ETV Bharat / bharat

JEE Main পৰীক্ষাৰ তাৰিখ ঘোষণা

author img

By

Published : Jul 7, 2021, 9:24 AM IST

jee main exam date declared
JEE Main পৰীক্ষাৰ তাৰিখ ঘোষণা

ঘোষণা কৰা হ'ল JEE Main পৰীক্ষাৰ তাৰিখ ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ঘোষণা কৰিলে পৰীক্ষাৰ তাৰিখ ৷ JEE Mainৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা 20 জুলাইৰ পৰা পৰা 25 জুলাইলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে 27 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা ৷

নেশ্যনেল ডেস্ক, 7 জুলাই: সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল JEE Main পৰীক্ষাৰ তাৰিখ ৷ মঙলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে JEE Main পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে, 20 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত JEE Main পৰীক্ষাৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে 27 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷

পৰীক্ষাৰ বাবে আবেদনৰ সময়সীমাও শিক্ষামন্ত্ৰীগৰাকীয়ে বৃদ্ধি কৰিছে ৷ সেই অনুসৰি, তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে 6 জুলাইৰ পৰা 8 জুলাইৰ নিশা 11:50 বজালৈ আবেদন কৰিব পাৰিব ৷ একেদৰে চতুৰ্থ পৰ্যায়ৰ পৰীক্ষাৰ বাবে 9 জুলাইৰ পৰা 12 জুলাইৰ ভিতৰত পৰীক্ষাৰ্থীসকলে আবেদন কৰিব লাগিব ৷ আবেদনৰ বাবে পুনৰ তাৰিখ ঘোষণা কৰা ফলত এতিয়া পূৰ্বে বিশেষ কাৰণবশতঃ আবেদন কৰিব নোৱাৰাসকলে পুনৰ আবেদন কৰাৰ সুবিধা লাভ কৰিব ৷

লগতে পঢ়ক: দুভাগত বিভক্ত হ'ব CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাবৰ্ষ

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষা কেন্দ্ৰ সংখ্যা দুগুণ কৰা হৈছে ৷ মূলতঃ পৰীক্ষাৰ্থীৰ সুৰক্ষা আৰু ক'ভিড-19(COVID-19) প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ ক'ভিড-19 প্ৰতিৰোধ সম্পৰ্কীয় সকলো নিয়ম অনুসৰণ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ শিক্ষাৰ্থী আৰু সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাইছে ৷

লগতে পঢ়ক: ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল পৰীক্ষাৰ পৰা বঞ্চিত হ'ব নেকি অসমৰ ছাত্ৰ-ছাত্ৰী ?

মন কৰিবলগীয়া যে, JEE Mainৰ উক্ত দুটা পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত বহুতো চৰ্চা অব্যাহত আছিল ৷ ক'ভিড প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাটো আছিল ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(National Testing Agency)ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ৷ এই পৰীক্ষা এপ্ৰিল আৰু মে' মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে পিছুৱাব লগা হৈছিল ৷

এনটিএ(National Testing Agency)ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এই পৰ্যন্ত তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে 6:80 লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰাৰ পৰিৱৰ্তে চতুৰ্থ পৰ্যায়ৰ বাবে 6:9 লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে ৷ পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ৮ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.