ETV Bharat / bharat

মা কালীক বিকৃত ৰূপত উপস্থাপন কৰাৰ বিৰুদ্ধে চাইবাৰ চেলত এজাহাৰ

author img

By

Published : Jul 5, 2022, 3:46 PM IST

Updated : Jul 6, 2022, 11:13 AM IST

delhi-cyber-cell-registered-case-against-director-leena-manimekalai
বিতৰ্কিত ছবি কালীৰ বিৰুদ্ধে চাইবাৰ চেলৰ এজাহাৰ দাখিল

চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে মা কালীক ছবিক বিকৃত ৰূপত উপস্থাপন কৰা 'কালী' নামৰ তথ্যচিত্ৰখনৰ বিৰুদ্ধে চাইবাৰ চেলৰ এজাহাৰ দাখিল । শীঘ্ৰেই চাইবাৰ চেলে চলচ্চিত্ৰ নিৰ্মাতালৈ জাননী জাৰি কৰাৰ সম্ভাৱনা ৷

নেশ্য়নেল ডেস্ক, 5 জুলাই : চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইৰ আহিবলগীয়া তথ্যচিত্ৰ 'কালি'ৰ পোষ্টাৰ মুকলি হোৱাৰ পিছত বিশেষ চাইবাৰ চেলে ছবিখনৰ বিৰুদ্ধে ৰুজু কৰে এখন এজাহাৰ । ভাৰতীয় দণ্ডবিধিৰ ১৫৩(ক)আৰু ১৯৫(ক) ধাৰাৰ অধীনত দাখিল কৰে এজাহাৰ । এই সম্পৰ্কত শীঘ্ৰেই চাইবাৰ চেলে চলচ্চিত্ৰ নিৰ্মাতালৈ জাননী জাৰি কৰিব পাৰে ।

উল্লেখ্য যে, চলচ্চিত্ৰখনৰ এই পোষ্টাৰত মা কালীক বিকৃত ৰূপত উপস্থাপন কৰিছে । যাৰ পিছতেই চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক লীনা মণিমেকলাইৰ এই ছবিখনৰ পোষ্টাৰক লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিতৰ্কই তোলপাৰ লগায় ৷

উল্লেখ্য যে, ছবিখনৰ এই পোষ্টাৰে হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত সনাৰ অভিযোগ উত্থাপন কৰিছে একাংশই । পৰিচালক লীনাই নিজৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিছিল ছবিখনৰ পোষ্টাৰ । ছবি নিৰ্মাতাগৰাকীয়ে টুইটাৰ যোগে ২ জুন অৰ্থাৎ শনিবাৰে পোষ্টাৰখন শ্বেয়াৰ কৰিছিল ৷ শ্বেয়াৰ কৰা পোষ্টাৰখনত অভিনেত্ৰীগৰাকীয়ে মা কালিৰ বস্ত্ৰ পৰিধান কৰি আৰু হাতত চিগাৰেট লৈ, ধূমপান কৰা পৰিলক্ষিত হৈছে (Maa Kali is shown smoking a cigarette)। লগতে এখন হাতত ত্ৰিশূল আৰু এখন হাতত এলজিবিটিকিউ সম্প্ৰদায়ৰ গৌৰৱৰ পতাকাও লৈ থকা পৰিলক্ষিত হৈছে ।

ছবিখনৰ পোষ্টাৰখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে (Controversy over poster)৷ ক্ষোভ তথা অসন্তুষ্টি প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে (Kaali poster controversy)। পৰিচালক লীনা মণিমেকলাই পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছিল যে, ছবিখনক লৈ তেওঁ অতি উৎসাহিত । কাৰণ তেওঁৰ ছবিৰ পোষ্টাৰখন কানাডা চলচ্চিত্ৰ মহোৎসৱত উন্মোচন কৰা হৈছে ।

উল্লেখ্য যে, ক্ষুব্ধ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীক টেগ (tagging Amit Shah and PM) কৰি এই পোষ্টাৰ আৰু ছবিখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে (Demanded to take action on this poster and filmmaker)।

লগতে পঢ়ক : মা কালিৰ ছবি বিকৃত ৰূপত উপস্থাপন কৰি বিপদত পৰিচালক

Last Updated :Jul 6, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.