ETV Bharat / bharat

Assembly election 2023: 8 মাৰ্চত ত্ৰিপুৰাত শপত গ্ৰহণ; মেঘালয়ত চৰকাৰ গঠনক লৈ অনিশ্চয়তা

author img

By

Published : Mar 4, 2023, 9:41 PM IST

Updated : Mar 4, 2023, 10:53 PM IST

ত্ৰিপুৰাত 8 মাৰ্চত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপত গ্ৰহণ ৷ কিন্তু কোন হ’ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী সেয়া বৰ্তমানেও অনিশ্চয়তাত ৷ মুখ্যমন্ত্ৰী কেন্দ্ৰীক মতানৈক্য নিৰসনৰ বাবে ত্ৰিপুৰাত উপস্থিত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে, মেঘালয়ত কোনে চৰকাৰ গঠন কৰিব তাক লৈয়ো অব্যাহত আছে অনিশ্চয়তা ৷

Assembly election 2023
8 মাৰ্চত ত্ৰিপুৰাত শপত গ্ৰহণ; মেঘালয়ত চৰকাৰ গঠনক লৈ অনিশ্চয়তা

গুৱাহাটী, 4 মাৰ্চ: ফলাফল ঘোষণাৰ পাচত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছিল, কিন্তু তাৰ পাচতো মেঘালয় আৰু ত্ৰিপুৰাত চৰকাৰ গঠনৰ বাবে শপত গ্ৰহণ অনুষ্ঠানৰ কথা ঘোষণা কৰিব পৰা নাছিল বিজেপি আৰু এনপিপিয়ে ৷ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ’ল ত্ৰিপুৰাৰ বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ৷ 8 মাৰ্চত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিজেপিৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান (Tripura assembly election results) ৷ শপত গ্ৰহণৰ পূৰ্বে শনিবাৰে ত্ৰিপুৰাত উপস্থিত হ’লগৈ অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৷

ৰাজ্যখনত শপত গ্ৰহণৰ বিলম্ব হোৱাৰ মূল কাৰণ হ’ল মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ ত্ৰিপুৰা বিজেপিত কিছু মতানৈক্য চৰ্চালৈ আহিছিল । যোৱা কাৰ্যকালৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ লগতে প্ৰতিভা ভৌমিকৰ নামো চৰ্চালৈ আহিছিল ৷ এই মতানৈক্য নিৰসনৰ বাবেই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পূৰ্বে ত্ৰিপুৰা গমন বুলি বিজেপিৰ ভিতৰুৱা সূত্ৰই সদৰী কৰিছে ৷

মন কৰিবলগীয়া যে, বিদায়ী মুখ্যমন্ত্ৰী মানিক সাহাই শুকুৰবাৰে ৰাজ্যপালৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিলে যদিও চৰকাৰ গঠনৰ বাবে দাবী নজনালে ৷ পদত্যাগৰ লগতে মানিক সাহাই ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী নজনোৱা কথাই উৎকণ্ঠাৰ সৃষ্টি কৰিলে ৷ মুখ্যমন্ত্ৰী পদৰ প্ৰত্যাশী ৰূপে চৰ্চালৈ আহে যোৱা বিজেপি চৰকাৰখনৰ কেবিনেট মন্ত্ৰী প্ৰতিভা ভৌমিকৰ নামো (Political scenario of Tripura) ৷

কিন্তু এতিয়াও ত্ৰিপুৰাত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ অব্যাহত আছে উৎকণ্ঠা ৷ মানিক সাহা নে প্ৰতিভা ভৌমিক ? তাৰ মাজতে, শুকুৰবাৰে পদত্যাগৰ পাচতে মানিক সাহাই ঘোষণা কৰে যে 8 মাৰ্চত আগৰতলাৰ বিবেকানন্দ মৈদানত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান ৷ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থকাৰ কথা ৷ আনুষ্ঠানিকভাৱে এতিয়াও বিজেপিৰ বিধায়িনী দলে ঘোষণা কৰা নাই ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম (Tripura new government oath taking) ৷

আশা কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ ফলত মুখ্যমন্ত্ৰীকেন্দ্ৰিক মতানৈক্যৰ অন্ত পেলাই ঘোষণা কৰাৰ দৰেই 8 মাৰ্চত ত্ৰিপুৰাত নতুন চৰকাৰৰ শপতগ্ৰহণ হ’ব ৷ ইফালে, একক বৃহৎ দল হোৱাৰ পাচতো মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ গৈ সংকটৰ সন্মুখীন হ’ব লগা হৈছে এনপিপি ৷ সংকট নিৰসনৰ বাবে কনৰাড চাংমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অব্যাহত আছে ৷ শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিলৰ লগতে মেঘালয়ত পুনৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে (Meghalaya assembly election results) ৷

কিন্তু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিয়েই সংকটৰ সন্মুখীন হৈ থমকি ৰ’ব লগা হয় কনৰাড চাংমা (Conrad Sangma) ৷ শুকুৰবাৰে বিজেপিৰ দুজন, HSDDP ৰ দুজন আৰু নিৰ্দলীয় দুজন বিধায়কৰ সমৰ্থনৰে মুঠ 32 জন বিধায়কৰ সন্মতিৰে চৰকাৰ গঠনৰ দাবী জনাইছিল কনৰাড চাংমাই ৷ সেইদিনাই সন্ধিয়ালৈ বিষয়টোৱে লয় অন্য মূৰ ৷ HSPDPৰ নেতৃত্বই দাবী কৰে যে দুই বিধায়কক চৰকাৰ গঠন কৰিবলৈ কোনো কৰ্তৃত্ব দিয়া হোৱা নাই ৷ লগে লগে সমস্যাত পৰে কনৰাড চাংমা ৷ শেহতীয়া খবৰ অনুসৰি কনৰাড চাংমাই এই সংকট সমাধানৰ পথ উলিয়াবলৈ সক্ষম হৈছে ৷ অহা 7 মাৰ্চত কনৰাড চাংমাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে ৷

সমান্তৰালভাৱে, মুকুল চাংমায়ো (Mukul Sangama) চৰকাৰ গঠনৰ দৌৰত থকাৰ কথা চৰ্চালৈ আহিছে ৷ মুকুল চাংমাইৰ TMC ৰ 5খন আসনৰ লগতে কংগ্ৰেছ, UDP কে ধৰে আন বিৰোধী দলকেইটাক লগত লৈ মুঠ 29 খন আসন লাভ কৰা বুলি বৰ্তমান চৰ্চাত আছে যদিও TMC য়ে মেঘালয়ত চৰকাৰ গঠন কৰাটো এতিয়াও অনিশ্চতাত আছে ৷

লগতে পঢ়ক: Meghalaya Assembly Election : মেঘালয়ৰ মচনদত এতিয়াও অনিশ্চিত কনৰাড, মুকুল চাংমাৰ ৰাজনৈতিক টুইষ্ট

Last Updated :Mar 4, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.