ETV Bharat / bharat

Odisha train accident: মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত

author img

By

Published : Jun 3, 2023, 8:59 AM IST

Updated : Jun 3, 2023, 1:38 PM IST

Odisha train accident
মোডী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত

মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিজেপি দলৰ লগতে সমগ্ৰ দেশতে আয়োজন কৰা সকলো কাৰ্যসূচী স্থগিত ৰখা সিদ্ধান্ত লৈছে(Modi govt's 9th anniversary celebrations) ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি সদৰী কৰে এই কথা ৷

নিউজ ডেস্ক, 3 জুন: ওড়িশাৰ বালাচোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বিজেপি দলে ৷ এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱা সকলো কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে দলটোৱে ।

উল্লেখ্য যে, কালিকা লগা শুকুৰবাৰৰ নিশা ওড়িশাৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে BJP দলে বাতিল কৰিলে মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি কয় যে ‘‘কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱাসকলো কাৰ্যসূচী স্থগিত ৰখাৰ কথা উল্লেখ কৰে ৷’’

নিশা ওড়িশাৰ বালাচোৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাই সকলোৰে মন মগজুক জোকাৰি গৈছে ৷ 2014 চনৰ মে’ মাহত কাৰ্যকাল আৰম্ভ কৰা মোডী চৰকাৰে 2023ৰ মে’ মাহত 9 বছৰ সম্পূৰ্ণ কৰিলে ৷ 9 বছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বহু উন্নয়নমূলক কামৰ শুভাৰম্ভনি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ কিন্তু ৰে’ল ট্ৰেজেডিৰ বাবে অনুষ্ঠানসমূহ বাতিল কৰিলে ৷

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি এই ঘটনাক অতি দুখজনক আৰু হৃদয়বিদাৰক বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় BJP য়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱা সকলো কাৰ্যসূচী স্থগিত ৰখিব ৷

মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীয়েও চৰকাৰী কাৰ্যসূচীসমূহ বাতিল কৰিছে ৷ আজি বিশেষকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গোৱা-মুম্বাইৰ মাজত চলিবলগীয়া গোৱা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিবলগীয়া আছিল ৷ কিন্তু ওড়িশাৰ ট্ৰেজেডিৰ বাবে বাতিল কৰিলে সেই অনুষ্ঠান ৷ কাৰণ দুৰ্ঘটনাস্থলীত শ শ ভুক্তভোগীক উদ্ধাৰ অভিযানত ব্যস্ত চৰকাৰী বিষয়াসকল ৷ এই কথা সদৰী কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৷

ইফালে নতুন এক্সপ্ৰেছ ৰে’লখন গোৱাৰ মাদগাঁও ৰে’ল ষ্টেচনত ৰখা হৈছিল য'ত মূল অনুষ্ঠানটো অনুষ্ঠিত হ'বলগীয়া আছিল । চলিছিল ব্যাপক আয়োজন, আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল গোৱাৰ মাদগাঁও ৰে’ল ষ্টেচন ৷ কিন্তু আবেগিক ক্ষণত কেনেকৈ ,,,,!

আগন্তুক 24’ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে দুদিনৰ পূৰ্বে আৰম্ভ কৰিছিল টিফিন কেম্পেইন । য’ত প্ৰায় 300 জন শ্ৰমিকৰ সৈতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টিফিন খাইছিল ৷ কিন্তু ওড়িশাৰ ঘটনাৰ পাছত ধাৰাবাহিক চলিবলগীয়া টিফিন কেম্পেইনো বাতিল কৰা বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

লগতে পঢ়ক: Odisha train derailment update : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত 233 জন নিহত, আহত 900

Last Updated :Jun 3, 2023, 1:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.