ETV Bharat / bharat

Manipur update: মণিপুৰত জৰুৰীকালীন বিধানসভাৰ দাবী কংগ্ৰেছ বিধায়নী দলৰ

author img

By

Published : Jul 28, 2023, 8:55 PM IST

মণিপুৰত জৰুৰীকালীন বিধানসভা আয়োজনৰ আহ্বানৰ বিৰোধীৰ ৷ বৃহস্পতিবাৰে ৰাজ্যপাল অনুছুইয়া উইকিক সাক্ষাৎ কৰি জৰুৰীকালীন বিধানসভাৰ আহ্বানৰ বাবে আবেদন জনায় চি এল পি দলৰ নেতা ওকৰাম ইববী সিঙে ৷

Manipur update
Manipur update

তেজপুৰ, 28 জুলাই: মণিপুৰৰ হিংসাত্মক ঘটনাই আজি 86 দিনত ভৰি দিলে ৷ এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই সমগ্ৰ মণিপুৰত । ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ঘটনাও পোহৰলৈ আহিছে ৷

বিগত 24 ঘণ্টাত সুৰক্ষা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত গুলীয়াগুলীত দুজন সুৰক্ষাকৰ্মী গুৰুতৰভাৱে অহাত হৈছে ৷ ইয়াৰ মাজতে বৃস্পতিবাৰে বিয়লি মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধানসভাৰ চি এল পি দলৰ নেতা ওকৰাম ইববী সিঙে ৰাজ্যপাল অনুসূয়া উইকিক সাক্ষাৎ কৰি জৰুৰীকালীন বিধানসভা আহ্বান কৰাৰ বাবে আবেদন কৰে ৷

উল্লেখ্য যে জৰুৰীকালীন বিধানসভা সংবিধানৰ 174 (1)ৰ অধীনত ৰাজ্যপালে জৰুৰীকালীন অৱস্থাত আহ্বান কৰিব পাৰে ৷ ইববী সিঙে ৰাজ্যপালক মণিপুৰৰ এই অগ্নিগৰ্ভা পৰিস্থিতিত শান্তি আনিবলৈ চৰকাৰ-বিৰোধী উভয় পক্ষই আলোচনা কৰাৰ প্ৰয়োজনীয় আহি পৰিছে জনায় ৷ মন কৰিব লগীয়া যে কংগ্ৰেছ দলৰ পৰা এইয়া তৃতীয়বাৰৰ বাবে জৰুৰীকালীন বিধানসভা অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছে ৷

উল্লেখ্য যে মণিপুৰৰ এই পৰিস্থিতিৰ মূলতে অপ্ৰতিৰোধ্য বিদেশীৰ প্ৰব্ৰজন, ম্যানমাৰৰ পৰা হোৱা প্ৰব্ৰজনৰ লগতে ড্ৰাগছৰ প্ৰচলন বুলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে । ইউনাইটেড নেচেন হাই কমিচনৰ এক প্ৰতিবেদন মতে মণিপুৰ আৰু মিজোৰামত যোৱা দুটা বছৰত 53,500 অবৈধ ম্যানমাৰৰ নাগৰিক প্ৰৱেশ কৰিছে ।

এই পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে শৰণাৰ্থীৰ বাবে Sajiwa and Yaithibi Loukol অঞ্চলত শিবিৰত থকা লোকৰ বাবে নতুনকৈ ঘৰ নিৰ্মাণ কৰিছে । সম্প্ৰতি নিৰ্মীয়মান সেই ঘৰসমূহ সম্পূৰ্ণ হোৱাৰ পথত ৷

লগতে পঢ়ক: AAP Poster on PM Modi : মণিপুৰৰ হিংসাৰ লগে লগেই 3 মাহ ধৰি নিৰুদ্দেশ প্ৰধানমন্ত্ৰী, আপৰ পোষ্টাৰ শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.