ETV Bharat / bharat

Noida Loot Murder : চিকিৎসকৰ কন্যাক হত্যা কৰি ২৫ লাখ ডকাইতি

author img

By

Published : Jul 18, 2023, 7:53 PM IST

Noida Loot Murder
Noida Loot Murder

ডঃ সুদৰ্শন বৈৰাগীৰ এগৰাকী ১৪ বছৰীয়া কন্যাক দিনৰ পোহৰত হত্যা কৰে আৰু নগদ ২৫ লাখ টকা লুট কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে ।

নিউজ ডেস্ক, ১৮ জুলাই : নয়ডাত দুৰ্বৃত্তৰ দুষ্কাৰ্য যথেষ্ট বৃদ্ধি পাইছে । তাৰ শেহতীয়া উদাহৰণ মঙলবাৰে এক লোমহৰ্ষক ডকাইতিৰ ঘটনা । আৰক্ষী থানা ইকোটেক-৩ এলেকাত সংঘটিত হয় এই ঘটনা । দুৰ্বৃত্তই দিন দুপৰতে এজন চিকিৎসকৰ ঘৰত প্ৰৱেশ কৰি ২৫ লাখ টকা লুট কৰে । কেৱল সিমানেই নহয়, ডকাইতৰ দলটোৱে চিকিৎসকজনৰ এগৰাকী নাবালিকা কন্যাকো হত্যা কৰে । ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে চিকিৎসকজনে আৰক্ষীক অৱগত কৰে । লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । ফৰেনচিক দলকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকলে ঘটনাটোৰ তদন্ত কৰি আছে । বৰ্তমান আৰক্ষীয়ে এজন পৰিচিত ব্যক্তিক নিজৰ জিম্মাত লৈ জেৰা কৰি আছে ।

ঘটনাটো গ্ৰেটাৰ নয়ডাৰ ইকোটেক-৩ আৰক্ষী থানাৰ পুৰানা সুতিয়ানা অঞ্চলৰ সৰস্বতী এনক্লেভত সংঘটিত হয় । ডঃ সুদৰ্শন বৈৰাগীয়ে তেওঁৰ পৰিয়ালৰ সৈতে ছেক্টৰ ১৪৭-ত বাস কৰে । জানিব পৰা মতে, ডঃ বৈৰাগীয়ে তেওঁৰ ১৪ বছৰীয়া কন্যাক ঘৰত অকলে থৈ পুৱা তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে ক্লিনিকলৈ গৈছিল । তেওঁ যেতিয়া আবেলি ঘৰলৈ উভতি আহে, তেতিয়া দেখে যে তেওঁৰ কন্যাৰ ডিঙিত চুন্নীৰে বান্ধি থোৱা আছে । তেওঁক ততাতৈয়াকৈ ফেলিক্স চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

ডঃ সুদৰ্শন বৈৰাগী মতে, তেওঁৰ ঘৰত থোৱা ২৫ লাখ টকাও নাই । মাত্ৰ কেইদিনমান পূৰ্বে তেওঁ এটা প্লট বিক্ৰী কৰিছিল । সেয়া তাৰেই টকা আছিল । আনহাতে, ঘৰৰ সকলো সামগ্ৰী সিঁচৰতি হৈ আছিল । পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ পৰিচিত এজন ব্যক্তিৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে । তেওঁক আৰক্ষীয়ে জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে ।

আনহাতে, ডিচিপি চেণ্ট্ৰেল অনিল যাদৱ আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কয় যে সকলোবোৰ বিষয়ৰ পুংখানুপুংখ অনুসন্ধান কৰা হৈছে । অভিযোগ লাভ কৰাৰ পিছত সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আগতীয়াকৈ আইনী ব্যৱস্থা লোৱা হৈছে । জানিব পৰা মতে, ডঃ বৈৰাগী প্ৰকৃততে মীৰাটৰ হস্তিনাপুৰৰ বাসিন্দা ।

লগতে পঢ়ক :Wrestlers sexual harassment case : ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.