মা কালিৰ ছবি বিকৃত ৰূপত উপস্থাপন কৰি বিপদত পৰিচালক

author img

By

Published : Jul 4, 2022, 2:16 PM IST

Updated : Jul 6, 2022, 11:18 AM IST

Kaali Poster Controversy: Mother Kali was seen smoking cigarette in poster of film

পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইৰ তথ্যচিত্ৰ ‘কালি’ৰ পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে ( Leena Manimeklais film 'Kali' has sparked lot of controversy on social media)। ক্ষুব্ধ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীক টেগ কৰি এই পোষ্টাৰ আৰু ছবিখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ।

নেশ্যনেল ডেস্ক, 4 জুলাই: মা কালিৰ ছবিক বিকৃত ৰূপত উপস্থাপন কৰি বিপদত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক লীনা মণিমেকলাই ৷ চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক লীনা মণিমেকলাইৰ নতুন ছবি ‘কালি’ৰ পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে ।

হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত সনাৰ অভিযোগ উত্থাপন কৰিছে একাংশই । পৰিচালক লীনাই নিজৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিছিল ছবিখনৰ পোষ্টাৰ । ছবি নিৰ্মাতাগৰাকীয়ে টুইটাৰ যোগে ২ জুন অৰ্থাৎ শনিবাৰে পোষ্টাৰখন শ্বেয়াৰ কৰিছিল ৷ শ্বেয়াৰ কৰা পোষ্টাৰখনত অভিনেত্ৰীগৰাকীয়ে মা কালিৰ বস্ত্ৰ পৰিধান কৰি আৰু হাতত চিগাৰেট লৈ , ধূমপান কৰা পৰিলক্ষিত হৈছে (Maa Kali is shown smoking a cigarette)। লগতে এখন হাতত ত্ৰিশূল আৰু এখন হাতত এলজিবিটিকিউ সম্প্ৰদায়ৰ গৌৰৱৰ পতাকাও লৈ থকা পৰিলক্ষিত হৈছে ।

ছবিখনৰ পোষ্টাৰখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে (Controversy over poster)৷ ক্ষোভ তথা অসন্তুষ্টি প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে (Kaali poster controversy)।

পৰিচালক লীনা মণিমেকলাই পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছিল তেওঁ অতিশয় উৎসাহিত । কাৰণ তেওঁৰ ছবিৰ পোষ্টাৰখন কানাডা চলচ্চিত্ৰ মহোৎসৱত উন্মোচন কৰা হৈছে ।

উল্লেখ্য যে, ক্ষুব্ধ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীক টেগ (tagging Amit Shah and PM) কৰি এই পোষ্টাৰ আৰু ছবিখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে (Demanded to take action on this poster and filmmaker)।

শেহতীয়াকৈ, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ ব্ৰহ্মাষ্ট্ৰ নামৰ ছবিখনৰ ট্ৰেইলাৰ মুকলি হৈছিল, য’ত ৰণবীৰক জোতা পিন্ধা অৱস্থাত মন্দিৰলৈ যোৱা প্ৰত্যক্ষ কৰা হৈছিল ৷ তাৰ পিছতেই দৰ্শকে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৰণবীৰৰ বিৰুদ্ধে ।

লগতে পঢ়ক: ফেমিনা মিছ ইণ্ডিয়া 2022ৰ মুকুট কৰ্ণাটকৰ সিনি শেট্টীলৈ

Last Updated :Jul 6, 2022, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.