ETV Bharat / bharat

ত্ৰিপুৰাত ২ কোটি মূল্যৰ ড্ৰাগছ জব্দ বিএছএফৰ

author img

By

Published : Jul 7, 2022, 7:41 PM IST

a
a

ত্ৰিপুৰাৰ সীমান্ত সুৰক্ষা বাহিনীৰ ২ কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য জব্দ (Border Security Force in Tripura seized contraband items) । এক প্ৰেছ বিবৃতিত বিএছএফে জনায় যে বিএছএফ ত্ৰিপুৰাৰ দ্বাৰা চলোৱা বিশেষ ধাৰাবাহিক অভিযানত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্তৰ সিপাৰৰ পৰা হোৱা চোৰাং ব্যৱসায়ীসকলৰ বোআইনী পৰিকল্পনাক পৰাভূত কৰে ।

নিউজ ডেস্ক, ৭ জুলাই : ত্ৰিপুৰাৰ সীমান্ত সুৰক্ষা বাহিনীৰ ২ কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য জব্দ (Border Security Force in Tripura seized contraband items) । এক প্ৰেছ বিবৃতিত বিএছএফে জনায় যে বিএছএফ ত্ৰিপুৰাৰ দ্বাৰা চলোৱা বিশেষ ধাৰাবাহিক অভিযানত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্তৰ সিপাৰৰ পৰা হোৱা চোৰাং ব্যৱসায়ীসকলৰ বোআইনী পৰিকল্পনাক পৰাভূত কৰে ।

উল্লেখ্য, ত্ৰিপুৰাত বিএছফে নিৰন্তৰভাৱে ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা হৈ অহা নিষিদ্ধ দ্ৰব্যৰ চোৰাং সৰবৰাহৰ ওপৰত অভিযান চলাই আহিছে (trans-border Smugglers on Indo-Bangladesh International Border) । ইতিমধ্যে এই অভিযানত চোৰাং ব্যৱসায়ীৰ বহুকেইটা পৰিকল্পনা ব্যৰ্থ কৰাৰ লগতে বহুতো নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে বহু কেইজন চোৰাং সৰবৰাহকাৰী বিএছএফৰ জালত পৰিছে ।

বিএছএফ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰেও (BSF Tripura Frontier) দায়িত্বসহকাৰে উক্ত ক্ষেত্ৰৰ পৰা ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰীৰ বিপদৰ পৰা বচাবলৈ সমন্বিত প্ৰচেষ্টা চলাই আহিছে । উল্লেখ্য, নিৰ্দিষ্ট তথ্যৰ আধাৰত ৰাজ্যখনৰ উত্তৰ অঞ্চলৰ জিলা পানীসাগৰত এজন চোৰাংচোৱা বিষয়াই এক বিশেষ অভিযান চলায় । তেওঁক ধৰ্মনগৰৰ ৬৪ বেটেলিয়নৰ বিএছএফ আৰু ৰে'লৱে আৰক্ষী বাহিনীৰ এটা দলে সহযোগ কৰে ।

আনহাতে, ৬ জুলাইত কুমাৰঘাট ৰে'ল ষ্টেচনত শিলচৰৰ পৰা আগৰতলালৈ যোৱা ১৫৬৬৪ নম্বৰৰ ৰে'লখনৰ ডি-৫ দবাত পুংখানুপুংখ অনুসন্ধান চলায় । উক্ত অনুসন্ধানৰ সময়ত দলটোৱে এখন আসনৰ ওপৰৰ ৰেকৰ পৰা সেউজীয়া ৰঙৰ প্লাষ্টিকৰ মোনা এটাৰ পৰা দহ পেকেট চাবোনৰ কেছ এটা উদ্ধাৰ কৰে ।" প্ৰেছ বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে ।

বিএছএফ আৰু আৰপিএফ ৰ জোৱানসকলে প্ৰায় ৪৮৪ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে (BSF and RPF recovered 484 grams brown sugar) । "প্লাষ্টিকৰ মোনাটো সন্দেহজনক ব্যক্তি এজনে এৰি থৈ যায় । কিন্তু সন্দেহজনক লোকজন অন্য যাত্ৰীৰ ভিৰৰ সুবিধা লৈ পলাই যাবলৈ সক্ষম হয় । জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আনুমানিক মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় 2 কোটি টকা ।" বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে ।

বিএছএফে লগতে কয় যে আন এক অভিযানত 6 জুলাইত নিৰ্দিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই 15.5 কিলোগ্ৰাম গাঞ্জা, 362 বটল ফেঞ্চিডেল/এস্কুফ চিৰাপ আৰু 2 লাখ টকাৰ অন্যান্য নিষিদ্ধ সামগ্ৰী জব্দ কৰে (BSF seized 15.5 Kgs Ganja and 362 bottles Phensedyl) ।

লগতে পঢ়ক :উৎকোচৰ লোৱাৰ অভিযোগত পাৱাৰ গ্ৰিডৰ কাৰ্যবাহী সঞ্চালকসহ ৬ বিষয়াক গ্ৰেপ্তাৰ চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.