ETV Bharat / bharat

Rahul Gandhi homeless : ৰাহুলক নিজৰ ঘৰটো এৰি দিলে ৰাজকুমাৰী গুপ্তাই

author img

By

Published : Apr 2, 2023, 6:12 PM IST

Rahul Gandhi homeless
ৰাহুলক নিজৰ ঘৰটো এৰি দিলে ৰাজকুমাৰী গুপ্তাই

ৰাহুল গান্ধীৰ বাবে নিজৰ ঘৰটো এৰি দিবলৈ সাজু কংগ্ৰেছ সেৱা দলৰ নেত্ৰী ৰাজকুমাৰী গুপ্তা (Rajkumari Gupta offers house to Rahul)। দিল্লীৰ মংগোলপুৰীত থকা তেওঁৰ ঘৰটো ৰাহুল গান্ধীক আগবঢ়ালে নেত্ৰীগৰাকীয়ে । তেলেংগানাৰ কংগ্ৰেছ সভাপতি ৰেৱন্ত ৰেড্ডীয়েও তেওঁ বাসগৃহত থাকিবলৈ ৰাহুল গান্ধীক আহ্বান জনাইছিল ।

নেশ্যনেল ডেস্ক,২ এপ্ৰিল : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচতে তেওঁ চৰকাৰী আৱাসটোও খালী কৰিছে (Rahul Gandhi disqualification issue)। ইয়াৰ মাজতে কংগ্ৰেছ নেতাগৰাকীক দিল্লী কংগ্ৰেছ সেৱা দলৰ নেত্ৰী ৰাজকুমাৰী গুপ্তাই তেওঁৰ ঘৰটো দলৰ প্ৰাক্তন সভাপতিক আগবঢ়ালে । দিল্লীৰ মংগোলপুৰীত থকা তেওঁৰ ঘৰটো নেত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক আগবঢ়ায় (Congress woman leader offers house to Rahul)।

ৰাজকুমাৰী গুপ্তাই সংবাদ মাধ্যমৰ কয় যে, তেওঁৰ ঘৰটো প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে আৱণ্টন কৰি দিছিল । আনকি ইন্দিৰা গান্ধীয়েই কলনীটোৰ উন্নয়নটো সহায় কৰিছিল । ৰাজকুমাৰী গুপ্তাৰ মতে বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁক অযোগ্য ঘোষণা কৰা হৈছে । এইবোৰ তেওঁ সহ্য কৰিব নোৱাৰে বুলিও উল্লেখ কৰে (Rajkumari Gupta on Rahul disqualification issue)।

গান্ধী পৰিয়ালক আক্ৰমণ কৰাৰ বাবে বিজেপিক সমালোচনা কৰি তেওঁ কয় যে আগন্তুক ২০২৪ ৰ সাধাৰণ নিৰ্বাচনত বৰ্তমানৰ চৰকাৰক দেশৰ পৰা আঁতৰোৱা হ'ব (Rajkumari Gupta slams BJP)। উল্লেখ্য যে, লোকসভাৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত চৰকাৰী বাংলো খালী কৰাৰ জাননী প্ৰদান কৰা হৈছিল ।

ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ তেলেংগানাৰ মুৰব্বী ৰেৱন্ত ৰেড্ডীয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক তেওঁৰ ঘৰত থাকিবলৈ আহ্বান জনাইছিল । নেতাগৰাকীয়ে কৈছিল যে, তেওঁৰ ঘৰ মানেই ৰাহুল গান্ধীৰ ঘৰ । তেওঁ ৰাহুল গান্ধীক নিজৰ ঘৰলৈ স্বাগতম জনায় ।

আনকি কংগ্ৰেছে #meragharrahulkaghar হেছটেগৰ সৈতে সামাজিক মাধ্যমত এক প্ৰচাৰো চলাই আছে (Mera ghar Rahul ka Ghar)। এতিয়াও জানিব পৰা হোৱা নাই যে, ৰাহুল গান্ধী ক'ত স্থানান্তৰিত হ'ব । কিয়নো কংগ্ৰেছৰ কেইবাজনো নেতা আৰু সাংসদে কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতিক বাসস্থান প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু সংসদৰ সদস্যসকলৰ আৱাস নিয়ম অনুসৰি, কেৱল সাংসদসকলৰ পৰিয়ালৰ সদস্যইহে চৰকাৰী বাসগৃহত থাকিব পাৰে ।

লগতে পঢ়ক :Navjot Sidhu Release: কাৰাগাৰৰ পৰা ওলাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা নৱজোৎ সিং সিদ্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.