ETV Bharat / bharat

লোহিত সাগৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন আমেৰিকা আৰু ভাৰত

author img

By PTI

Published : Jan 12, 2024, 12:32 PM IST

Red Sea attacks
লোহিত সাগৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন আমেৰিকা আৰু ভাৰত

লোহিত সাগৰত হুথি বিদ্ৰোহীৰ আক্ৰমণ অব্যাহত আছে (Red Sea attacks)। ভাৰত আৰু আমেৰিকাই এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । গাজা আক্ৰমণ আৰু ইউক্ৰেইন যুদ্ধক লৈও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু আমেৰিকাৰ বিদেশ সচিবৰ মাজত আলোচনা ।

নেশ্যনেল ডেস্ক,১২ জানুৱাৰী : লোহিত সাগৰত জাহাজৰ ওপৰত হুথি বিদ্ৰোহীৰ আক্ৰমণ অব্যাহত আছে । আনহাতে এই আক্ৰমণ প্ৰতিৰোধৰ বাবে আমেৰিকাৰ নৌসেনাই হুথি বিদ্ৰোহীৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আছে । এনে পৰিস্থিতিত ভাৰতেও হুথি আক্ৰমণৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে । ভাৰতৰ বৰ্ধিত সহযোগিতাক আমেৰিকাইও আদৰণি জনাইছে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে বৃহস্পতিবাৰে এই সন্দৰ্ভত মন্তব্য কৰে । দুয়োগৰাকীয়ে দক্ষিণ লোহিত সাগৰ আৰু এডেন উপসাগৰত হোৱা হুথি আক্ৰমণৰ ওপৰত আমেৰিকা আৰু ভাৰতৰ অংশীদাৰী উদ্বেগৰ বিষয়ে আলোচনা কৰে ।

ৰাজ্যিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে এক বিবৃতিত কয় যে ব্লিঙ্কেনে লোহিত সাগৰক এক মুখ্য বাণিজ্যিক কৰিডৰ বুলি গুৰুত্ব আৰোপ কৰে যি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধা প্ৰদান কৰে আৰু অঞ্চলটোত নৌ-চলাচলৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাক আদৰণি জনাইছে ।

জয়শংকৰ আৰু ব্লিঙ্কেনে ইজৰাইল-হামাছ সংঘৰ্ষ, প্ৰতিৰোধ বৃদ্ধি আৰু গাজাৰ সাধাৰণ লোকক মানৱীয় সাহায্য প্ৰদান বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে । বিবৃতিটোত কোৱা হৈছে যে ব্লিঙ্কেনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণৰ বিষয়েও আলোচনা কৰিছে । এক্সৰ এটা পোষ্টত জয়শংকৰে কয় যে তেওঁ ব্লিঙ্কেনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে ।

জয়শংকৰে কয় যে তেওঁলোকে বিশেষকৈ লোহিত সাগৰ অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । গাজাকে ধৰি পশ্চিম এছিয়াত চলি থকা পৰিস্থিতিৰ বিষয়েও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে । ভাৰতীয় নেতাগৰাকীৰ মতে তেওঁলোকে ইউক্ৰেইন সংঘৰ্ষ সম্পৰ্কীয় উন্নয়নৰ ওপৰতো দৃষ্টিভংগীৰ বিনিময় কৰিছে । জয়শংকৰে লগতে কয় যে ২০২৪ চনৰ বাবে ভাৰত আৰু আমেৰিকাৰ ব্যাপক সহযোগিতাৰ কাৰ্যসূচী উপলব্ধি কৰাৰ বাবে অপেক্ষা কৰি থকা আছে ।

লগতে পঢ়ক :য়েমেনত ইৰাণ সমৰ্থিত হুথিৰ বিৰুদ্ধে আমেৰিকা, ব্ৰিটিছ সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.