ETV Bharat / bharat

Earthquake in jhajjar: নৱবৰ্ষক আদৰাৰ সময়তে হাৰিয়ানাত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি

author img

By

Published : Jan 1, 2023, 11:40 AM IST

নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে দিল্লী আৰু কাষৰীয়া অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ হয় (Earthquake tremors felt in Haryana) । ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা মতে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮ ৰিখটাৰ স্কেল ।

Earthquake in Jhajjar district of Haryana
দিল্লী আৰু কাষৰীয়া অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ

নেশ্য়নেল ডেস্ক, ১ জানুৱাৰী : নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ভূমিকম্পই জোকাৰি গ'ল হাৰিয়ানা,দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চল (Earthquake in Jhajjar district of Haryana) । হাৰিয়ানাৰ ঝাজ্জৰত ভূমিকম্পৰ কম্পন অনুভৱ হোৱাৰ বিষয়ে সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰই । ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য় মতে, শনিবাৰে নিশা ১.১৯ বজাত ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই এই অঞ্চলটো জোকাৰি যায় (Earthquake in Jhajjar) । ইয়াৰ অভিকেন্দ্ৰ হৈছে হাৰিয়ানাৰ ঝাজ্জৰত। ভূমিকম্পৰ গভীৰতা মাটিৰ পৰা ৫ কিলোমিটাৰ তলত আছিল বুলি উল্লেখ কৰা হৈছে ।জানিব পৰা মতে, এতিয়ালৈকে কোনো হতাহতহোৱাৰ তথ্য় লাভ কৰা হোৱা নাই ।

নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে ভূমিকম্পৰ কম্পন অনুভৱ হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় । উল্লেখ্য় যে, ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৯ নৱেম্বৰত দিল্লীত ৰিখটাৰ স্কেলত ২.৫ আৰু ১২ নৱেম্বৰত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল । ইয়াৰ পূৰ্বে ২০২২ চনৰ ১৯ অক্টোবৰত কাঠমাণ্ডুত ৫.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । এই ভূমিকম্পই উত্তৰ ভাৰতৰ বহু কেইখন চহৰকো কঁপাই তোলে ৷ ভাৰতৰ নতুন দিল্লীতো ইয়াৰ কম্পন অনুভৱ হৈছিল (Earthquake in Nepal and Delhi) ৷ নিশা প্ৰায় 1:57 বজাত অহা এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল (6.3 on Richter scale) ৷

ইপিনে যোৱা ৬ নৱেম্বৰত ভূমিকম্পই জোকাৰে উত্তৰাখণ্ডক (Uttarkashi earthquake) । ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডৰ তেহৰিত পুৱা ৮:৩৩ বজাত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । মনকৰিবলগীয়া যে, বিগত 2015 চনত নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু পোখৰা চহৰৰ মাজত প্ৰায় 7.8 ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল ৷ এই ভূমিকম্পৰ ফলত প্ৰায় 8,964 জন লোক নিহত হৈছিল ৷ ইফালে, ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৩১ জুলাইৰ পুৱা ৮.১৩ বজাত খোটাং জিলাৰ মাৰ্টিম বিৰতাৰ আশে-পাশে নেপালৰ কাঠমাণ্ডুৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত ৬.০ প্ৰাৱল্যৰ ভূমিকম্প হৈছিল ৷ এই আটাইকেইটা ভূমিকম্পত দিল্লীতো জোকাৰণিৰ সৃষ্টি হৈছিল ।

ইপিনে,ভূ-বিজ্ঞানীসকলে এই অঞ্চলটোত এক ডাঙৰ ভূমিকম্প হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে । বিজ্ঞানীসকলে এইবুলি উল্লেখ কৰিছে যে, দীৰ্ঘদিন ধৰি হিমালয় অঞ্চলৰ এই অংশত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই ।

উল্লেখ্য় যে, হিমালয়ৰ টেকটনিক প্লেটৰ পৰিৱৰ্তনৰ বাবে ইয়াত বেছিকৈ কম্পন হয় । হিমালয়ৰ তলত দিনে-নিশাই চলাচলৰ ফলত পৃথিৱীৰ ওপৰত চাপ বৃদ্ধি হোৱাত ভূমিকম্পৰ ৰূপ লয় । উত্তৰাখণ্ড অঞ্চলক কেন্দ্ৰীয় ভূমিকম্পৰ ব্যৱধান বুলিও জনা যায় । ১৯৯১ চনত উত্তৰকাশীত ৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । আনহাতে, ১৯৯৯ চনত চামোলীত ৬.৮ ৰিখটাৰ স্কেলত ভূমিকম্প হোৱাৰ পিছত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই । সেয়েহে বিজ্ঞানীসকলে এই অঞ্চলটোত ডাঙৰ ভূমিকম্প হ'ব পাৰে বুলি আশংকা কৰিছে ।

লগতে পঢ়ক:YEARLY HOROSCOPE FOR 2023: কেনে হ’ব আপোনাৰ বাবে ২০২৩ বৰ্ষ ? জানিবলৈ পঢ়ক বছৰটোৰ ৰাশিফল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.