ETV Bharat / bharat

Meghalaya Assembly Election : মেঘালয়ৰ মচনদত এতিয়াও অনিশ্চিত কনৰাড, মুকুল চাংমাৰ ৰাজনৈতিক টুইষ্ট

author img

By

Published : Mar 4, 2023, 8:11 PM IST

Updated : Mar 4, 2023, 11:04 PM IST

মেঘালয়ৰ এনপিপিয়ে শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত 26 খন আসনত জয়লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে (Meghalaya Assembly Election 2023) । কিন্তু তাৰ পিছতো দলটোৱে চৰকাৰ গঠন কৰাৰ পূৰ্বে শেষ মুহূৰ্তত কিছু বাধা অতিক্ৰম কৰিব লাগিব পাৰে । যদিও কনৰাড চাংমাৰ দলটোৱে ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানৰ তাৰিখ ঘোষণা কৰিছে, মুকুল চাংমাই কিন্তু আন এক পৰিকল্পনাহে কৰিছে ।

Meghalaya Election
Meghalaya Election

নিউজ ডেস্ক, ৪ মাৰ্চ : মেঘালয়ৰ মচনদত কোন বহিব সেয়া এতিয়া ধূসৰ হৈ আছে । কিয়নো মেঘালয়ৰ নেচনেল পিপলছ পাৰ্টীয়ে (National Peoples Party, NPP) শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত ২৬ খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ে (NPP emerged as single-largest party in Meghalaya) । কিন্তু চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ মাজতে এখোজ পিছুৱাই আহিবলগা হৈছে । কিয়নো পূৰ্বতে এনপিপিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী কনৰাড চাংমাক সমৰ্থন আগবঢ়োৱা দুজন বিধায়কে শুকুৰবাৰে সন্ধিয়া এই সমৰ্থন অচম্বিতে প্ৰত্যাহাৰ কৰে (Meghalaya Chief Minister Conrad Sangma) । যাৰ বাবে চৰকাৰ গঠন প্ৰক্ৰিয়াত জটিলতাই দেখা দিয়ে ।

ইয়াৰ উপৰি, টিএমচিৰ মুকুল চাংমাই দাবী কৰে যে তেওঁৰ দলে পূৰ্বৰ এনপিপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ এক অংশ ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী (ইউডিপি) আৰু অন্যান্য সৰু দলবোৰৰ সৈতে এক বিকল্প অনা এনপিপি ফ্ৰণ্ট গঠন কৰিবলৈ সাজু (TMCs Mukul Sangma claims forming govt in Meghalaya) । শুকুৰবাৰে ইউডিপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, হিল ষ্টেট পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টী (এইচএছপিডিপি), পিপ'লছ ডেম'ক্ৰেটিক ফ্ৰণ্ট (পিডিএফ) আৰু ভইচ অব পিপ'ল পাৰ্টীৰ (ভিপিপি) নৱনিৰ্বাচিত বিধায়ক আৰু নেতাসকলে শ্বিলঙত এক ঐক্যবদ্ধ ফ্ৰণ্ট গঠন কৰিবলৈ আৰু এনপিপিক ক্ষমতালৈ ঘূৰি অহাত বাধা দিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে (NPP demanded to form govt in Meghalaya) ।

উল্লেখ্য, মেঘালয়ত বৰ্তমান ইউডিপিৰ ১১ জন বিধায়ক, কংগ্ৰেছ আৰু টিএমচিৰ পাঁচজনকৈ, ভিপিপিৰ চাৰিজন, এইচএছপিডিপিৰ দুজন আৰু পিডিএফৰ দুজন বিধায়ক আছে । যাৰ ফলত তেওঁলোকৰ সংখ্যা ২৯ লৈ বৃদ্ধি পাইছে, কিন্তু সংখ্যাগৰিষ্ঠতাতকৈ এতিয়াও দুটা সংখ্যা কম আছে । আনহাতে, বৈঠকৰ পিছত মুকুল চাংমাই ৰাজনৈতিক দলসমূহক একত্ৰিত হ'বলৈ আৰু ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়, যাতে ৰাজ্যখনক অপশাসনৰ অধীনস্থ হোৱা আৰু দেশৰ "আটাইতকৈ দুৰ্নীতিগ্ৰস্ত" ৰাজ্য হোৱাৰ অনাকাংক্ষিত উপাধি পোৱাটো প্ৰতিহত কৰিব পৰা যায় । অৱশ্যে যদিও মুকুল চাংমাই কৈছে যে চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ সংখ্যা "যথেষ্ট" আছে, কিন্তু এনপিপি নেতৃত্বাধীন মিত্ৰজোঁটে এই বাধা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে (Meghalaya Assembly election latest news) ।

ইফালে কনৰাড চাংমাই পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী কৰিবলৈ প্ৰয়োজনীয় ৩১ জনতকৈ এজন অধিক, ৩২ জন বিধায়কে স্বাক্ষৰ কৰা এখন সমৰ্থন-পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰে । পত্ৰখনত এনপিপিৰ ২৬ জন বিধায়ক, বিজেপিৰ দুজন, এইচএছপিডিপিৰ দুজন আৰু দুজন নিৰ্দলীয় বিধায়কৰ স্বাক্ষৰ আছিল । অৱশ্যে এইচএছপিডিপিয়ে পিছত দাবী কৰে যে তেওঁলোকে দলটোৰ বিধায়ক দুজনক এনপিপি নেতৃত্বাধীন চৰকাৰ গঠনত সমৰ্থন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা নাছিল ।

দলটোৱে কনৰাড চাংমালৈ লিখা এখন পত্ৰত নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰে । অৱশ্যে এইচএছপিডিপিৰ এই পত্ৰৰ প্ৰতি এনপিপিৰ পৰা তাৎক্ষণিকভাৱে কোনো সঁহাৰি পোৱা হোৱা নাই । কিন্তু দলীয় সূত্ৰই দাবী কৰে যে চৰকাৰ গঠনৰ বাবে এতিয়াও এনপিপিৰ ওচৰত প্ৰয়োজনীয় সংখ্যা আছে । তাৰ মাজতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা এনপিপিৰ বিধায়ক প্ৰেষ্টেন টিনচঙে এয়াও ঘোষণা কৰিছে যে এনপিপি নেতৃত্বাধীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অহা ৭ মাৰ্চত অনুষ্ঠিত হ'ব ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৭ মাৰ্চত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাইও শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । আমাৰ ওচৰত পৰ্যাপ্ত সংখ্যা আছে আৰু আমি আন ৰাজনৈতিক দলসমূহৰ ওচৰলৈ গৈ আছোঁ । এই সংখ্যা ৩৮-৪০ লৈ বৃদ্ধি হ'ব পাৰে ।" সংবাদ সংস্থা এএনআইয়ে প্ৰেষ্টন টিনচঙৰ উদ্ধৃতি দি এনেদৰে কয় ।

উল্লেখ্য, মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটগণনা বৃহস্পতিবাৰে অনুষ্ঠিত হয়, য'ত এনপিপিয়ে ২৬ খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে । আনহাতে, ত্ৰিপুৰাতো বিজেপিয়ে ক্ষমতা বৰ্তাই ৰখাৰ লগতে এনডিপিপি-বিজেপি মিত্ৰজোঁটে নাগালেণ্ডত নিৰ্বাচনত জয়লাভ কৰে ।

লগতে পঢ়ক : BJP Strength in NE Region : বিজেপিৰ শক্তি বাঢ়িলনে কমিল ? উত্তৰ-পূবৰ ৩ ৰাজ্যৰ ফলাফলে কি কয় ?

Last Updated :Mar 4, 2023, 11:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.