ETV Bharat / bharat

Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

author img

By

Published : Aug 18, 2023, 3:39 PM IST

Updated : Aug 18, 2023, 5:40 PM IST

চকলেটৰ প্ৰলোভনেৰে চৰিতাৰ্থ কৰিলে অসৎ কামনা ৷ 31 বছৰীয়া যুৱকৰ কামনাৰ বলি হোৱাৰ অভিযোগ 5 বছৰীয়া কন্যা ৷ ভুক্তভোগী পৰিয়ালক মুখ নুখুলিবৰ বাবে ভীতি প্ৰদৰ্শনৰ অবিযোগ অভিযুক্তৰ বিৰুদ্ধে ৷

Buxar crime news
চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ

নেশ্যনেল ডেস্ক, 18 আগষ্ট: বিহাৰৰ বাক্সাৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী পাঁচ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে । অভিযুক্ত লোকজনৰ ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ বাবে ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰলৈ যাবলৈ সাহস গোটাব নোৱাৰি সংকটজনক অৱস্থাত নিৰীহ চিকিৎসকজনক ঘৰতে চিকিৎসা কৰিবলৈ বাধ্য হয়। ইটিভি ইণ্ডিয়াই এই সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰে, তাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে।

জিলাখনৰ ডুমৰাওন মহকুমাৰ অন্তৰ্গত ছিমৰি থানা এলেকাৰ অন্তৰ্গত এখন গাঁৱত চকলেট দিয়াৰ প্ৰলোভনেৰে 5 বছৰীয়া শিশুটিক ফোন কৰি ধৰ্ষণ কৰাৰ অভিযোগ এজন 31 বছৰীয়া যুৱকৰ বিৰুদ্ধে । ছোৱালীজনী বহুসময়লৈ অজ্ঞান হৈ পৰিছিল । কেবাঘণ্টাৰ পিছত ছোৱালীজনীয়ে চেতনা ঘূৰাই পোৱাৰ লগে লগে ঘৰত উপস্থিত হয় ৷ শিশুগৰাকীৰ পৰা এই বিষয়ে অৱগত হৈ আচৰিত হৈ পৰে পৰিয়ালটো । কিন্তু অভিযুক্তজনে প্ৰদান কৰা ভয়-ভাবুকিৰ বাবে পৰিয়ালটো থানালৈও যোৱা নাছিল লগতে চিকিৎসালয়লৈও যোৱা নাছিল ।

সংবাদ মাধ্যমৰ লোকে এই ঘটনাৰ বিষয়ে ডুমৰাওঁৰ মহকুমা আৰক্ষী বিষয়া আফক আনছাৰীক অৱগত কৰে ৷ তাৰ পিছত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ তত্বাৱধানত শিশুগৰাকীক ছিমৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে । একেসময়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্তই এতিয়াও গাঁওখনতেই আত্মগোপন কৰি আছে ।

গোচৰৰ তথ্য দি বাক্সাৰ আৰক্ষীৰ কেপ্তেইন মণীষ কুমাৰে কয়, "5-6 বছৰীয়া নিৰীহ শিশু এটিক ধৰ্ষণ কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে । আৰক্ষীৰ দলটো গাঁৱত উপস্থিত হৈছে ।" আনহাতে, ডুমৰাওঁৰ এছ ডি পি অ’ আফাক আনছাৰীয়ে জনোৱা মতে, আৰক্ষী বেষ্টনীত কিশোৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । লক্ষণীয় যে নিৰীহ ছোৱালীজনীৰ ওপৰত যি বৰ্বৰতা সংঘটিত হৈছিল, তাক লৈ গাঁওবাসী ক্ষুব্ধ হৈ পৰিছে । কিন্তু অভিযুক্তজন প্ৰভাৱশালী পৰিয়ালৰ হোৱাৰ বাবে সকলোৱে মৌনতা অৱলম্বন কৰিছে ।

"এগৰাকী ছোৱালীৰ সৈতে হোৱা নৃশংসতাৰ ঘটনা পোহৰলৈ আহিছে । ছোৱালীজনীৰ বয়স মাত্ৰ 5-6 বছৰৰ ভিতৰত । অভিযুক্তক বিচাৰি গাঁৱত উপস্থিত হৈছে আৰক্ষী "- মণীষ কুমাৰ, আৰক্ষী অধীক্ষক, বাক্সাৰ

"আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে । অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব । অভিযুক্তজন পলাতক উৱস্থাত আছে । গ্ৰেপ্তাৰ নোহোৱালৈকে অব্যাহত থাকিব আৰক্ষীৰ অভিযান ।"- আফাক আনছাৰী, মহকুমা আৰক্ষী বিষয়া ডুমৰাওন ৷

লগতে পঢ়ক: Police Constable Rape Woman : ৰাজস্থানত আৰক্ষী কনিষ্টবলৰ কামনাৰ বলি মহিলা; বিচনাত বান্ধি প্ৰহাৰ ৰাইজৰ

Last Updated :Aug 18, 2023, 5:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.