ETV Bharat / bharat

Biparjoy Cyclone : সাৱধান! কিছুমুহূৰ্তৰ পাচতেই বিপৰ্যয়ে ধাৰণ কৰিব কালৰূপ; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

author img

By

Published : Jun 11, 2023, 11:50 AM IST

Updated : Jun 11, 2023, 3:48 PM IST

পূব-মধ্য আৰৱ সাগৰৰ ওপৰেৰে তীব্ৰগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ বিপৰ্যয় (Biparjoy Cyclone)। ১১ৰ পৰা ১৫ জুনলৈ সৌৰাষ্ট্ৰ আৰু কচ্ছত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে । পাকিস্তানৰ কাৰাচী উপকূলত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

Biparjoy Cyclone
ঘূৰ্ণীবতাহ 'বিপৰ্যয়'ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

নেশ্যনেল ডেস্ক,১১ জুন : তীব্ৰতৰ হৈছে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰকোপ (Biparjoy Cyclone)। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ঘূৰ্ণীবতাহ বিপৰ্যয় পূব-মধ্য আৰৱ সাগৰৰ ওপৰেৰে তীব্ৰগতিত আগবাঢ়িছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ই প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগত উত্তৰলৈ গতি কৰিছে । জাৰি কৰা সতৰ্কবাণী অনুসৰি, ই পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰত এক অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, তীব্ৰগতিত ঘূৰ্ণীবতাহ প্ৰায় উত্তৰদিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ১৫ জুনত এই ঘূৰ্ণীবতাহে পাকিস্তান আৰু ভাৰতৰ সৌৰাষ্ট্ৰ আৰু কচ্ছৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে (IMD on Biparjoy Cyclone)।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, অহা কেইঘণ্টামানৰ ভিতৰত ঘূৰ্ণীবতাহ মুম্বাইৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিমত, পোৰবন্দৰৰ পৰা ৫৩০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমত, দ্বাৰকাৰ পৰা ৫৮০ কিমি দক্ষিণ-দক্ষিণ-পশ্চিমত, নালিয়াৰ পৰা ৬৭০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমত আৰু কাৰাচীৰ পৰা ৮৩০ কিলোমিটাৰ দক্ষিণত উপনীত হ'ব ।

তীব্ৰ গতিৰে ই উপকূলীয় অঞ্চলত খুন্দা মাৰিব পাৰে । ই উত্তৰদিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ১৫ জুনৰ আবেলি পাকিস্তান আৰু সৌৰাষ্ট্ৰ আৰু কচ্ছৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ।

ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ পথ পৰিৱৰ্তন হৈছে আৰু ই গুজৰাট উপকূলৰ দিশে আগবাঢ়িছে । অৱশ্যে, বিপৰ্যয়ে গুজৰাট উপকূলত আঘাত কৰাৰ সম্ভাৱনা নুই কৰিছে বতৰ বিজ্ঞান বিভাগে । কিন্তু ইয়াৰ পূব দিশত সৌৰাষ্ট্ৰ আৰু কচ্ছত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে (Heavy rains likely in Saurashtra and Kutch)। এই ঘূৰ্ণীবতাহ পোৰবন্দৰৰ পৰা ২০০-৩০০ কিলোমিটাৰ দূৰেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে ।

যাৰ বাবে প্ৰশাসনে মাছমৰীয়াসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপকূলত প্ৰস্তুতি চলাইছে । সুৰক্ষাজনিত কাৰণত বিপদজনক সামগ্ৰীবোৰ আঁতৰ কৰোৱা হৈছে । উপকূলত এনডিআৰএফ আৰু এছডিআৰএফৰ কেইবাটাও দল মোতায়েন কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ধুমুহাৰ গতি বেগ ১১ জুনত ৪০-৫০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৬০-৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি হ'ব পাৰে । একে সময়তে, ১২ জুনত ধুমুহাৰ গতি বেগ প্ৰতি ঘণ্টাত ৫০-৬০ কিঃমিঃ হ'ব পাৰে আৰু ১৩ ৰ পৰা ১৫ জুনলৈ বতাহে প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ বেগত অতিক্ৰম কৰিব ।

১১ আৰু ১২ জুনত দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ উপকূলীয় জিলাবোৰৰ বেছিভাগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ১৩ আৰু ১৪ জুনত ৰাজ্যখনৰ সকলো ঠাইতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যখনৰ কেইবাটাও স্থান শুকুৰবাৰে ডাৱৰীয়া বতৰৰ লগতে ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হৈছে । ইফালে, কাৰাচী পোৰ্ট ট্ৰাষ্টে 'ৰেড এলাৰ্ট' জাৰি কৰিছে (Red alert in Karachi for Biparjoy Cyclone)। পাকিস্তানৰ কাৰাচী পোৰ্ট ট্ৰাষ্টে বিপৰ্যয়ৰ বাবে জাহাজ আৰু বন্দৰৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক :IMD Forecast Biparjoy : সাৱধান ! আগন্তুক ২৪ ঘণ্টাত অধিক তীব্ৰতৰ হ’ব বিপৰ্যয় ঘূৰ্ণীবতাহ

Last Updated :Jun 11, 2023, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.