ETV Bharat / bharat

Chandrayaan-3: 23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-3য়ে; দ্বিতীয় ডিবুষ্টিং সফলতাৰে সম্পন্ন

author img

By

Published : Aug 20, 2023, 10:04 PM IST

মাজত মাত্ৰ তিনিদিন ! কি হ’ব বহু চৰ্চিত চন্দ্ৰযান-3 ! 23 আগষ্টত চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব বুলি আশা কৰিছে ISROৰ বিজ্ঞানীসকলে ৷

Chandrayaan 3
23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান 3য়ে

নিউজ ডেস্ক, 20 আগষ্ট: দিন হিচাপত মাজত মাত্ৰ তিনিটা দিন, ঘন্টাৰ হিচাপত 72 ঘন্টাতকৈ কম ৷ কি হ’ব চন্দ্ৰযান-৩ ! প্ৰতিজন ভাৰতবাসীৰ অজুত সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ উৰা মৰা, ভাৰতবাসীৰ বাবে সপোন সপোন লগা চন্দ্ৰযান-৩ মিছন সফলতাৰ দিশে আগবাঢ়িছে ৷ কঠিন প্ৰত্যাহ্বানৰ মাজেৰে শেষ পৰ্যায়ত উপনীত হওঁ হওঁ চন্দ্ৰযান-৩ ৷

বৰ্তমানৰ দৰে সঠিকভাৱে ISROৰ বিজ্ঞানীৰ নিয়ন্ত্ৰণ থাকে তেতিয়া হ’লে 23 আগষ্টৰ প্ৰায় 5 বাজি 45 মিনিটত চন্দ্ৰৰ নিৰ্ধাৰিত স্থানত অৱতৰণ কৰিব চন্দ্ৰযান-3 ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছুৰ বিজ্ঞানীসকলে ৷

এই অভিযান সফল হ’লে বিশ্ববাসীৰ সন্মুখত ভাৰতৰ মহাকাশত বিজ্ঞান জিলিক ৰ’ব ৷ উল্লেখ্য যে 2019 চনৰ চন্দ্ৰযান-২ৱে চন্দ্ৰপৃষ্ঠত ধীৰ গতিত অৱতৰণৰ সময়তে সংযোগ বিচ্ছিন্ন হৈছিল ৷ চন্দ্ৰযান-2 ধ্বংসস্তুপত পৰিণত হৈছিল ৷ এই বিফলতাৰ বাবে ভাৰতীয় বিজ্ঞানীসকলৰ মনোবল ভাঙি পৰিছিল ৷

কিন্তু চন্দ্ৰযান-2ৰ তিক্ত অভিজ্ঞতা বুটলি অধিক দায়বদ্ধতাৰে আৰু সুক্ষ্ম বিশ্লেষণেৰে চন্দ্ৰযান-3 মিছন আৰম্ভ কৰা হৈছে ৷ সেয়ে চন্দ্ৰযান-3য়ে সফলতা লাভ কৰিব বুলি আশা কৰিছে প্ৰতিজন ভাৰতবাসীয়ে ৷ সেই গৌৰৱময় মুহূৰ্তৰ বাবে অপেক্ষাৰত ISROৰ বিজ্ঞানীসকল ৷ যদি চন্দ্ৰযান-3য়ে সফলতা লাভ কৰে তেনে হলে ই হ’ব ভাৰতীয় মহাকাশ বিজ্ঞানীৰ বাবে মাইলৰ খুঁটি ৷

উল্লেখ্য যে আজি চন্দ্ৰযান-3ৰ দ্বিতীয় ডিবুষ্টিং সফলতাৰে সম্পন্ন কৰা হয় ৷ ডিবুষ্টিং এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা মহাকাশযানখনৰ গতি মন্থৰ কৰা হয় ৷

আনহাতে চন্দ্ৰযান-3ৰ প্ৰধান উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ, চন্দ্ৰত পানীৰ পৰীক্ষা কৰা ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা ৷ চন্দ্ৰপৃষ্ঠত প্ৰায় 15 দিন সক্ৰিয় ৰূপত থাকি বিভিন্ন তথ্য প্ৰেৰণ কৰিব চন্দ্ৰযান-3য়ে ৷ মাত্ৰ সফলতাপূৰ্বক বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণলৈ অপেক্ষাৰত ৷ ইফালে আজি ৰাছিয়াৰ লুনাৰ-25 য়ে সফলতা লাভ নকৰিলে ৷ লগে লগে যেন ভাৰতৰ চন্দ্ৰযান-3 অভিযানৰ সফলতালৈ প্ৰতিক্ষা কৰি আছে বিশ্ববাসীয়ে ৷

লগতে পঢ়ক:Chandrayaan 3 Moon Mission : চূড়ান্ত পৰ্যায়ত চন্দ্ৰ অভিযান; প্ৰপালচন আৰু লেণ্ডাৰ মডিউল পৃথকীকৰণৰ বাবে প্ৰস্তুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.