ETV Bharat / bharat

পত্নীক হত্যা কৰি ওৰে নিশা পত্নীৰ মৃতদেহৰ লগত কটালে স্বামীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:04 PM IST

Etv BharatHusband killed wife
পত্নীক হত্যা কৰি ওৰে নিশা পত্নীৰ মৃতদেহৰ লগত কটালে স্বামীয়ে

স্বামীৰ আসুৰিক তৃপ্তি ৷ পত্নীক হত্যা কৰি মৃতদেহৰ সৈতে ওৰে নিশা কটালে স্বামীয়ে (Husband killed wife in Gorakhpur) ৷ পঢ়ক সবিশেষ...

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ জিলাখনৰ হৰপুৰ বুধাট আৰক্ষী থানা অঞ্চলত মঙলবাৰে নিশা এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে । এজন লোকে তেওঁৰ পত্নীক হত্যা কৰি ওৰে নিশা মৃতদেহটোৰ লগত সহৱস্থান কৰে ৷ লোকজনে গোটেই নিশা মৃত পত্নীৰ মুখত হাত বুলাই কান্দি থাকে ৷

পুৱা শহুৰেকে পুত্ৰ-বোৱাৰীৰ কোঠাত টোকৰ মৰাত পুত্ৰক কান্দি থকা দেখি ঘটনাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে লগে লগে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দৃশ্য দেখি হতভম্ব হয় ৷ মহিলাগৰাকীৰ ৰক্তাক্ত শৰীৰটো বিচনাত পৰি আছিল আৰু তেওঁৰ কাষতেই স্বামীয়ে শুই আছিল ৷ ইতিমধ্যে আৰক্ষী অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ মৃত মহিলাগৰাকীৰ নাম প্ৰিয়ংকা বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৃত প্ৰিয়ংকাৰ স্বামী অনিল বেলদাৰ কৰ্মসূত্ৰে ছোনিপতত থাকে ৷ তেওঁৰ পত্নীয়ে শহুৰেকৰ ঘৰ গানোৰীত বাস কৰে ৷ অনিলে প্ৰায়েই পত্নীক তেওঁৰ লগত ছোনিপতলৈ যাবলৈ জোৰ কৰিছিল ৷ পত্নীয়ে যাবলৈ অমান্তি হ’লেই অনিলে কাজিয়াত লিপ্ত হৈছিল ৷ বহুবাৰ এনে কাজিয়াৰ ফলত পত্নীয়েও মাতৃগৃহলৈ গৈছিল ।

মঙলবাৰে অনিলে ছোনিপতৰ পৰা ঘৰলৈ আহিছিল ৷ ঘৰলৈ আহিয়েই পুনৰ পত্নীৰ সৈতে একেটা কথাতে কাজিয়াত লিপ্ত হৈছিল অনিলে ৷ নিশাই কাজিয়া লাগি স্বামী-স্ত্ৰী নিজ কোঠালৈ সোমাই যায় ৷ তাৰ পিচৰে পৰা প্ৰিয়ংকাৰ কোনোধৰণৰ মাত শুনা নাছিল অনিলৰ পিতৃয়ে ৷ আনকি নিশা শহুৰেকে অনিল আৰু প্ৰিয়ংকাক ভাত খাবলৈ মাতিবলৈ আহোঁতে অনিলে গালি পাৰি পিতৃক পঠিয়াই দিছিল ৷

পুৱা উঠিও অনিলৰ পিতৃয়ে বোৱাৰীয়েকক নেদেখাত সন্দেহ উপজে ৷ অৱশেষত পিতৃয়ে স্থানীয় আৰক্ষীক খবৰ ৷ আৰক্ষীয়ে আহি মৃত পত্নীৰ কাষত স্বামীক শুই থকা দেখা পাই হতবাক হয় ৷ প্ৰিয়ংকাৰ ডিঙিৰ তেজৰ চেঁকুৰা স্পষ্টকৈ দেখা পোৱা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰিয়ংকাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ইফালে এই ঘটনাৰ পিচতে প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে অনিলৰ বিৰুদ্ধে যৌতুকৰ দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে অনিলক ৷

লগতে পঢ়ক: জন্মদিন পালন নে আসুৰিক তৃপ্তি ? শিয়ঁৰি উঠিব আপুনিও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.