ETV Bharat / bharat

Dalai Lama on China : আমি চীনৰ পৰা স্বাধীনতা বিচৰা নাই; দালাই লামা

author img

By

Published : Jul 8, 2023, 6:02 PM IST

দালাই লামাই কৈছে যে চীনে তেওঁৰ সৈতে তিব্বত সম্পৰ্কে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে আলোচনা কৰি আহিছে । তেওঁৰ মতে, চীন এতিয়া 'সলনি' হৈছে ।

Dalai Lama on China
Dalai Lama on China

নিউজ ডেস্ক, ৮ জুলাই : তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই শনিবাৰে কয় যে তিব্বতী লোকসকলে 'স্বাধীনতা বিচৰা নাই' আৰু তেওঁলোকে চীনৰ সৈতে আলোচনাৰ বাবে বাট মুকলি ৰাখিছে । তেওঁ শনিবাৰে হিমাচল প্ৰদেশৰ পৰা লাডাখলৈ ৰাওনা হোৱাৰ সময়ত কাংৰা বিমানবন্দৰত এই কথা জনায় ।

"বৰ্তমান চীনেও উপলব্ধি কৰিছে যে তিব্বতী লোকসকলৰ আত্মা যথেষ্ট শক্তিশালী । গতিকে তিব্বতীয় সমস্যাৰ মোকাবিলা কৰিবলৈ তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে, ময়ো তাৰ বাবে সাজু । আমি স্বাধীনতা বিচৰা নাই । আমি বহু বছৰৰ পৰাই সিদ্ধান্ত লৈছোঁ, আমি চীন প্ৰজাতন্ত্ৰৰ অংশ হৈ আছোঁ ।" দালাই লামাই কয় ।

তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাই কয় যে বৰ্তমান চীন সলনি হৈছে । চীনে তিব্বতৰ সৈতে আলোচনা কৰা উচিত নেকি বুলি সোধাত তিব্বতৰ আধ্যাত্মিক নেতাজনে সংবাদ মাধ্যমৰ আগত কয় যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে চীন মোৰ সৈতে সম্পৰ্কত আছে । উল্লেখ্য় যে ১৯৫৯ চনত তিব্বতৰ স্থানীয় জনসাধাৰণৰ বিদ্ৰোহৰ বিৰুদ্ধে চীনে অভিযান চলোৱাৰ পিছত চতুৰ্দশ দালাই লামা ভাৰতলৈ পলাই আহে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে তেওঁক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে আৰু তেতিয়াৰে পৰাই তিব্বতীয় চৰকাৰ নিৰ্বাসিত হৈ হিমাচল প্ৰদেশৰ ধৰমশালাৰ ওপৰত ভিত্তি কৰি চলি আছে । আনহাতে, অতীজত চীনে দালাই লামাক 'বিচ্ছিন্নতাবাদী' কাৰ্যকলাপত লিপ্ত হোৱা আৰু তিব্বতক বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । লগতে তেওঁক বিভাজনকাৰী ব্যক্তি হিচাপে চীনে গণ্য কৰিছিল । অৱশ্যে তিব্বতী আধ্যাত্মিক নেতাজনে জোৰ দি কৈ আহিছে যে তেওঁ স্বাধীনতা বিচৰা নাই । কিন্তু সকলো তিব্বতীৰ বাবে 'প্ৰকৃত স্বায়ত্তশাসন' বিচাৰিছে ।

উল্লেখ্য যে চতুৰ্দশ দালাই লামা, যাৰ আধ্যাত্মিক নাম হৈছে জেটচুন জাম্ফেল নগাৱাং লোবচাং য়েছে টেনজিন গিয়াটচো । তেওঁক টেনজিন গিয়াটচো বুলিও জনা যায় আৰু তিব্বতৰ লোকসকলৰ মাজত তেওঁ গিয়ালৱা ৰিনপোচে নামেৰে জনাজাত । বৰ্তমানৰ দালাই লামা হৈছে সৰ্বোচ্চ আধ্যাত্মিক নেতা আৰু তিব্বতৰ মুৰব্বী । তেওঁক জীৱন্ত বোধিসত্ত্ব বুলিও গণ্য কৰা হয় । তেওঁ গেলুগ বিদ্যালয়ৰ নেতা আৰু সন্ন্যাসী । ই হৈছে তিব্বতীয় বৌদ্ধ ধৰ্মৰ নৱতম বিদ্যালয় । তিব্বতৰ কেন্দ্ৰীয় চৰকাৰ গান্দেন ফড্ৰাঙে ১৯৫৯ চনত নিৰ্বাসন নোহোৱালৈকে দালাই লামাক লৌকিক দায়িত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Indian Army Adds New Weapons : পূব লাডাখত অভিযানৰ বাবে নতুন অস্ত্ৰ আৰু সঁজুলি মজুত ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.