ETV Bharat / bharat

Corona latest update : ভাৰতত পুনৰ নতুনকৈ ৮৬২ গৰাকী ক'ভিডত আক্ৰান্ত

author img

By

Published : Oct 25, 2022, 1:00 PM IST

Corona latest update
ভাৰতত পুনৰ নতুনকৈ ৮৬২ গৰাকী ক'ভিডত আক্ৰান্ত

যোৱা ২৪ ঘণ্টাত দেশত ক'ভিডৰ ৮৬২ টা নতুন ঘটনা পোহৰলৈ আহিছে । দেশত সংক্ৰমিত হোৱা লোকৰ মুঠ সংখ্যা ৪,৪৬,৪৪,৯৩৮ লৈ বৃদ্ধি হৈছে (Covid cases in India)। সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯ লৈ হ্ৰাস পাইছে ।

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দীপাৱলীক লৈ দেশবাসী ব্যস্ত (Diwali celebration) হৈ থকাৰ মাজতে আন এক উদ্বেগজনক খবৰ । দেশৰ কোনো কোনো স্থানত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid infection starts)। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক'ভিডৰ ৮৬২ টা নতুন ঘটনা পোহৰলৈ আহিছে (Covid cases in India last 24 hours)। এতিয়ালৈকে দেশত সংক্ৰমিত হোৱা লোকৰ মুঠ সংখ্যা ৪,৪৬,৪৪,৯৩৮ লৈ বৃদ্ধি হৈছে (Covid cases in India)। ক'ভিড সংক্ৰমণৰ ফলত দেশত মৃত্যু হৈছে ৫,২৮,৯৮০ গৰাকী লোকৰ ।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯ লৈ হ্ৰাস পাইছে । আনহাতে যোৱা ২৪ ঘণ্টাত তিনিগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত ৰোগীৰ দুগৰাকীয়ে কেৰালাৰ বুলি জানিব পৰা গৈছে ।

দেশত যোৱা ১১ এপ্ৰিলত সৰ্বনিম্ন ৭৯৬ টা ক'ভিডৰ ঘটনা পোহৰলৈ আহিছিল । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ হৈছে ৯৮.৭৬ শতাংশ । যোৱা ২৪ ঘণ্টাত, ৬৪৪ গৰাকী লোক আৰোগ্য হোৱা বুলি জানিব পৰা গৈছে (Covid recovery)।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দৈনিক আক্ৰান্তৰ হাৰ ১.৩৫ শতাংশ, আনহাতে সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.০২ শতাংশ । ইফালে দেশত আৰোগ্য লোকৰ সংখ্যা ৪,৪০,৯৩,৪০৯ লৈ বৃদ্ধি হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত মৃত্যুৰ হাৰ ১.১৮ শতাংশ (Health ministry of India)।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশজুৰি ক'ভিড-১৯ৰ টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ২১৯.৫৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ভাৰতৰ ক'ভিড আক্ৰান্তৰ সংখ্যা ২০২০ চনৰ ৭ আগষ্টত আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ । ২০২০ চনৰ ১৯ ডিচেম্বৰত দেশত সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম কৰিছিল । সংক্ৰমিত লোকৰ সংখ্যা যোৱা বছৰৰ ৪ মে'ত দুই কোটি আৰু ২৩ জুনত তিনি কোটি অতিক্ৰম কৰিছিল । চলিত বৰ্ষৰ ২৫ জানুৱাৰীত সংক্ৰমণৰ সংখ্যা ৪ কোটি অতিক্ৰম কৰিছিল ।

লগতে পঢ়ক :Firecrackers Seized : কৰ্ণাটকত লক্ষ্মীৰ ছবি সংলগ্ন আতচবাজী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.