ETV Bharat / bharat

Financial Security : চাকৰি হেৰুৱালেও বিত্তীয় সুৰক্ষা কেনেদৰে বজাই ৰাখিব ?

author img

By

Published : Feb 1, 2023, 11:26 AM IST

Finance
Finance

যেতিয়া উপাৰ্জন স্থিৰ হয়, তেতিয়া সকলোবোৰ পৰিকল্পনা অনুসৰিয়ে হয় । কিন্তু যেতিয়া এই নিয়মিত উপাৰ্জন হঠাতে বন্ধ হয়, ই আপোনাৰ মসৃণ জীৱনত কঁপনি তোলে । এনে বিষময় পৰিস্থিতিৰ মাজেৰে পাৰ হ'বলৈ অপেক্ষা কৰাৰ সলনি আপোনাৰ চাকৰি থকা সময়তে জৰুৰীকালীন পুঁজিৰ দৰে আপোনাৰ নিজৰ সম্পদ সংগ্ৰহ কৰি আগতীয়াকৈ সাজু হৈ থাকিব (emergency fund for jobless period) ।

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : ছাঁটাই... চাকৰি হেৰুওৱা... (Loss of employment)। আমি সাম্প্ৰতিক সময়ত এই শব্দবোৰ বাৰে বাৰে শুনি আছোঁ । মন্দাৱস্থাৰ এই দিনবোৰত যিকোনো ঘটনা ঘটিব পাৰে । যাৰ ফলত বিশ্বক আঘাত কৰাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত এতিয়ালৈকে যিবোৰ সূচাৰুৰূপে চলি আছে, সেইটোৱে আমাক বিশৃংখলতা আৰু অনিশ্চয়তাৰ মাজলৈ নিক্ষেপ কৰিব (Layoffs and job loss) । সেয়ে তাৰ বাবে ভালদৰে প্ৰস্তুত নহ'লে আমি তাৰ সৈতে মোকাবিলা কৰাটো কঠিন অনুভৱ হ'ব । এনে পৰিস্থিতিয়ে যদি আমাক চাকৰি ত্যাগ কৰিবলৈ বাধ্য কৰে তেতিয়া কি কৰিব (Unemployment crisis) ?

জৰুৰীকালীন পুঁজি (Emergency fund)

কিছুমান কোম্পানী আছে যিবোৰে চাকৰিৰ পৰা ছাঁটাই কৰিলেও দুইৰ পৰা তিনি মাহৰ দৰমহা দিয়ে । ই আপোনাক আৰ্থিকভাৱে বিকাশ কৰাত সহায় কৰিব । ইয়াৰ উপৰি আমাৰ কমেও ছয় মাহৰ জৰুৰীকালীন পুঁজি থাকিব লাগে । অপ্ৰত্যাশিত ব্যয় পূৰণ কৰিবলৈ এক নিৰ্দিষ্ট পৰিমাণৰ জমা ধন উলিয়াব পাৰে । কিন্তু সম্পূৰ্ণ পৰিমাণৰ ধন একেবাৰতে উলিয়াব নালাগে । এই জৰুৰীকালীন পুঁজিটোৰ লগত একেলগে ৰাখিবলৈ কমেও ২৫ শতাংশ দৰমহা তালৈ ৰূপান্তৰ কৰিব লাগে । ইয়াক এটা ফিক্সড ডিপজিটতো ৰাখিব পাৰে (Investments withdrawal) ।

অতিৰিক্ত খৰচ কৰাটো বন্ধ কৰক (Stop over spending)

যদি আপুনি কাম কৰি থকা কোম্পানী/খণ্ডত চাকৰি কৰ্তন কৰা আৰম্ভ হৈছে, তেন্তে আপোনাৰ ব্যয় পুনৰীক্ষণ কৰক । ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা বন্ধ কৰক । অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিব । যিমান সম্ভৱ সঞ্চয় কৰিবলৈ চেষ্টা কৰক । যদি আপুনি উপাৰ্জন হেৰুৱায়, আপুনি সময়মতে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিব নোৱাৰিব পাৰে । যিয়ে আপোনাৰ ক্ৰেডিট ইতিহাসত (credit history) নেতিবাচক প্ৰভাৱ পেলাব । বিশেষকৈ ব্যক্তিগত ঋণ, বাহন ঋণ টপ-আপ আদি নল'ব । ইএমআই পৰিশোধ কৰা কঠিন হ'ব পাৰে ।

বিলাসিতা ত্যাগ কৰিব (Relinquish luxuries)

বিলাসিতাবোৰক দূৰতে বিদূৰ কৰক । কেৱল মৌলিক প্ৰয়োজনীয়তাৰ ওপৰতহে গুৰুত্ব দিয়ক । ধন ৰাহি কৰিবলৈ অপব্যয় হ্ৰাস কৰিব লাগে । কিছু ক্ষেত্ৰত ইয়াৰ বাবে নিশ্চিতভাৱে বিকল্প আছে । এইবোৰ ব্যৱহাৰ কৰিব লাগে । ব্যয়বহুল সামগ্ৰী আৰু আহাৰ পৰিহাৰ কৰাটো ভাল । কিছুমান আকাংক্ষা এৰি দিয়ক । মনত ৰাখিব যে ই আপোনাৰ জমা ধনত অতিৰিক্ত পৰিমাণ বৃদ্ধি কৰিব ।

5 লাখ টকাৰ স্বাস্থ্য বীমা (Health insurance)

এইটো অতিৰিক্ত সাৱধান হোৱাৰো সময় । নিয়োগকৰ্তা-প্ৰদান কৰা গ্ৰুপৰ স্বাস্থ্য বীমাৰ (employer provided group health insurance) দ্বাৰা ক'ভাৰ হৈ থকাসকলেও পলম নকৰাকৈ তেওঁলোকৰ নিজা আঁচনি ল'ব লাগে । আপুনি চাকৰি এৰিলে গ্ৰুপ বীমা সুৰক্ষা নাইকিয়া হয় বুলি নাপাহৰিব । যদি আপুনি নিবনুৱা হোৱাৰ সময়ত অপ্ৰত্যাশিতভাৱে অসুস্থ হয়, আপুনি অসুবিধাৰ সন্মুখীন হ'ব । কেতিয়াবা বীমাৰ ক'ভাৰ নহ'লে চিকিৎসাৰ বাবে সমগ্ৰ সঞ্চয় শেষ হ'ব । গোটেই পৰিয়ালটোকে ক'ভাৰ কৰিবলৈ কমেও ৫ লাখ টকাৰ স্বাস্থ্য বীমা বাধ্যতামূলক ।

কম পৰিমাণে জমা ধন উলিয়াওক

উপাৰ্জন হেৰুওৱাৰ সময়ত বহুতে একেলগে সম্পূৰ্ণ বিনিয়োগ উঠাই লয় । এইটো ভাল নহয় । জৰুৰীকালীন পুঁজি প্ৰথমে ব্যৱহাৰ কৰিব লাগে । খৰচ কৰাৰ সময়ত এইটো পাহৰি নাযাব যে আপোনাৰ উপাৰ্জন নাই । যেতিয়া আপুনি প্ৰয়োজনীয় বুলি অনুভৱ কৰে তেতিয়া ভৱিষ্যতৰ পুঁজি আৰু ইকুইটিৰ পৰা বিনিয়োগ উঠাই লওক ।

লগতে পঢ়ক :Realistic Budget for Family: পৰিয়ালৰ বিত্তীয় ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰক বাস্তৱিক ঘৰুৱা বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.