ETV Bharat / bharat

Triple train crash in Odisha : ওড়িশাত এদিনীয়া শোক দিৱস পালন

author img

By

Published : Jun 3, 2023, 11:02 AM IST

Triple train crash in Odisha
ওড়িশাৰ বালাচোৰত শোকাবহ ৰে’ল দুৰ্ঘটনা

ওড়িশাৰ বালাচোৰত শোকাবহ ৰে’ল দুৰ্ঘটনা (Triple train crash in Odisha) ৷ শনিবাৰে ওড়িশা চৰকাৰে পালন কৰিছে এদিনীয়া শোক দিৱস ৷ এই কথা সদৰী কৰিছে ওড়িশা মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷

নেশ্যনেল ডেস্ক, 3 জুন : চৰণেহে জানে মৰণৰ ঠাই ৷ সমগ্ৰ দেশবাসীৰ দেহ মন শিহৰিত কৰা ভয়াবহ ৰে’ল দুৰ্ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে (Odisha train derailed)৷ ওড়িশাৰ বালাচোৰত শোকাবহ ৰে’ল দুৰ্ঘটনাৰ পাচতে শনিবাৰে ওড়িশা চৰকাৰে শোক দিৱস পালন কৰা কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ শুকুৰবাৰে নিশা প্ৰায় 7 বজাত সংঘটিত তিনিখনকৈ ৰে’ল দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে (Triple train crash in Odisha)৷

বালাচোৰত সংঘটিত এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত বৰ্তমান হোৱা লোকৰ সংখ্যা 238 গৰাকীলৈ বৃদ্ধি হৈছে আৰু 900 জনৰো অধিক আহত হৈছে । এই মৰ্মান্তিক ঘটনাৰ পাচতে শনিবাৰে এদিনীয়া শোক পালনৰ কথা ঘোষণা কৰি, দিনটোত কোনো ৰাজ্যিক অনুষ্ঠান উদযাপন কৰা নহ'ব বুলি ঘোষণা কৰে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে ৷ ইফালে ভয়াবহ ৰে’ল দুৰ্ঘটনাৰ পাচতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাৰ সবিশেষ উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে (Train accident in Odisha)। লগতে তেওঁ কয় ‘‘দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক’’ ৷

তৃণমূল কংগ্ৰেছৰ সাংসদ ডোলা সেনে কয়, ‘‘পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে’’ ৷ ইফালে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাৰ মতে, এই দুৰ্ঘটনা সন্ধিয়া প্ৰায় 7 বজাত শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ 10 পৰা 12 টা ডবা লাইনচ্যুত হৈ বাগৰি পৰাৰ ফলতে বিপৰীত পথত পৰি যায় । প্ৰথমতো দুৰ্ঘটনাৰ কিছু সময়ৰ পিচতে যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে’ল লাইনচ্যুত ডবাত খুন্দা মাৰে যাৰ ফলত দ্বিতীয়তো ৰে’ল দুৰ্ঘটনা তথা তৃতীয়খন ৰে’ল বাগৰি পৰে ৷

লগতে পঢ়ক : Balasore train accident : উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে'লমন্ত্ৰীৰ

ওড়িশাৰ বিশেষ সাহায্য আয়ুক্তৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি মুখ্য সচিব পিকে জেনায় কয়, ‘‘শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 বজাত কলকাতাৰ পৰা প্ৰায় 250 কিলোমিটাৰ দক্ষিণে আৰু ভূৱনেশ্বৰৰ পৰা 170 কিলোমিটাৰ উত্তৰে বালাচোৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়’’ ৷

‘‘12841 নম্বৰৰ শালিমাৰ-চেন্নাই চেণ্ট্ৰেল কৰমণ্ডল এক্সপ্ৰেছ লাইনচ্যুত প্ৰথমে হৈ 10-12 টা ডবা বাগৰি পৰাৰ ফলতে বিপৰীত দিশৰ পৰা অহা হাওৰা অভিমুখী 12864 নম্বৰৰ বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছখনে বাগৰি পৰা ডবাত খুন্দা মাৰে আৰু দ্বিতীয়তো দুৰ্ঘটনা হয় ৷’’ তেওঁ কয় ৷

এই ৰে’ল দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে, কাৰ গাফিলতিৰ বাবে এই মৰ্মান্তিক ঘটনা হ’ল তাৰ সবিশেষ সঠিক তদন্ততহে পোহৰলৈ আহিব ৷

বৰ্তমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 238 জনলৈ বৃদ্ধি হোৱাৰ লগতে মৃত্যুৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক : Odisha train accident: মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.