Delhi HC summons BBC : বিবিচিক দিল্লী উচ্চ ন্যায়ালয়ৰ চমন জাৰি
Published: May 22, 2023, 5:37 PM


Delhi HC summons BBC : বিবিচিক দিল্লী উচ্চ ন্যায়ালয়ৰ চমন জাৰি
Published: May 22, 2023, 5:37 PM
প্ৰধানমন্ত্ৰী মোডীক লৈ বিবিচিয়ে প্ৰস্তুত কৰা তথ্যচিত্ৰক লৈ বিতৰ্ক অব্যাহত আছে (Modi Documentary controversy)। ইয়াৰ মাজতে এক মানহানি গোচৰত বিবিচিক চমন জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে । বিবিচিৰ তথ্যচিত্ৰখনে ভাৰত, ন্যায়পালিকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ খ্যাতিক কলংকিত কৰিছে ।
নেশ্যনেল ডেস্ক,২২ মে': দিল্লী উচ্চ ন্যায়ালয়ে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন চমুকৈ বিবিচিৰ বিৰুদ্ধে মানহানিৰ গোচৰত চমন জাৰি কৰিছে আৰু দাবী কৰিছে যে বিবিচিৰ তথ্যচিত্ৰখনে ভাৰত, ন্যায়পালিকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ খ্যাতিক কলংকিত কৰিছে (Delhi HC summons BBC on Modi Documentary row)। বিষয়টোক লৈ ১৫ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে ।
মানহানিৰ গোচৰটো সন্দৰ্ভত ন্যায়াধীশ শচীন দত্তই শুনানি গ্ৰহণ কৰিছিল । ন্যায়াধীশগৰাকীয়ে বিবিচিৰ ব্ৰিটেইন আৰু ভাৰত দুয়োটা কাৰ্যালয়লৈ জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিছে । মানহানিৰ গোচৰটো গুজৰাটস্থিত এনজি জাষ্টিছ ফৰ ট্ৰায়েলৰ দ্বাৰা দাখিল কৰা হৈছিল আৰু উচ্চ ন্যায়ালয়ে বিবিচিক গোচৰটোৰ ওপৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিছে (Delhi HC order on BBC Modi documentary)।
এনজি জাষ্টিছ ফ’ৰ ট্ৰায়েলে কৈছিল যে বিবিচি (ভাৰত) তথ্যচিত্ৰখন মুকলি কৰা বিবিচি (ইউকে)ৰ স্থানীয় অপাৰেচন শাখা হিচাপে আছে । এনজিঅ'টোক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে দাবী কৰিছিল যে "ইণ্ডিয়া: দ্য মোডী কুৱেচন" (India the Modi Question) নামৰ তথ্যচিত্ৰখনে ভাৰত আৰু ন্যায়পালিকাক "বদনাম" কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।
ইয়াৰ পূৰ্বে, ইডিয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ (ফেমা) অধীনত বিদেশী পুঁজি সম্পৰ্কীয় অনিয়মৰ অভিযোগত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । অৱশ্যে সমালোচকসকলে এই কাৰ্যক বিতৰ্কিত তথ্যচিত্ৰৰ সৈতে জড়িত বুলি দাবী কৰিছিল । চৰকাৰে তথ্যচিত্ৰখনৰ জৰিয়তে দেশৰ ভাবমূৰ্তি কলুষিত কৰাৰ বাবে সম্প্ৰচাৰক সমালোচনা কৰিছিল ।
ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত আয়কৰ (আইটি) বিভাগৰ বিষয়াসকলে দিল্লীত বিবিচিৰ কাৰ্যালয়ত অভিযান চলাইছিল । ২০০২ চনত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰ সম্প্ৰচাৰক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে এই অভিযান চলিছিল ।
বিবিচিৰ দ্বাৰা নিৰ্মিত দুটা খণ্ডৰ তথ্যচিত্ৰখন ভাৰতত সম্প্ৰচাৰ কৰা হোৱা নাছিল । কেন্দ্ৰীয় চৰকাৰে ইয়াক নিষিদ্ধ কৰিছিল আৰু মানুহক সামাজিক মাধ্যমত ক্লিপ শ্বেয়াৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা আদেশ জাৰী কৰা হৈছিল ।
লগতে পঢ়ক :2000 notes exchange : ২০০০ টকীয়া নোট সলনিক লৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন
