ETV Bharat / state

BJP Strength in NE Region : বিজেপিৰ শক্তি বাঢ়িলনে কমিল ? উত্তৰ-পূবৰ ৩ ৰাজ্যৰ ফলাফলে কি কয় ?

author img

By

Published : Mar 4, 2023, 7:48 PM IST

উত্তৰ-পূবৰ ৩ ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলে কি ইংগিত বহন কৰে (BJP performance in north east states election) ? উত্তৰ-পূবত হ্ৰাস পাইছে নেকি বিজেপিৰ জন সমৰ্থন ? অনাগত দিনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি বিজেপি ? উত্তৰ-পূবত আঞ্চলিক দলৰ উত্থানে এক নতুন ৰাজনৈতিক বাৰ্তা বহন কৰিছে ।

BJP
BJP

গুৱাহাটী, ৪ মাৰ্চ : উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল বিজেপিৰ পক্ষত (Assembly election 2023 of north east) ৷ মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড- এই তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত বিজেপিৰ মিত্ৰজোঁটে সহজেই চৰকাৰ গঠন কৰিব ৷ সামগ্ৰিকভাৱে তিনিও ৰাজ্যত সংখ্যাগত দিশত বিজেপিয়ে শাসনৰ অংশীদাৰ হৈ সফলতা লভিছে (BJP alliance win Tripura and Nagaland Assembly) ৷ কিন্তু এই তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনে উত্তৰ-পূবৰ ৰাজনীতিলৈ নতুন ইংগিত প্ৰদান কৰিছে ৷

তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে বিজেপিলৈ কঢ়িয়াই অনা নাই বিশেষ কোনো আশাৰ বতৰা ৷ যাৰ বাবে এইখিনিতে প্ৰশ্ন উঠিছে, অনাগত দিনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি বিজেপি (BJP performance in north east states election) ? কিয়নো তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ তথ্যত উন্মোচিত হৈছে বিজেপিৰ বাবে সাংগঠনিকভাৱে কেতবোৰ মন কৰিবলগীয়া দিশ ৷ একাধিক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰিছে নিৰ্বাচন আয়োগৰ তথ্যই ।

প্ৰশ্ন এক, উত্তৰ-পূবত হ্ৰাস পাইছে নেকি বিজেপিৰ জন সমৰ্থন ? দ্বিতীয়তে, উত্তৰ-পূবত পুনৰ উত্থান হ’ব নেকি আঞ্চলিক জনজাতীয় শক্তিৰ ? নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা তিনিখন ৰাজ্যৰ ১৭৯ আসনৰ ভিতৰত মাত্ৰ ৪৬ আসনতে সীমিত হৈ ৰ’বলগা হ’ল বিজেপি ৷ আনহাতে, ১৭৯ আসনৰ ভিতৰত ৯৩ খন আসনত জয় লাভ কৰিছে আঞ্চলিক ৰাজনৈতিক দলে ৷ নিৰ্বাচন হৈ যোৱা এই তিনিওখন ৰাজ্যত সৰ্বশক্তিৰে প্ৰচাৰ চলাইছিল বিজেপিয়ে ৷ তিনিও ৰাজ্যতে প্ৰচাৰ চলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi), অমিত শ্বাহ (home minister Amit Shah), জে পি নাড্ডা (BJP president JP Nadda), যোগী আদিত্যনাথ, স্মৃতি ইৰাণী, হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma), সৰ্বানন্দ সোণোৱাল আদি ষ্টাৰ প্ৰচাৰকে ৷

তাৰ বিপৰীতে সীমিত আছিল আন দলসমূহৰ প্ৰচাৰ অভিযান ৷ তিনিওখন ৰাজ্যতে আছিল বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ ৷ কিন্তু নিৰ্বাচন আয়োগৰ তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে পূৰ্বৰ তুলনাত সামগ্ৰিকভাৱে ফলাফলত বেয়া প্ৰদৰ্শন বিজেপিৰ ৷ ৰাজ্য ভিত্তিক বিশ্লেষণত দেখা দেখা গৈছে যে ত্ৰিপুৰাত বিজেপিয়ে ৩২ খন আসন লাভ কৰিছে ৷ বিজেপিৰ মিত্ৰ দল আইপিএফটিয়ে (IPFT) এখন আসন লাভ কৰিছে ৷ ২০১৮ বৰ্ষৰ নিৰ্বাচনত বিজেপিয়ে ত্ৰিপুৰাত ৩৬ খন আসন লাভ কৰিছিল ৷ মিত্ৰ দল আইপিএফটিয়ে ৮ খন আসন লাভ কৰিছিল ৷ ৫ বছৰত ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটে হাতৰ পৰা ১১ খন আসন হেৰুৱালে ।

২০১৮ চনত বিজেপিৰ পক্ষত ভোট পৰিছিল ৪৪ শতাংশ ৷ এইবাৰ ২০২৩-ত ত্ৰিপুৰাত বিজেপিৰ ভোট শ্বেয়াৰ ৩৯ শতাংশ ৷ অৰ্থাৎ নিৰ্বাচন আয়োগৰ তথ্যমতে, বিগত ৫ বছৰত ৰাজ্যখনত বিজেপিৰ ভোটৰ হাৰ ৫ বছৰত ৫ শতাংশ হ্ৰাস হৈছে ৷ ইয়াৰ বিপৰীতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আদি ভিভিআইপিৰ (VVIP) প্ৰচাৰক প্ৰভাৱহীন কৰি ১৩ টা সমষ্টিত বিজয়ধ্বজা উৰুৱালে আঞ্চলিক জনজাতীয় দল টিপ্ৰা মথাই ৷ প্ৰদ্যুত বিক্ৰম দেৱবাৰ্মাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা আঞ্চলিক জনজাতীয় দল টিপ্ৰা মথাৰ এই উত্থানে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিক চিন্তাত পেলাইছে ৷ আগন্তুক দিনত ত্ৰিপুৰাত টিপ্ৰা মথাই বিজেপিৰ সমীকৰণ জটিল কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে, নাগালেণ্ডৰ ক্ষেত্ৰত বিজেপিৰ মিত্ৰজোঁট এনডিপিপিৰ (NDPP) বাবে এইবাৰৰ নিৰ্বাচন লাভজনক । আনহাতে, বিজেপিয়ে পূৰ্বৰ আসনতে সীমিত থাকিবলগীয়া হ’ল ৷ ২০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১২ খন আসন লাভ কৰে বিজেপিয়ে ৷ নাগালেণ্ডত ৪ শতাংশ ভোট শ্বেয়াৰ বৃদ্ধি অৱশ্যে বিজেপিৰ বাবে কিছু সকাহ বুলিব পাৰি ৷ ২০১৮ চনত নাগালেণ্ডত বিজেপিৰ ভোটৰ হাৰ আছিল ১৫ শতাংশ ৷ ২০২৩ চনত ৰাজ্যখনত বিজেপিৰ ভোট শ্বেয়াৰ ১৯ শতাংশলৈ বৃদ্ধি পায় । আনহাতে, পূৰ্বৰ ১২ খন আসনতে সীমাবদ্ধ হ’বলগা হ’ল বিজেপি ৷ কিন্তু দীৰ্ঘদিনীয়া নগা শান্তিচুক্তি প্ৰক্ৰিয়াক লৈ নাগালেণ্ডত থুনুকা কাঁচৰ ঘৰত বাস কৰাৰ দৰে ৰাজ্যখনত বিজেপিৰ অৱস্থা ৷

মন কৰিবলগীয়া যে ২০১৮ চনত ২৬ খন আসনত জয়লাভ কৰা এনপিএফ (NPF) দলৰ আসনৰ সংখ্যা ২ খনলৈ হ্ৰাস পালে ৷ লগতে ৩২ শতাংশ ভোট কমিল এনপিএফৰ ৷ লাভৱান্বিত হ’ল নাগালেণ্ডৰ এনডিপিপি ৷ ৭ শতাংশ ভোট বৃদ্ধিৰে এনডিপিপিৰ ৯ খন আসন বৃদ্ধি পালে ৷ অৰ্থাৎ বিজেপিৰ মিত্ৰ হ’লেও আঞ্চলিক শক্তিৰ প্ৰতিয়ে আস্থা প্ৰকাশ নগা ভোটাৰৰ ৷ আটাইতকৈ স্পৰ্শকাতৰ কথাটো হ’ল, মেঘালয়ত স্বপ্নভংগ হৈছে বিজেপিৰ ৷ মেঘালয়ত এনপিপিৰে মিত্ৰতা ভংগ কৰাৰ পাছত ৫৯ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিয়ে । কিন্তু লাভ কৰিলে মাত্ৰ দুখনহে আসন ৷ ২০১৮ চনৰ মেঘালয়ৰ নিৰ্বাচনত ১৫ শতাংশ ভোট লাভ কৰা বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত মাত্ৰ ৯.৩ শতাংশ ভোটহে লাভ কৰিলে ৷

মেঘালয়ত ৫ বছৰত বিজেপিৰ ভোট কমিল প্ৰায় ৬ শতাংশ ৷ ইয়াৰ বিপৰীতে ২৬ খন আসনেৰে সৰ্ববৃহৎ দলত পৰিণত হ’ল কনৰাড চাংমাৰ এনপিপি ৷ বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলে ৫ আৰু টিএমচিয়ে ৫ খন আসন লাভ কৰে মেঘালয়ত ৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, নিৰ্বাচন আয়োগৰ এই ভোট বিশ্লেষণে কি ইংগিত বহন কৰে ? ৰাজ্য তিনিখনত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস হোৱা আৰু বিকল্প ৰাজনীতিৰ ইংগিত বহন কৰিছে বুলি ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে উত্তৰ-পূবত ৷ মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড- এই তিনিও ৰাজ্যৰ নিৰ্বাচনতে আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় দল বিজেপিৰ লগতে কংগ্ৰেছ, টিএমচি আদিক প্ৰত্যাহ্বান জনাইছে ৷

তিনি ৰাজ্যৰ ১৭৯ আসনৰ ৯১ টা সমষ্টিত আঞ্চলিক দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৷ মেঘালয়ত ৭৬ শতাংশ ভোট লাভ কৰিছে আঞ্চলিক শক্তিয়ে ৷ একেদৰে নাগালেণ্ডত ৫৩ শতাংশ ভোট আঞ্চলিক শক্তিয়ে লাভ কৰিছে ৷ আনহাতে, ত্ৰিপুৰাত দল গঠন কৰি প্ৰথমবাৰ নিৰ্বাচন খেলিয়েই টিপ্ৰা মথাই ২৩ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ নাগালেণ্ডক বাদ দি আন দুই ৰাজ্যত বিজেপি আৰু আঞ্চলিক শক্তিৰ মুকলি প্ৰতিদ্বন্দ্বিতা চলিছিল ৷ মেঘালয়ত আঞ্চলিক দলে ৫৯ আসনৰ ভিতৰত ৪৫ খন আসনেই লাভ কৰে ৷ নাগালেণ্ডত ৬০ খনৰ ৩৫ খন আসন আঞ্চলিক দলৰ দখলত ৷ ৬০ টা সমষ্টিৰ ত্ৰিপুৰাত ১৩ টা সমষ্টিত আঞ্চলিক শক্তিৰ জয়লাভৰ লগতে বাঁও দলে লাভ কৰে ১১ টা সমষ্টি ৷ এক কথাত শক্তি বৃদ্ধি কৰিব নোৱাৰিলে ত্ৰিপুৰাতো ৷

লগতে পঢ়ক :Himanta Biswa on Rahul Gandhi : দেশক বদনাম কৰিছে ৰাহুল গান্ধীয়ে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.