ETV Bharat / bharat

Navjot Sidhu Release: কাৰাগাৰৰ পৰা ওলাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা নৱজোৎ সিং সিদ্ধুৰ

author img

By

Published : Apr 1, 2023, 8:26 PM IST

Updated : Apr 1, 2023, 9:31 PM IST

অৱশেষত কাৰামুক্ত হ’ল নৱজোৎ সিং সিদ্ধু ৷ শনিবাৰে পাটিয়ালা কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ সময়ত বহুসংখ্যক কংগ্ৰেছ সদস্যই সিদ্ধুক আদৰণি জনায় ৷ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা সিদ্ধুৰ (Case against Navjot Singh Sidhu) ৷

Navjot Sidhu Release
Case against Navjot Singh Sidhu

নিউজ ডেস্ক, 1 এপ্ৰিল: কাৰাগাৰৰ পৰা মুকলি হ’ল পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধু ৷ 34 বছৰ পুৰণি ৰোডৰেজ গোচৰত পাটিয়ালাত কাৰাবন্দী হৈ আছিল সিদ্ধু ৷ পাটিয়ালাৰ কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত সমৰ্থকসকলে সিদ্ধুক আদৰিবলৈ সমবেত হৈছিল যদিও ইয়াৰ মাজতে নৱজোৎ সিদ্ধুৰ কাৰাগাৰৰ পৰা মুকলি হৈ অহাক লৈ অসুবিধাৰ সৃষ্টি হয় । যাৰ বাবে তেওঁৰ কাৰামুক্তিত কিছু পলম হয় । পঞ্জাৱ কংগ্ৰেছৰ একাংশ সমৰ্থকে তেওঁক আদৰণি জনাই পাবত ভিৰ কৰে । তথ্য পোৱা গৈছে যে, মুক্তিৰ পিচত নৱজোৎ সিদ্ধু পোনপটীয়াকৈ নিৱাৰণ চাহাবলৈ যায়, তাৰ পিচত কালি মা মন্দিৰলৈ আৰু অৱশেষত ঘৰলৈ যাব (Navjot Sidhu Release from Patiala jail) ।

জানিব পৰা মতে, পঞ্জাৱ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰাজা ৱাৰিং পটিয়ালাত উপস্থিত নহ’ল প্ৰাক্তন সভাপতি সিদ্ধুক আদৰিবলৈ । অমৃতসৰত শুকুৰবাৰে প্ৰতিবাদী সমদলৰ পিচত ৰাজা ৱাৰিঙে আয়োজন কৰা সংবাদমেলত তেওঁ কয় যে, তেওঁৰ অন্যান্য কিছু কাম থকাৰ বাবে সিদ্ধুক আদৰিবলৈ যাব নোৱাৰিব । এইটোও মন কৰিবলগীয়া যে, ৰাজা ৱাৰিঙক সভাপতিৰ আসনত অধিষ্ঠিত কৰাৰ সময়ত নৱজোৎ সিদ্ধুও সেই অনুষ্ঠানত উপস্থিত হৈছিল, কিন্তু তেওঁক লগ কৰিবলৈ মঞ্চলৈ যোৱা নাছিল ৷ সেই সময়ত ৰাজনৈতিক মহলতো এইটো এটা আলোচনাৰ বিষয় হৈ পৰিছিল (Former Punjab Congress president Navjot Sidhu) ৷

লগতে পঢ়ক: Bhutan King to visit India : ৩ এপ্ৰিলত ভাৰতলৈ আহিব ভূটানৰ ৰজা

উল্লেখ্য যে,1988 চনৰ পথৰ বিক্ষোভৰ এটা গোচৰত পাটিয়ালা কাৰাগাৰত 10 মাহ কটাবলগীয়া হয় সিদ্ধুৱে ৷ অৱশেষত শনিবাৰে মুক্ত আকাশৰ তললৈ অহাৰ সুবিধা লাভ কৰিলে কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৱে । কাৰাগাৰৰ বাহিৰত কেইবাজনো কংগ্ৰেছৰ নেতা-সমৰ্থকে 59 বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক মুক্তি পোৱাৰ লগে লগে উষ্ম আদৰণি জনায় ৷ জেলৰ বাহিৰত সমৰ্থকসকলে “নৱজোৎ সিদ্ধু জিন্দাবাদ” ধ্বনি দিয়া পৰিলক্ষিত হয় (Case against Navjot Singh Sidhu) ৷

মুকলি হোৱাৰ পিচতেই কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সংখ্যালঘুক লক্ষ্য কৰি লোৱা বুলি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়টো বৰ্তমানৰ শাসন ব্যৱস্থাক জোঁকাৰি যোৱা ‘বিপ্লৱ’ বুলি অভিহিত কৰি সিদ্ধুৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰে (Navjot Sidhu slams BJP govt) ।

সিদ্ধুৱে কয়, ‘‘যেতিয়াই এই দেশলৈ কোনো একনায়কত্ববাদ আহিছে তেতিয়াই বিপ্লৱো আহিছে আৰু এইবাৰ সেই বিপ্লৱৰ নাম ৰাহুল গান্ধী । তেওঁ চৰকাৰক জোকাৰি যাব ।’’ সিদ্ধুৱে লগতে কয় যে, তেওঁক দুপৰীয়াৰ আশে-পাশে মুকলি কৰি দিয়াৰ কথা আছিল যদিও “তেওঁলোকে পলম কৰিলে”। জেইল আৰু প্ৰশাসনৰ কৰ্তৃপক্ষই বিচাৰিছিল যে সংবাদ মাধ্যমৰ লোকসকল আঁতৰি যাওক (Navjot Sidhu supports Rahul Gandhi)।

লগতে পঢ়ক: Y category security to Sidhu : সিদ্ধুৰ জেড প্লাছ নিৰাপত্তা কৰ্তন

যোৱা বছৰৰ মে’ মাহত পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰাৰ পিচত 59 বছৰীয়া সিদ্ধুক এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আদালতে । শীৰ্ষ আদালতে নিজৰ আদেশত ৰায় দিছিল যে, তেওঁৰ শাস্তি হ্ৰাস কৰিলে ন্যায় ব্যৱস্থাৰ ক্ষতি হ’ব । সিদ্ধু জড়িত থকা এই বিক্ষোভৰ ঘটনাত গুৰনাম সিং নামৰ ৬৫ বছৰীয়া এজন লোকৰ মৃত্যু হৈছিল (Rod rage case of Navjot Sidhu) ।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত সিদ্ধুৰ পত্নী নৱজোৎ কৌৰে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ষ্টেজ ২ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰিছিল । স্বামীৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ কষ্টৰ কথাও তেওঁ বৰ্ণনা কৰিছিল ।

Last Updated : Apr 1, 2023, 9:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.