ETV Bharat / bharat

Indian Army Adds New Weapons : পূব লাডাখত অভিযানৰ বাবে নতুন অস্ত্ৰ আৰু সঁজুলি মজুত ভাৰতীয় সেনাৰ

author img

By

Published : Jul 8, 2023, 10:37 AM IST

চৰকাৰে ২০২০ চনৰ পৰৱৰ্তী সময়ৰ অচলাৱস্থাৰ পিছত অভিযান চলোৱাত সহায় কৰিবলৈ সঁজুলি ক্ৰয় কৰিবলৈ প্ৰদান কৰা জৰুৰীকালীন বিত্তীয় ক্ষমতা ব্যৱহাৰ কৰি সেনাই অল-টেৰেইন বাহনসমূহো যথেষ্ট মাত্ৰাত অন্তৰ্ভুক্ত কৰিছে ।

Indian Army Adds New Weapons
Indian Army Adds New Weapons

নিউজ ডেস্ক, ৮ জুলাই : ভাৰত আৰু চীনৰ মাজত সামৰিক অচলাৱস্থাই চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰিছে । ইয়াৰ লগে লগে ভাৰতীয় সেনাই জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে পৰম্পৰাগত অভিযান চলাবলৈ পূব লাডাখ খণ্ডত নিৰন্তৰ নতুন অস্ত্ৰ আৰু সামৰ্থ্য সংযোগ কৰি আহিছে । শেহতীয়াভাৱে এএনআইৰ এটা দলে প্ৰায় ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত নিওমা সামৰিক কেন্দ্ৰলৈ পৰিভ্ৰমণ কৰে । দলটোৱে তাত ভাৰতীয় সেনাই প্ৰতিপক্ষৰ সৈতে মোকাবিলা কৰিবলৈ অন্তৰ্ভুক্ত কৰা নতুন অস্ত্ৰ ব্যৱস্থা আৰু সঁজুলি প্ৰত্যক্ষ কৰে ।

শেহতীয়াকৈ সেনাই তাত মেড-ইন-ইণ্ডিয়া ধনুষ হাউইটজাৰ অন্তৰ্ভুক্ত কৰিছে । এই সঁজুলি বোফৰ্ছ হাউইটজাৰৰ বাবে প্ৰযুক্তি স্থানান্তৰৰ ওপৰত ভিত্তি কৰি বিকশিত কৰা হৈছে আৰু অধিক উন্নত কৰা হৈছে । আৰ্টিলাৰী ৰেজিমেণ্টৰ কেপ্টেইন ভি মিশ্ৰই এই সন্দৰ্ভত কয় যে ধনুষ হাউইটজাৰে ৪৮ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিব পাৰে আৰু বিগত বছৰতে ইয়াক পূব লাডাখ খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে ।

অৰ্ডনেন্স ফেক্টৰী বোৰ্ডৰ দ্বাৰা বিকশিত আৰু প্ৰস্তুত কৰা ১১৪ বন্দুকেও ভাৰতীয় সেনাত যোগদান কৰিব । আন এক মেড ইন ইণ্ডিয়া প্লেটফৰ্মে অতি তীব্ৰ গতিত সৈন্যসকলক আগুৱাই নিয়াৰ বাবে অতি উপযোগী প্ৰমাণিত এম৪ কুইক ৰিএক্সন ফ'ৰ্চ ভেহিকেল প্ৰস্তুত কৰিছে, যিয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ আগশাৰীৰ স্থানবোৰলৈ ১০ টা সম্পূৰ্ণৰূপে সাজু সশস্ত্ৰ সৈন্য বাহিনী কঢ়িয়াই আনিব পাৰে আৰু লাডাখ খণ্ডৰ প্ৰতিকূল ভূখণ্ডতো প্ৰতিঘণ্টাত প্ৰায় ৬০-৮০ কিলোমিটাৰ বেগত চলাচল কৰিব পাৰে । খণ্ডটোত নিয়োজিত সেনা বিষয়াসকলে কয় ।

সামৰিক অচলাৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায়ত বিৰোধী সৈন্যই তেওঁলোকৰ দ্ৰুত গতিৰ বাহনবোৰ ব্যৱহাৰ কৰি ফৰৱাৰ্ড স্থানবোৰত অতি সোনকালে উপস্থিত হোৱাৰ সময়ত এনে পাতল কবচ-সুৰক্ষিত বাহনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল । এম ৪ কুইক ৰিএকচন ফ'ৰ্চ ভেহিকেলসমূহ যোৱা বছৰ সেনাবাহিনীত অন্তৰ্ভুক্ত হ'বলৈ আৰম্ভ কৰিছিল আৰু সেনাই পূব লাডাখ খণ্ডৰ ফৰৱাৰ্ড এলেকাসমূহত এনে বাহনসমূহ অধিক সংখ্যাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ।

চৰকাৰে ২০২০ চনৰ পৰৱৰ্তী সময়ত অচলাৱস্থাৰ পিছত অভিযান চলোৱাত সহায় কৰিবলৈ সঁজুলি ক্ৰয় কৰিবলৈ প্ৰদান কৰা জৰুৰীকালীন বিত্তীয় ক্ষমতা ব্যৱহাৰ কৰি সেনাই অল-টেৰেইন বাহনসমূহো গুৰুত্বপূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত কৰিছে । এবাৰত চাৰিৰ পৰা ছয়জন সৈন্য কঢ়িয়াই নিয়াৰ সামৰ্থ্য থকা এই বাহনবোৰ ফৰৱাৰ্ড পোষ্টবোৰত সেনাক যোগান ধৰিবলৈ সামগ্ৰী আৰু সঁজুলি কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে ।

ইয়াক জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সঁজুলিৰ সৈতে সৈন্যসকলক নিয়োজিত কৰিবলগা স্থানবোৰলৈ সৈন্যসকলক দ্ৰুতগতিত স্থানান্তৰ কৰাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি । বাহনসমূহে আনকি অতি উচ্চ উচ্চতাৰ এলেকাতো কাম কৰাৰ সামৰ্থ্য দেখুৱাইছে, য'ত ২০২০ চনত আৰম্ভ হোৱা অচলাৱস্থাৰ পিছত প্ৰথমবাৰৰ বাবে বাহিনী মোতায়েন কৰা হৈছে ।

সেনাৰ তালিকাত নিৰীক্ষণ সঁজুলিবোৰো শক্তিশালী কৰা হৈছে । নতুন টাটা ৰজক ব্যৱস্থাটো বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ১৫ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ পৰা মানুহ আৰু ২৫ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ পৰা বাহন নিৰীক্ষণ বা চিনাক্ত কৰিব পাৰে । নতুন সঁজুলিটোৱে সেনাবাহিনীক এলএচিৰ ওপৰেৰে বিৰোধীসকলৰ চলাচলৰ ওপৰত নজৰ ৰখাত সহায় কৰিছে ।

সেনাই মেড ইন ইণ্ডিয়া কে-৯ বজ্ৰ স্বচালিত আৰ্টিলাৰী গানসমূহ পূব লাডাখ খণ্ডত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে । কিয়নো সেইবোৰ বিগত কেইবছৰমানত সফল প্ৰমাণিত হৈছে । সেনাই শতাধিক এনে বন্দুক লাভ কৰিব পাৰে, যিবোৰ এল এণ্ড টি গ্ৰুপে ইয়াৰ হাজাৰা প্ৰকল্পৰ পৰা যোগান ধৰিছে ।

শত্ৰুৰ টেংক আৰু সশস্ত্ৰ যুঁজাৰু বাহনৰ মোকাবিলা কৰিবলৈ সৈন্যক সজ্জিত কৰাৰ বাবে ভাৰতীয় সেনাই পূব লাডাখ খণ্ডত স্পাইক এণ্টি-টেংক গাইডেড মিছাইল প্ৰদান কৰিছে । জৰুৰীকালীন শক্তিৰ জৰিয়তে কৰা পোনপটীয়া অধিগ্ৰহণৰ পিছত অদূৰ ভৱিষ্যতে মেক ইন ইণ্ডিয়া পথৰ পৰা এনে তৃতীয় প্ৰজন্মৰ মিছাইলৰ অধিক সংখ্যা আশা কৰা হৈছে ।

লগতে পঢ়ক :Balasore Train mishap: ৩ ৰে'লৱে কৰ্মচাৰীক গ্ৰেপ্তাৰ CBIৰ; ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.