ETV Bharat / bharat

Indo China Border conflict: চীনক ৰঙা দলিচা পাৰি দিছে কেন্দ্ৰই; অভিযোগ উত্থাপন জয়ৰাম ৰমেশৰ

author img

By

Published : May 22, 2023, 11:01 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ 11 টা স্থানক চীনে নামাকৰণ কৰাৰ পিচতেই দেশজুৰি ৰঙা চীনৰ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন হৈছে কংগ্ৰেছ দল (Chinese intrusions in India border)৷ চীনক ভাৰতৰ কোনো অঞ্চলেই প্ৰদান নকৰিবলৈ কেন্দ্ৰক আহ্বান কংগ্ৰেছৰ যোগাযোগ ভাৰপ্ৰাপ্ত বিষয়া জয়ৰাম ৰমেশেৰ ৷

Congress slams Centre over Chinese incursions
চীনক কেন্দ্ৰই ৰঙা দলিচা পাৰি দিছে

নিউজ ডেস্ক, 22 মে’: ভাৰতৰ সীমাত চীনাৰ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন হৈছে কংগ্ৰেছ দল (Chinese intrusions in India border)৷ শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ 11 টা স্থানক চীনে নামাকৰণ কৰাৰ পিচতেই দেশজুৰি ৰঙা চীনৰ আগ্ৰাসনৰ এক ভয়ংকৰ আশংকা পৰিলক্ষিত কৰা হৈছিল ৷

ইয়াৰ পিচতে সীমা সমস্যাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছিল (Indo China Border conflict)৷ 2020 চনৰ জুন মাহত হোৱা গালৱান উপত্যকাৰ সংঘৰ্ষত 20 জন ভাৰতীয় সৈন্য আৰু সমান সংখ্যক চীনা সৈন্য নিহত হোৱাৰ পিচত ভাৰত-চীনৰ সম্পৰ্ক আৰু হ্ৰাস পাইছিল (Congress slams Centre over Chinese incursions)৷ কিন্তু ইয়াৰ পিচতো ভাৰতে চীনক সম্পূৰ্ণৰূপে বিচ্ছিন্ন নকৰাৰ অভিযোগ উত্থাপন কৰি "অস্বাভাৱিক" দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি উঠাৰ প্ৰশ্ন উত্থাপন হৈছিল ৷

সোমবাৰে কংগ্ৰেছে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা অনুপ্ৰৱেশৰ বাবে কেন্দ্ৰক সমালোচনা কৰি কৈছিল যে চীনক ভাৰতৰ কোনো অঞ্চলেই প্ৰদান কৰা উচিত নহয় (urges government not to cede any more land)৷

কংগ্ৰেছৰ যোগাযোগ ভাৰপ্ৰাপ্ত বিষয়া জয়ৰাম ৰমেশে অভিযোগ উত্থাপন কৰা অনুসৰি, 2020 চনৰ এপ্ৰিলৰ পূৰ্বে বেইজিংক স্থিতিশীলতালৈ অনাৰ পৰিৱৰ্তে চীনক কেইবাটাও টহল পইণ্ট প্ৰদান কৰিছিল কংগ্ৰেছে (2020 Galwan Valley clash)৷ চীনাসকলে ভাৰতীয় ভূখণ্ডৰ ভিতৰত 15-20 কিলোমিটাৰ অধিক "বাফাৰ জোন" দাবী কৰিছে ৷ ইতিমধ্যে ভাৰতৰত সীমান্ত অতিক্ৰম কৰি প্ৰায় 18 কিলোমিটাৰলৈ চানে দখল কৰিছেহি ৷ মোদী চৰকাৰে ইতিমধ্যে চীনা প্ৰত্যাহাৰৰ বিনিময়ত ভাৰতীয় ভূখণ্ডৰ ভিতৰত বাফাৰ জ’নত সন্মত হৈ গালৱান, পাংগং টছ', গোগ্ৰা পো’ষ্ট আৰু হট স্প্ৰিংছৰ অঞ্চল তৈয়াৰ কৰিছে (Congress communications in charge Jairam Ramesh)৷

ৰমেশে লগতে কয় যে, মোডী চৰকাৰে চীনৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিব লাগিব ৷ ভাৰতে 1,000 বৰ্গ কিলোমিটাৰ এলেকাত প্ৰৱেশাধিকাৰ হেৰুৱাব নোৱাৰে৷ লাডাখৰ ডেপচাং প্লেইনছে চীনা আৰু পাকিস্তানৰ সীমান্তক ভাগ কৰে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে 2020 চনৰ 19 জুনলৈ চীনলৈ ৰাজহুৱাভাৱে "ক্লিন শ্বীট" প্ৰদান কৰিছিল ৷ যাৰ ফলত ভাৰতৰ আলোচনাৰ স্থিতি দুৰ্বল হৈ পৰিছিল ৷ ইয়াৰ ফলত দেশে যথেষ্ট মূল্য পৰিশোধ কৰিছে ৷ মোডী চৰকাৰে যোৱা তিনি বছৰত ভাৰত চৰকাৰৰ স্থিতি পুনৰুদ্ধাৰ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷

"চীনে শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ প্ৰায় 11 এটা অঞ্চলৰ বাবে নামৰ এক তালিকা মুকলি কৰিছে, ইয়াৰ পূৰ্বে 2017 আৰু 2021 চনত চীনে এনেদৰে ভাৰতৰ ভূমিৰ অঞ্চলক চীনা নামেৰে নামকৰণ কৰিছিল ৷ চীনক প্ৰধানমন্ত্ৰী মোডীৰ ক্লিন শ্বীট আৰু চীনা কাৰ্যকলাপৰ ওপৰত তেওঁৰ সুস্পষ্ট নীৰৱতাৰ বাবে আমি এই মূল্য পৰিশোধ কৰি আছো ৷

আজিৰ পৰা প্ৰায় তিনি বছৰৰ পিচত, চীনা বাহিনীয়ে কৌশলেৰে ডেপচাং প্লাইনছলৈ টহলদাৰী বাহিনী নিয়োগ কৰিব, ইয়াৰ মূলতেই হৈছে আজিৰ সময়ত চীনা টহলদাৰকাৰীয়ে বাধাহীনভাৱে প্ৰৱেশাধিকাৰ লাভ কৰি আহিছে ৷ সম্প্ৰতি ৰঙা চীনে অৰুণাচল প্ৰদেশত নিজৰ আগ্ৰাসন চলাবলৈ চেষ্টা কৰি থকা আমি সকলোৱে পৰিলক্ষিত কৰিছো ৷" এনেদৰে কেন্দ্ৰক সমালোচনা কৰে জয়ৰাম ৰমেশে ৷

লগতে পঢ়ক: Delhi HC summons BBC : বিবিচিক দিল্লী উচ্চ ন্যায়ালয়ৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.