ETV Bharat / bharat

Conrad Sangma ready to form govt: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’বলৈ সাজু কনৰাড চাংমা; মোদী-শ্বাহ হ’ব বিশেষ অতিথি

author img

By

Published : Mar 5, 2023, 7:55 AM IST

Meghalaya political updates ETV
Conrad Sangma ready to form govt

মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে কনৰাড চাংমা ৷ ৰাজ্যপালৰ পৰা ইতিমধ্যেই অনুমতি পত্ৰ লাভ কৰিলে এন পি পিৰ মুৰব্বী চাংমাই ৷ মিত্ৰ হিচাপে থাকিব বিজেপিৰ দুগৰাকী, এইছ এছ পি ডি পিৰ দুগৰাকী আৰু আন দুগৰাকী নিৰ্দলীয় বিধায়ক ৷ শপত গ্ৰহণলৈ আহিব মোদী-শ্বাহ (Meghalaya govt oath ceremony) ৷

নিউজ ডেস্ক, 5 মাৰ্চ: মেঘালয়ৰ ৰাজনৈতিক ক্ষেত্ৰখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত ৷ কোনে চৰকাৰ গঠন কৰিব মেঘালয়ত ? কোনো দলে যিহেতু সংখ্যা গৰিষ্ঠতা লাভ কৰা নাই তেনে ক্ষেত্ৰত মিত্ৰজোঁট গঠন কাৰ কাৰ হ’ব ? নতুন চাল ৰচিব নেকি তৃণমূল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ৷ সংখ্যা গৰিষ্ঠতা নাপালেও সৰ্বাধিক 26 খন আসন লাভ কৰা কনৰাড চাংমাৰ এন পি পি দলে মিত্ৰতাৰ ক্ষেত্ৰত কাৰ কাৰ কাষ চাপিব ? চৰ্চা হোৱাৰ দৰেই বিজেপি এই মিত্ৰতাৰ অংশীদাৰ হ’ব নে ? এইধৰণৰ অনেকটা প্ৰশ্ন উদয় হৈছে ৰাজনৈতিক মহলত (Meghalaya political updates) ৷

এনে দোদুল্যমান পৰিস্থিতিতে নতুন মোৰ লৈছে মেঘালয়ৰ চৰকাৰ গঠনৰ বিষয়টোৱে ৷ নেচনেল পিপলচ্ পাৰ্টী চমুকৈ এন পি পিৰ নেতা কনৰাড চাংমাই দাবী কৰিছে যে, তেওঁৰ সৈতে 32 গৰাকী বিধায়ক আছে আৰু ইতিমধ্যে তেওঁ চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ পৰা অনুমতি পত্ৰ লাভ কৰিছে ৷ এক বিবৃতিত চাংমাই কয়, ‘‘ মই চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ পৰা পত্ৰ লাভ কৰিছোঁ ৷ ৰাজভৱনত অহা 7 মাৰ্চত দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ নেতাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব বুলি আমি আশাবাদী ৷’’ (Conrad Sangma stakes claim to form Meghalaya govt) ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘আমাৰ সৈতে 32 গৰাকী বিধায়ক আছে আৰু তেওঁলোকক জনতাই নিৰ্বাচিত কৰিছে ৷ গতিকে বিধায়কসকলে এইটো নিৰ্ধাৰণ কৰিব যে, তেওঁলোকে কাক সমৰ্থন কৰিব ৷ বেচৰকাৰী সংস্থাসমূহৰ হয়তো ভিন্ন মত থাকিব পাৰে, কিন্তু এয়া নিৰ্বাচনী জনাদেশৰ পৰা সম্পূৰ্ণ পৃথক বিষয়বস্তু ৷ মেঘালয়ে এনে ব্যৱহাৰ কেতিয়াও প্ৰত্যক্ষ কৰা নাই আৰু এয়া গ্ৰহণযোগ্য নহয় ৷’’ শুকুৰবাৰে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ প্ৰশাসনে সাহচনিয়াং গাঁৱত সান্ধ্য আইন বলৱৎ কৰিছিল ৷ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ (Post poll violence in Meghalaya)

লগতে পঢ়ক: Meghalaya Assembly Election : মেঘালয়ৰ মচনদত এতিয়াও অনিশ্চিত কনৰাড, মুকুল চাংমাৰ ৰাজনৈতিক টুইষ্ট

উল্লেখ্য যে, মেঘালয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাচতে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টীৰ সভাপতি মেটবাহ লিংডোৱে কয় যে, তেওঁলোকৰ সৈতে চৰকাৰ গঠন কৰিব পৰাকৈ 31 গৰাকী বিধায়ক আছে ৷ লিংডোৱে এই 31 গৰাকী বিধায়কৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছিল ইউডিপি, তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ, পিডিএফ, এইছ এছ পি ডি পি আৰু এগৰাকী নিৰ্দলীয় বিধায়কক ৷ অৱশ্যে এই নিৰ্বাচনত কনৰাড চাংমাৰ এন পি পি দলে 26 খন আসনৰ সৈতে সৰ্বাধিক আসন লাভ কৰা দল হিচাপে পৰিগণিত হৈছে (Conrad Samnga ready to form govt) ৷

মেঘালয়ত এগৰাকী খাচী জনগোষ্ঠীয় মুখ্যমন্ত্ৰী হ’ব লাগে বুলি দাবী কৰি এন পি পিৰ মুৰব্বীগৰাকীয়ে কয় যে, এয়া কোনো এটা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি বিশেষৰ নহয় বৰঞ্চ জনতাৰ মতদান ৷ ‘‘আমি গণতন্ত্ৰত বাস কৰি আছোঁ, য’ত মুখ্যমন্ত্ৰী বাচনি কৰাৰ এক পদ্ধতি আছে ৷ এয়া কোনো এটা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ নহয়, বৰঞ্চ জনতাৰ মতদান ৷ মই ভাবো এই বিষয়টোৰ সৈতে জনতাৰ আবেগ জড়িত হৈ আছে ৷ কিন্তু জনমত দিয়াতো প্ৰয়োজন ৷’’ চাংমাই কয় (Meghalaya Govt oath ceremony on 7th March) ৷

প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা এন পি পিৰ বিধায়ক প্ৰেষ্টন টাইচঙে কয় যে, তেওঁলোকৰ দলৰ যথেষ্ট সংখ্যক বিধায়ক আছে আৰু তেওঁলোকে আন ৰাজনৈতিক দললৈ মিত্ৰতাৰ হাত আগবঢ়াইছে ৷ ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 7 মাৰ্চত হ’ব লগীয়া শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ৷ অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো এই শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ৷ আমাৰ লগত যথেষ্ট সংখ্যক বিধায়ক আছে ৷ এই সংখ্যা 38 ৰ পৰা 40 গৰাকী হ’ব ৷’’ টাইচঙে সংবাদ মাধ্যমক কয় (Meghalaya govt ally parties) ৷

তেওঁ লগতে এই কথাও কয় যে, বিজেপিৰ বাহিৰেও হিল ষ্টেট পিপলচ্ ডেমক্ৰেটিক পাৰ্টী চমুকৈ এইছ এছ পি ডি পিৰ দুগৰাকী আৰু আন দুগৰাকী নিৰ্দলীয় বিধায়কে এন পি পিক চৰকাৰ গঠনৰ বাবে সমৰ্থন জনাইছে ৷ বৰ্তমান তেওঁলোকৰ বিধায়কৰ সংখ্যা হৈছে 32 গৰাকী ৷

লগতে পঢ়ক: Assembly election 2023: 8 মাৰ্চত ত্ৰিপুৰাত শপত গ্ৰহণ; মেঘালয়ত চৰকাৰ গঠনক লৈ অনিশ্চয়তা

আনহাতে, নিৰ্বাচনৰ পাচত ৰাজ্যখনৰ কেইবাটাও স্থানত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত আইন-শৃংখলাজনিত বিষয়ত গুৰুত্ব আৰোপ কৰি টাইচঙে কয়, ‘‘আমি আইন-শৃংখলা ভংগ কৰিবলৈ কাকো অনুমতি নিদিওঁ ৷ যোৱা নিশা কোনো কোনো স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ আমি আৰক্ষীক ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ ৷’’

যোৱা 2 মাৰ্চত জিলা দণ্ডাধীশ বি এছ ছোহলিয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশত জিলা প্ৰশাসনে কয় যে, তেওঁলোকে সাহচনিয়াং গাঁৱত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছে ৷ ‘‘আশংকা কৰা হৈছে যে হিংসা বিয়পিব পাৰে আৰু তীব্ৰতৰ হ’ব পাৰে ৷ যদিহে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয়, তেন্তে ইয়াৰ ফলত সম্পত্তি ধ্বংস হ’ব পাৰে আৰু মানুহৰ প্ৰাণ হেৰুৱাব পাৰে ৷’’ নিৰ্দেশটোত উল্লেখ কৰা হৈছে এইদৰে ৷

এন পি পিৰ মুৰব্বী কনৰাড চাংমাই শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানক মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে ৷ লগতে নতুনকৈ চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰে ৷ কনৰাড চাংমাই দক্ষিণ তুৰা সমষ্টিৰ পৰা প্ৰায় 5,016 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে ৷ তেওঁৰ প্ৰতিদ্বন্দী আছিল বিজেপিৰ বাৰ্ণাৰ্ড এন মাৰাক (Conrad Sangma wins from South Tura) ৷

মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানে চাংমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু তেওঁক পৰৱৰ্তী বিকল্প প্ৰস্তুত নোহোৱা পৰ্যন্ত দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায় ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কনৰাড চাংমাই চৰকাৰ গঠনৰ বাবে সমৰ্থন বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰিছিল (Meghalaya Political news) ৷

লগতে পঢ়ক: BJP Strength in NE Region : বিজেপিৰ শক্তি বাঢ়িলনে কমিল ? উত্তৰ-পূবৰ ৩ ৰাজ্যৰ ফলাফলে কি কয় ?

সদ্য সমাপ্ত মেঘালয় বিধানসভা নিৰ্বাচনত ইউনাইটেড ডেমক্ৰেটিক পাৰ্টীয়ে 11 খন আসন লাভ কৰিছে ৷ কংগ্ৰেছে লাভ কৰিছে 5 খন আসন ৷ পূৰ্ব বিধানসভাৰ পৰা কংগ্ৰেছৰ সকলো বিধায়ককে নিজৰ ফলীয়া কৰিবলৈ সক্ষম হোৱা তৃণমূল কংগ্ৰেছেও এইবাৰৰ নিৰ্বাচনত 5 খন আসন লাভ কৰিছে ৷ বিজেপি, পিপলচ্ ডেমক্ৰেটিক পাৰ্টী আৰু হিল ষ্টেট পিপলচ্ ডেমক্ৰেটিক পাৰ্টীয়ে দুখনকৈ আসন লাভ কৰিছে ৷ ভইচ অৱ দ্য পিপলচ্ পাৰ্টীয়ে লাভ কৰিছে 4 খন আসন আৰু দুগৰাকী বিধায়ক নিৰ্বাচিত হৈছে নিৰ্দলীয়ভাৱে (Meghalaya election 2023) ৷

বিজেপি আৰু এন পি পি পূৰ্বৰ চৰকাৰত মিত্ৰদল আছিল যদিও এইবাৰৰ নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ৷ বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলে ত্ৰিপুৰা আৰু নাগালেণ্ডত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে ৷ 2018 চনত ত্ৰিপুৰাত বাওঁ দলক পৰাভূত কৰি বিজেপিয়ে ইতিহাস ৰচিছিল ৷ যাৰ বাবে এইবাৰ সৰ্বাধিক সংখ্যক নিৰ্বাচনী সমীক্ষাত বিজেপি পুনৰ ত্ৰিপুৰাৰ শাসনৰ গাদীত বহিব বুলি পূৰ্বানুমান কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.