ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ

author img

By

Published : Jul 14, 2021, 9:55 PM IST

central government employees
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR ১১ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

নেশ্যনেল ডেস্ক, ১৪ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ । কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কেন্দ্ৰীয় চৰকাৰৰ ১.১৩ নিযুতৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰক সকাহ প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত । সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া ভাট্টা (DA) আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ (DR) ১১ শতাংশ বৃদ্ধি কৰাৰ হ'ব ।

কেবিনেট বৈঠকৰ পাছতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সাংবাদিকক কয় যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR তেওঁলোকৰ মৌলিক দৰমহা আৰু পেঞ্চনৰ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখতকৈও অধিক কৰ্মচাৰী আৰু ৬৫ লাখতকৈও অধিক কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰক লাভান্বিত কৰিব । তেওঁলোকৰ বাবে এইটো যথেষ্ট সকাহ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে এই বৃদ্ধি চলিত বছৰৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব । যোৱা বছৰ, কেন্দ্ৰীয় চৰকাৰে ক'ভিড মহামাৰীৰ দ্বাৰা সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিৰ ফলত যোৱা বিত্তীয় বৰ্ষত দেশৰ জিডিপিত(GDP) ৭ শতাংশৰো অধিক সংকোচন হোৱাৰ বাবে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক DA আৰু DR ৰ তিনিটা অতিৰিক্ত কিস্তি পৰিশোধৰ স্থিৰ কৰিছে । এই কিস্তিবোৰ হৈছে ২০২০ চনৰ ১ জানুৱাৰী, ১ জুলাই আৰু ২০২১ চনৰ ১ জানুৱাৰী ।

এক প্ৰেছ বিজ্ঞপ্তিত চৰকাৰে কয় যে এই বৃদ্ধিয়ে যোৱা বছৰ জানুৱাৰী আৰু জুলাইত সৃষ্টি হোৱা অতিৰিক্ত কিস্তি আৰু এই বছৰৰ জানুৱাৰীত সৃষ্টি হোৱা কিস্তি প্ৰতিফলিত কৰিব । অৱশ্যে, ২০২০ ৰ জানুৱাৰীৰ পৰা ২০২১ ৰ জুনৰ এই সময়ৰ বাবে DA আৰু DR ৰ হাৰ ১৭ শতাংশ থাকিব । এই সিদ্ধান্তৰ ফলত চৰকাৰী কোষাগাৰত প্ৰতি বছৰে প্ৰায় ৩৪,০০০ কোটি টকাৰ বিত্তীয় প্ৰভাৱ পৰিব ।

লগতে পঢ়ক :২২ জুলাইত সংসদৰ বাহিৰত শান্তিপূৰ্ণ প্ৰতিবাদত বহিব কৃষকসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.