ETV Bharat / bharat

Odisha Train Accident : উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ বালাচোৰত উপস্থিত ধৰ্মেন্দ্ৰ প্ৰধান

author img

By

Published : Jun 3, 2023, 1:51 PM IST

Odisha Train Accident
Odisha Train Accident

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাহানাগাৰ ৰে'ল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছেগৈ (Dharmendra Pradhan reached Balasore) । তাত তেওঁ উদ্ধাৰ অভিযানৰ বুজ লয় আৰু চিকিৎসালয়ত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক সাক্ষাৎ কৰে ।

নিউজ ডেস্ক, ৩ জুন : শুকুৰবাৰে নিশা সংঘটিত ওড়িশাৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ তথা বিদেশ (Odisha tragic rail accident) । সাম্প্ৰতিক সময়ৰ এই ভয়াৱহ দুৰ্ঘটনাত তিনিখন ৰে'লৰ সংঘৰ্ষত এতিয়ালৈকে ২৬১ জন লোক নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে । যাৰ বাবে এতিয়া শোকত ম্ৰিয়মান সমগ্ৰ দেশ । আনহাতে, বিশ্বৰ বিভিন্ন দেশেও এই মৰ্মান্তিক দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে । ওড়িশাৰ বালাচোৰত সংঘটিত এই ৰে'ল দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰ্য ক্ষিপ্ৰ কৰি তোলা হৈছে (Odisha Balasore train accident) ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অশ্বিনী বৈষ্ণৱে বালাছোৰ চিকিৎসালয় পৰিদৰ্শন কৰে (Union Minister Dharmendra Pradhan visit Balasore) । উল্লেখ্য, বালাচোৰ চিকিৎসালয়ত ৰে'ল দুৰ্ঘটনাত আহত বহু লোক চিকিৎসাধীন হৈ আছে (Minister Ashwini Vaishnaw visit Balasore hospital) ।

"মই স্থানীয় লোকসকলক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জনাইছোঁ । ৰে'লৱেই নিহত আৰু আহতসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে । সৰ্বাধিক অগ্ৰাধিকাৰ হৈছে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰা ।" কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় ।

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাহানাগাৰ ৰে'ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বুজ ল'বলৈ আৰু চিকিৎসালয়ত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক লগ কৰিবলৈ বালাছোৰত উপস্থিত হৈছেগৈ । তথ্য অনুসৰি, ধৰ্মেন্দ্ৰ প্ৰধানে বালাছোৰ জিলা মুখ্য কাৰ্যালয় চিকিৎসালয় পৰিদৰ্শন কৰে আৰু দুৰ্ঘটনাত পতিত লোকসকলক সাক্ষাৎ কৰে ।

দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত তেওঁ দুৰ্ঘটনাস্থলীৰ পৰিস্থিতি আৰু দুৰ্ঘটনাত পতিতসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বিষয়াসকল, দলীয় কৰ্মী আৰু অন্যান্যসকলৰ সৈতে উপলব্ধ স্বাস্থ্য সুবিধা সন্দৰ্ভত আলোচনা কৰে ।

উল্লেখ্য, শেহতীয়া তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ওড়িশা ভ্ৰমণ কৰিব (PM Modi to go Odisha rail accident site) । তেওঁ প্ৰথমে বালাচোৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰু তাৰ পিছত কটকৰ চিকিৎসালয় পৰিদৰ্শন কৰি আহতসকলৰ স্বাস্থ্যৰ বুজ ল'ব (PM Modi to visit Cuttack hospital) ।

লগতে পঢ়ক :Odisha Train Accident : ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী; পৰিদৰ্শন কৰিব কটকৰ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.