ETV Bharat / bharat

Odisha Train Accident : ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী; পৰিদৰ্শন কৰিব কটকৰ চিকিৎসালয়

author img

By

Published : Jun 3, 2023, 12:26 PM IST

ভাৰতীয় জনতা পাৰ্টীয়ে ওড়িশাৰ বালাচোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ সকলো কাৰ্যসূচী বাতিল কৰিছে । লগতে মুম্বাই আৰু গোৱাৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ উদ্বোধনী কাৰ্যসূচীও বাতিল কৰা হৈছে (Odisha Train Accident) ।

Odisha Train Accident
Odisha Train Accident

নিউজ ডেস্ক, ৩ জুন : শুকুৰবাৰে নিশা ওড়িশাৰ বালাচোৰত সংঘটিত হয় সাম্প্ৰতিক সময়ৰ আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনা (tragic rail accident in Odisha) । য'ত তিনিখন ৰেলৰ সংঘৰ্ষত শতাধিক লোকে অকাল মৃত্যুক সাবটিবলগা হয় । শেহতীয়াকৈ প্ৰাপ্ত বাতৰি অনুসৰি, এই দুৰ্ঘটনাত প্ৰায় ২৩৮ জন লোকৰ মৃত্যু হৈছে (238 killed in Odisha rail accident) । আনহাতে, ৯ শতাধিক লোক আহত হৈছে । বালাচোৰ ৰে'ল দুৰ্ঘটনাক লৈ বৰ্তমান সমগ্ৰ দেশতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Balasore train accident Odisha) ।

ইতিমধ্যে ওড়িশা ৰাজ্য চৰকাৰে এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে । আনহাতে, ভাৰতীয় জনতা পাৰ্টীয়েও দলৰ শনিবাৰৰ দিনটোৰ পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰিছে । শেহতীয়া তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ওড়িশা ভ্ৰমণ কৰিব (PM Modi to go Odisha rail accident site) । তেওঁ প্ৰথমে বালাচোৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰু তাৰ পিছত কটকৰ চিকিৎসালয় পৰিদৰ্শন কৰি আহতসকলৰ স্বাস্থ্যৰ বুজ ল'ব (PM Modi to visit Cuttack hospital) ।

উল্লেখ্য যে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মুম্বাই-গোৱাৰ মাজত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰিবলৈ যোৱাৰ কথা আছিল । কিন্তু ওড়িশাৰ এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত এই কাৰ্যসূচীও পিছুৱাই দিয়া হৈছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছে । "ভগৱানে ভুক্তভোগীসকলক দুখ সহ্য কৰাৰ শক্তি দিয়ক ।" শোকবাৰ্তাত তেওঁ কয় । আনহাতে, সূত্ৰৰ পৰা খবৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকৰো আহ্বান জনোৱা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত নিৰন্তৰ নিৰীক্ষণ কৰি আছে ।

ৰে'লৱে বিষয়াৰ বিবৃতি প্ৰকাশ

ভাৰতীয় ৰে'লৱেৰ এজন বিষয়াই জনোৱা অনুসৰি, হাওৰা অভিমুখী ১২৮৬৪ বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কেইবাটাও ডবা বাহানাগা বজাৰত লাইনচ্যুত হয় আৰু অন্য এটা লাইনত গৈ পৰে । ৰে'লৱে বিষয়াগৰাকীয়ে কয়, "লাইনচ্যুত হোৱা ডবাবোৰৰ ১২৮৪১ শালিমাৰ-চেন্নাই ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ হয় আৰু উক্ত ৰে'লখনৰ ডবাবোৰো বাগৰি পৰে ।" আনহাতে, ৰে'লৱে বিভাগে প্ৰকাশ কৰা অনুযায়ী ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হোৱাৰ পিছত এখন মালগাড়ীত খুন্দা মাৰে । যাৰফলত মালগাড়ীখনো দুৰ্ঘটনাগ্ৰস্ত হয় ।

লগতে পঢ়ক :Triple train crash in Odisha : ওড়িশাত এদিনীয়া শোক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.