ETV Bharat / bharat

Wrestlers sexual harassment case : ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান

author img

By

Published : Jul 18, 2023, 4:55 PM IST

আদালতৰ নিৰ্দেশনা অনুসৰি মঙলবাৰে ৰউজ এভিনিউ আদালতত হাজিৰ হয় ব্ৰীজ ভূষণ শৰণ সিং আৰু ফেডাৰেশ্যনৰ প্ৰাক্তন সম্পাদক বিনোদ তোমাৰ । আদালতে তেওঁক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । ২০ জুলাইত নিয়মীয়া জামিনৰ শুনানি গ্ৰহণ কৰা হ'ব ।

Wrestlers sexual harassment case
ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান

নেশ্যনেল ডেস্ক,১৮ জুলাই : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান আদালতৰ । মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত মঙলবাৰে ব্ৰীজ ভূষণে আদালতত হাজিৰ হৈছিল । আদালতে তেওঁক ২৫,০০০ টকাৰ ব্যক্তিগত বণ্ডত দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । নিয়মীয়া জামিনৰ শুনানি বৃহস্পতিবাৰে অৰ্থাৎ ২০ জুলাইত অনুষ্ঠিত হ'ব । তেওঁ অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং যশপালৰ আদালতত হাজিৰ হৈছিল ।

  • #WATCH | Former Wrestling Federation of India (WFI) chief and BJP MP Brij Bhushan Sharan Singh arrives at Rouse Avenue Court in Delhi.

    Court has summoned him today in connection with the case of sexual harassment allegations by wrestlers. pic.twitter.com/C5EOyiylLa

    — ANI (@ANI) July 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিং আৰু প্ৰাক্তন সম্পাদক বিনোদ তোমাৰক ৰউজ এভিনিউ আদালতে মাতি পঠিয়াইছিল । ১৮ জুলাইত অৰ্থাৎ আজি আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । ইয়াৰ পাছতে তেওঁ মঙলবাৰে আবেলি আদালতত হাজিৰ হয় । বগা ধুতি-কুৰ্তা আৰু ডিঙিত গামোচা লৈ ব্ৰীজ ভূষণ শৰণ সিঙে আদালত কক্ষত উপস্থিত হয় আৰু সেই সময়ত আদালত কক্ষও ভিৰ হৈ আছিল । তেওঁৰ প্ৰৱেশৰ পাছতে আৰক্ষীয়ে লোকসকলক আদালত কক্ষলৈ যোৱাত বাধা প্ৰদান কৰে ।

  • #WATCH | Former Wrestling Federation of India (WFI) chief and BJP MP Brij Bhushan Sharan Singh arrives at Rouse Avenue Court in Delhi.

    Court has summoned him today in connection with the case of sexual harassment allegations by wrestlers. pic.twitter.com/HtmREhc2P0

    — ANI (@ANI) July 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিশেষ ৰাজহুৱা অধিবক্তা অতুল শ্ৰীবাস্তৱৰ মতে অভিযোগনামাখন আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬(১) ধাৰাৰ অধীনত দাখিল কৰা হৈছিল । মল্লযুঁজাৰুসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল । এখন পস্কো আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল । কেইবাগৰাকী মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত দ্বিতীয়খন এজাহাৰ দাখিল কৰা হৈছিল । ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে পক্সো গোচৰৰ প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি পাটিয়ালা হাউচ আদালতত বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰিছিল ।

উল্লেখ্য যে ৬ গৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছিল । দিল্লী আৰক্ষীয়ে ১৫ জুনত গোচৰটোত অভিযোগনামা দাখিল কৰিছিল ।

লগতে পঢ়ক :Wrestlers harassment case: আজি আদালতত হাজিৰ হ'ব ব্ৰীজ ভূষণ শৰণ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.