ETV Bharat / bharat

Encounter in JK’s Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তা বাহিনীৰ

author img

By

Published : Aug 21, 2023, 8:33 AM IST

Encounter in JK’s Pulwama
পুলৱামাত গুলীচালনা

দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনাৰ ঘটনা । বৰ্তমানো শান্ত হোৱা উক্ত অঞ্চলটো ৷ ছ’চিয়েল মিডিয়াত কাশ্মীৰ মণ্ডলৰ এগৰাকী আৰক্ষীয়ে এই এনকাউণ্টাৰৰ তথ্য সদৰী কৰিছে ৷

নিউজ ডেস্ক, 21 আগষ্ট : জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত আকৌ গুলীচালনা ৷ দেওবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সূত্ৰপাত হয় এক সংঘৰ্ষৰ ৷ দেওবাৰৰ পৰা বৰ্তমান পৰ্যন্ত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদী গোটৰ মাজত চলি আছে এই গুলীচালনাৰ ঘটনা ৷ অৱশ্যে এতিয়ালৈকে কোনো লোক আহত বা নিহত হোৱাৰ খবৰ লাভ কৰা নাই ৷ এই কথা সদৰী কৰিছে আৰক্ষীয়ে ৷

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে X (পূৰ্বৰ টুইটাৰ)ত উল্লেখ কৰে, "পুলৱামাৰ লাৰ’-পৰিগাম অঞ্চলত গুলীচালনা আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজ নিজ কৰ্তব্য পালন কৰি আছে ৷ দুয়োপক্ষৰ পৰা কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই । এই গুলীচালনা সংঘটিত হোৱা স্থানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলক মোতায়ন কৰা হৈছে’’ ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহতো আৰক্ষী আৰু সন্ত্ৰাসবাদী গোটৰ মাজত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ ফলত বাৰামুল্লাত সন্ত্ৰাসবাদী গোটৰ এজন নিহত হোৱাৰ বিপৰীতে ৰাজৌৰীৰ কাণ্ডি বনাঞ্চলত হোৱা গুলীচালনাত সেনাবাহিনীৰ পাঁচজন লোক শ্বহীদ হৈছিল । সঘনে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে । চলিত বৰ্ষৰ মে’ মাহতে G-২০ ৰ বৈঠকৰ মাজতে অনন্তনাগত ভাৰতীয় নিৰাপত্তা বাহিনীক গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে ।

নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াই উল্লেখ কৰে যে বৰ্তমান দক্ষিণ কাশ্মীৰত অব্যাহত আছে তালাচী অভিযান ৷ লগতে এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ কোৱাডকপ্টাৰ (Quadcopter) ব্যৱহাৰ কৰা হৈছে । কোৱাডকপ্টাৰ হৈছে এক বিশেষ ধৰণৰ ড্ৰোণ ।

এজন জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা মতে, সন্ত্ৰাসবাদীৰ এই গোটটো এতিয়াও দক্ষিণ কাশ্মীৰত আছে ৷ কিন্তু পীৰ পাঞ্জল পৰ্বতমালাৰ সিটো পাৰে যোৱা নাই এই দলটো । নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াগৰাকীয়ে কয়, ‘‘আমি আশাবাদী যে সন্ত্ৰাসবাদীয়ে পৰ্বতমালাটো পাৰ হোৱাৰ আগতেই আমি কৰায়ত্ত কৰিম । বনাঞ্চলৰ মাজেৰে সন্ত্ৰাসবাদীৰ সম্ভাব্য গতিবিধিৰ তথ্য পোৱাৰ পিচত সেনাবাহিনীয়ে উক্ত অঞ্চলটো ঘেৰাও কৰি চাৰ্চ অভিযান আৰম্ভ কৰিব’’ ।

চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজৌৰী-পুঞ্চত সংঘটিত আক্ৰমণৰ সৈতে শেহতীয়াকৈ কুলগামত সংঘটিত আক্ৰমণৰ বহু মিল আছে বুলিও বিষয়াগৰাকীয়ে কয় । নিৰাপত্তা বাহিনীৰ এজন শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে পীৰ পাঞ্জল পৰ্বতমালাৰ দুয়োকাষে ছয়ৰ পৰা আঠজনীয়া সন্ত্ৰাসবাদীৰ এটা দল বৰ্তমানেও সক্ৰিয় হৈ আছে ।

তেওঁ আৰু কয়, ‘‘এই গোটটোৰ বেছিভাগেই উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত বিদেশী সন্ত্ৰাসবাদীৰে গঠিত ৷ যাক দুই-তিনিটা স্থানীয় উগ্ৰপন্থীৰ দলে সমৰ্থন কৰি আছে । এই গোটটোত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী অন্তৰ্ভুক্ত হ’ব পাৰে ৷ এতিয়ালৈকে ফোন বা আন কোনো যোগাযোগৰ যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ ৰাডাৰ এৰাই চলিবলৈ সক্ষম হৈছে’’ ।

লগতে পঢ়ত : Chandrayaan-3: 23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-3য়ে; দ্বিতীয় ডিবুষ্টিং সফলতাৰে সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.