ETV Bharat / international

য়েমেনত ইৰাণ সমৰ্থিত হুথিৰ বিৰুদ্ধে আমেৰিকা, ব্ৰিটিছ সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:38 AM IST

য়েমেনত ইৰাণৰ সমৰ্থিত হুথিৰ ওপৰত আমেৰিকা, ব্ৰিটিছ সেনাৰ আক্ৰমণ ৷ হুথিৰ বিৰুদ্ধে আমেৰিকাৰ এইটো প্ৰথম সামৰিক অভিযান । হোৱাইট হাউছ আৰু বিভিন্ন ৰাষ্ট্ৰই হুথিসকলক আগ্ৰাসন বন্ধ কৰিবলৈ নহ’লে সম্ভাৱ্য সামৰিক ব্যৱস্থাৰ সন্মুখীন হ’বলৈ চূড়ান্ত সতৰ্কবাণী দিয়াৰ এসপ্তাহৰ পাছত এই সামৰিক আক্ৰমণ সংঘটিত হয় । আমেৰিকান বাহিনীক সঁকিয়নী হুথিৰ ৷

Houthi rebels
আমেৰিকান বাহিনীলৈ হাউথী গোটৰ সকিয়নী

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী: য়েমেনত ইৰাণৰ সমৰ্থিত হুথি বিদ্ৰোহী গোটৰ বিৰুদ্ধে বৃহস্পতিবাৰে আমেৰিকা, ব্ৰিটিছ সেনাই ব্যাপক প্ৰতিশোধমূলক আক্ৰমণ চলায় ৷ আমেৰিকাৰ কেইবাজনো বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, বৃহস্পতিবাৰে য়েমেনত ইৰাণৰ সমৰ্থিত হুথিয়ে ব্যৱহাৰ কৰা এক ডজনৰো অধিক স্থানত আমেৰিকা আৰু ব্ৰিটিছ সেনাই যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা ট’মাহক ক্ষেপণাস্ত্ৰ আৰু যুঁজাৰু বিমান ব্যৱহাৰ কৰি ব্যাপক প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল ।

সামৰিক লক্ষ্যসমূহৰ ভিতৰত আছিল ল’জিষ্টিক হাব, এয়াৰ ডিফেন্স চিষ্টেম আৰু অস্ত্ৰ সংৰক্ষণ স্থান । উল্লেখ্য যে, হোৱাইট হাউছ আৰু বহু অংশীদাৰী ৰাষ্ট্ৰই হুথিয়ে আক্ৰমণ বন্ধ নকৰিলে সম্ভাৱ্য সামৰিক ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি চূড়ান্ত সতৰ্কবাণী জাৰি কৰাৰ মাত্ৰ এসপ্তাহৰ পিছতে এই সমন্বিত সামৰিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য কৰা প্ৰয়োজন যে, সতৰ্কবাণীটো প্ৰকাশৰ পিচতে হুথিৰ আক্ৰমণ কেইবাদিন পৰ্যন্ত বন্ধ হৈ পৰে বুলি জানিব পৰা গৈছে । কিন্তু মঙলবাৰে হুথি গোটে লোহিত সাগৰত জাহাজ চলোৱাক লক্ষ্য কৰি ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰে আৰু ইয়াৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকা আৰু ব্ৰিটিছ জাহাজ আৰু আমেৰিকাৰ যুঁজাৰু বিমানে 18 খন ড্ৰ’ন, দুটা ক্ৰুজ মিছাইল আৰু এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷

বৃহস্পতিবাৰে হুথিয়ে এডেন উপসাগৰত জাহাজ বিধ্বংসী ব্যালিস্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰে ৷ এই ছবি এখন বাণিজ্যিক জাহাজে দেখা পাইছিল যদিও জাহাজখনত খুন্দা মৰা নাছিল । 19 নৱেম্বৰৰ পৰাই কেইবা ডজনো ড্ৰোন আৰু মিছাইলেৰে 27 বাৰকৈ আক্ৰমণ সংঘটিত কৰা হুথি গোটে বৃহস্পতিবাৰে য়েমেনত আমেৰিকান বাহিনীৰ যিকোনো আক্ৰমণে তীব্ৰ সামৰিক আক্ৰমণৰ সূচনা কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: আক্ৰমণ বন্ধ কৰিবলৈ হুথি বিদ্ৰোহী গোটক আমেৰিকাৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.