ETV Bharat / bharat

Child killed by neighbor: কুকুৰৰ প্ৰাণ বচাবলৈ গৈ পুত্ৰক হেৰুৱালে দুৰ্ভগীয়া পৰিয়ালে

author img

By

Published : Aug 18, 2023, 8:10 PM IST

Child killed by neighbor
কুকুৰৰ প্ৰাণ বচাবলৈ গৈ পুত্ৰক হেৰুৱালে দুৰ্ভগীয়া পৰিয়ালে

চুবুৰীয়াৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে 12 বছৰীয়া কিশোৰে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

নেশ্যনেল ডেস্ক, 18 আগষ্ট : উত্তৰ প্ৰদেশৰ কুশীনগৰত ভয়ংকৰ ঘটনা ৷ চুবুৰীয়াৰ আক্ৰোশৰ বলি হ’ল এটি দুৰ্ভগীয়া কিশোৰ ৷ চুবুৰীয়াৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে 12 বছৰীয়া কিশোৰ ৰমনে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

কুশীনগৰৰ কাচিয়াৰ থানাৰ অন্তৰ্গত শিৱপট্টি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ যোৱা 1 আগষ্টত গাঁওখনৰ বাসিন্দা মধুকৰ ললিত ত্ৰিপাঠীৰ 12 বছৰীয়া পুত্ৰ ৰমন ত্ৰিপাঠী ঘৰৰ ওচৰৰ পৰাই নিখোঁজ হৈ আছিল ৷ পৰিয়ালৰ লোকে ল’ৰাজনক বহু ঠাইত বিচাৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল ৷ তাৰ পিচতেই অসহায় পৰিয়ালটোৱে কাচিয়া আৰক্ষীৰ কাষ চাপি পুত্ৰ নিখোঁজ হোৱাৰ ঘটনা অৱগত কৰিছিল ৷ তাৰ পিচতেই 2 আগষ্টত, নলাত এটা কিশোৰৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল ৷ আৰক্ষীয়ে লগে লগে কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰি অনুসন্ধান আৰম্ভ কৰাত কিশোৰটো নিখোজ ৰমন ত্ৰিপাঠীৰ মৃতদেহ বুলি জানিব পাৰিছিল ৷ কিশোৰটোৰ মুখত গুৰুতৰভাৱে আঘাত কৰাৰ চিন স্পষ্টকৈ দেখা গৈছিল ৷ আৰক্ষীয়ে কিশোৰটোৰ ঘৰত খবৰ দিয়াত ঘৰৰ লোকেও কিশোৰটোৰ পৰিচয় চিনাক্ত কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ ঘটনাৰ অনুসন্ধান কৰোঁতেই এজন চুবুৰীয়াৰ ওপৰত সন্দেহৰ আঙুলি উঠে ৷ ভুক্তভোগী পৰিয়ালে এটা কুকুৰক প্ৰতিদিনে আহাৰ খুৱাইছিল, যাৰ বাবে কুকুৰটো তেওঁলোকৰ ঘৰৰ ওচৰত বাস কৰিছিল ৷ হত্যাৰ কেইদিনমান পূৰ্বে হত্যাৰ অভিযুক্ত শমছুদ্দিন ওৰফে মংগৰু পৰিয়ালটোৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যাওঁতে কুকুৰটোৱে মংগৰুক ভুকিবলৈ আৰম্ভ কৰে ৷

কুকুৰটোৱে ভোকা দেখি ক্ষুব্ধ হৈ অভিযুক্ত মংগৰুৱে কুকুৰটোক মাৰপিট কৰিবলৈ আৰম্ভ কৰে ৷ কুকুৰটোক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখি ৰমন ত্ৰিপাঠীৰ পৰিয়ালৰ লোকে হকা বধা দি মংগৰুৰ হাতৰ পৰা কুকুৰটোক বচাইছিল ৷ ইয়াৰ পিচত অভিযুক্ত মংগৰু সেই ঠাইৰ পৰা গুচি যায় ৷ ইফালে অভিযুক্ত মংগৰু ৰমনৰ ঘৰৰ ওচৰতে বাস কৰিছিল ৷

এই ঘটনাৰ পিচতে প্ৰতিশোধ লোৱাৰ মনস্থ কৰি ৰমনক এদিন অকলশৰে পাই মংগৰুৱে এটা কালভাৰ্টৰ ফালে মাতি লৈ যায় ৷ ৰমনক মংগৰুৱে দুৰ্ব্যৱহাৰ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷

ইয়াৰ পিচতে মংগৰুৱে প্ৰহাৰ কৰি কিশোৰটোক হত্যা কৰি নলাত পেলাই থৈ যায় আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অভিযুক্তটোৱে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰটোৰ মৰণোত্তৰ প্ৰতিবেদনত মৃত্যুৰ পূৰ্বে তেওঁক আঘাত কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে ৷ ইতিমধ্যে মংগৰুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.