱশ্যে পাচত আইইডিটো সুৰক্ষা বাহিনীয়ে নিস্ক্ৰিয় কৰে ৷ ইয়াৰ পূৰ্বে 27 জুনতো জম্মু আৰক্ষীয়ে এক বৃহৎ সাম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰে আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ কোনো সদস্যই জনবহুল এলেকাক লক্ষ্য কৰি লোৱা এটা আইইডি উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: পুলৱামাত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

Last Updated :Jul 14, 2021, 10:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.