ETV Bharat / bharat

Firecrackers Seized : কৰ্ণাটকত লক্ষ্মীৰ ছবি সংলগ্ন আতচবাজী জব্দ

author img

By

Published : Oct 25, 2022, 9:03 AM IST

চৌদিশে দীপাৱলীৰ আনন্দ(Diwali 2022 in India) । দীপাৱলী উপলক্ষে ফটকা তথা আতচবাজী ফুটাই আনন্দ কৰিছে সকলোৱে (Festival of Diwali) । কিন্তু কৰ্ণাটকত দীপাৱলী আটচবাজীয়ে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে জব্দ কৰিলে চহৰখনত বিক্ৰী কৰা দেৱী লক্ষ্মীৰ ছবি থকা আতচবাজী (Lakshmi firecrackers seized in Karnataka)।

lakshmi firecrackers seized in karnataka
কৰ্ণাটকত লক্ষ্মীৰ আতচবাজী জব্দ

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দেশজুৰি উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022 in India) । দীপাৱলীক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে (Festival of Diwali) । ৰং-বিৰঙী আলোক সজ্জাৰে সজোৱা হৈছে ঘৰ, অনুষ্ঠান প্ৰতিষ্ঠান আদি । সমানে পয়োভৰ ঘটিছে ভিন্ন আটচবাজীৰ । ইয়াৰ মাজতে এবিধ বিশেষ আতচবাজীক লৈ উত্থাপন হৈছে এক বিশেষ অভিযোগ । দেৱী লক্ষ্মীৰ প্ৰতিচ্ছবি থকা আতচবাজীয়ে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে(Allegation of hurting religious sentiments) ।

কৰ্ণাটকৰ কালাবুৰাগীত আৰক্ষীয়ে আতচবাজীৰ দোকানত তালাচী চলাই হিন্দু দেৱী মাঁ লক্ষ্মীৰ প্ৰতিচ্ছবি থকা আতচবাজী জব্দ কৰে(Lakshmi firecrackers seized in Karnataka) । চহৰখনত দেৱী লক্ষ্মীৰ ছবিথকা আতচবাজী বিক্ৰী কৰা হৈছিল । আতচবাজী ফাটি যোৱাৰ পিছত, লক্ষ্মীৰ ছবি থকা কাগজখন ৰাস্তাতে পৰে ৰয় আৰু সকলোৱে পদদলিত কৰে । ইয়াৰ বাবে, ঈশ্বৰ আৰু হিন্দু ধৰ্মক অপমান কৰা হৈছে বুলি উত্থাপন হৈছিল অভিযোগ ।

কৰ্ণাটকত লক্ষ্মীৰ আতচবাজী জব্দ

হিন্দু পন্থী সংগঠনসমূহৰ নেতাসকলে আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল যে লক্ষ্মীৰ ছবি থকা আতচবাজী বিক্ৰী কৰা হৈছে আৰু এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা লোৱা উচিত । এটা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ব্ৰহ্মপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শৰণবেশ্বৰ ময়দানত অস্থায়ীভাৱে স্থাপন কৰা আতচবাজীৰ দোকানসমূহত তালাচী চলায় আৰু লক্ষ্মীৰ ছবি থকা আতচবাজী জব্দ কৰে । ইয়াৰ উপৰিও, ব্যৱসায়ীসকলক ধৰ্মীয় অনুভূতিক আঘাত কৰা ছবিৰ সৈতে আতচবাজী বিক্ৰী নকৰিবলৈ কঠোৰ ভাষাৰে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Diwali at Golden Temple: দেৱালীত স্বৰ্ণ মন্দিৰত বন্দী চোড় দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.