ETV Bharat / health

বিশ্ব স্তৰত স্থানলাভ কৰিলে ভাৰতৰ এই তিনিবিধ চাটনিয়ে - Top Indian Chutneys

Top Indian Chutneys: খাদ্যৰ সোৱাদ আৰু দুগুণ বৃদ্ধি হৈ যায় যেতিয়া সেই খাদ্যৰ সৈতে চাটনি থাকে ৷ চাটনি অবিহনে যেন ভাৰতীয় খাদ্যৰ সোৱাদ আধৰুৱা ৷ শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত টেষ্টএটলাছৰ ৰেংকিং অনুসৰি বিশ্বৰ ৫০টা শ্ৰেষ্ঠ ডিপৰ ভিতৰত স্থানলাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এইসমূহ চাটনিয়ে ৷

These 3 Indian chutneys are included in the 50 Best Dips in the World
বিশ্ব দৰবাৰত স্থানলাভ কৰিলে ভাৰতৰ এই তিনিবিধ চাটনিয়ে (Getty Image)
author img

By ETV Bharat Assamese Team

Published : June 13, 2024 at 1:17 PM IST

3 Min Read
Choose ETV Bharat

চাটনি কেৱল খোৱা বস্তুৱেই নহয় ৷ ই ভাৰতীয় খাদ্য অভিজ্ঞতাৰ এক অবিচ্ছেদ্য অংশ, বিভিন্ন খাদ্যৰ সৈতে সোৱাদ আৰু টেক্সচাৰৰ এক অনন্য ভিন্নতা প্ৰদান কৰে চাটনিয়ে ৷ ভাৰতীয় চাটনিক ভাৰতীয় খাদ্যৰ মূল অংশ বুলি কোৱা হয় ৷ বহু এনে লোকো আছে যিয়ে চাটনি অবিহনে খাদ্য গ্ৰহণ কৰিবলৈ ভাল নাপায় ৷

These 3 Indian chutneys are included in the 50 Best Dips in the World
ভাৰতীয় চাটনি (Getty Image)

বিশেষকৈ অসমত ভাতৰ লগত, ৰুটিৰ লগত, বাৰিষাৰ বতৰত আবেলিৰ চাহ কাপৰ সৈতে থকা পকোৰাৰ সৈতে চাটনি খোৱাৰ আমেজেই সুকীয়া ৷ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ চাটনিৰ বিশেষ গুৰুত্ব আছে ৷ কিন্তু আপুনি জানেনে সমগ্ৰ বিশ্বৰ ভিতৰতে স্থানলাভ কৰিছে ভাৰতীয় চাটনিয়ে ৷

These 3 Indian chutneys are included in the 50 Best Dips in the World
ভাৰতীয় চাটনি (Getty Image)

হয়, শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত টেষ্টএটলাছৰ ৰেংকিঙৰ মতে, বিশ্বৰ ৫০টা শ্ৰেষ্ঠ ডিপৰ ভিতৰত অন্তৰ্ভুক্ত হৈ বিশ্বৰ স্বীকৃতি লাভ কৰিছে ৷ বৈচিত্ৰময় আৰু শক্তিশালী সোৱাদৰ বাবে পৰিচিত এই চাটনিবোৰে ভাৰতৰ চহকী ৰান্ধনী ঐতিহ্যক প্ৰতিফলিত কৰে ৷

  1. টেঙা মিঠা চাটনি-(Chatpati Chutney): ভাৰতীয় টেঙা-মিঠা চাটনি, যি সামূহিকভাৱে তালিকাত ৪২ নম্বৰ স্থানত আছে ৷ ভাৰতীয় খাদ্যৰ সৈতে টেঙা-মিঠা তথা মছলাযুক্ত চাটনি অন্তৰ্ভুক্ত কৰা হয়, TasteAtlasএ এই চাটনিক ভাৰতৰ জাতীয় চাটনি বুলি অভিহিত কৰিছে ৷ ইয়াত সিজোৱা ফল-মূল আৰু শাক-পাচলিৰ পৰা তৈয়াৰী সতেজ ঘৰতে তৈয়াৰ কৰা টেঙা-মিঠা চাটনিক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ যাক আম, তেঁতেলী, কেঁচা জলকীয়া আদিৰ সৰু সৰু টুকুৰা কৰি জিৰা, ইলাচি, আদা আৰু হালধি আদি মছলাৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা হয় ৷ এই চাটনিবোৰৰ টেক্সচাৰ আৰু সোৱাদ বিভিন্ন ধৰণৰ, সতেজ আৰু ঠাণ্ডা হোৱাৰ পৰা আৰম্ভ কৰি টেঙা আৰু মছলাযুক্ত হোৱালৈকে ৷ ইয়াৰ ফলত ইহঁত ভাৰতীয় খাদ্যৰ এক অপৰিহাৰ্য অংশ হৈ পৰে যিয়ে যিকোনো খাদ্যৰ পৰিপূৰক হিচাপে কাম কৰিব পাৰে ৷
    These 3 Indian chutneys are included in the 50 Best Dips in the World
    ভাৰতীয় চাটনি (Getty Image)
  2. ধনিয়া চাটনি-(Coriander Chutney): ইয়াৰ উপৰিও ৪৭ নম্বৰ স্থানত থকা ধনিয়া চাটনি উজ্জ্বল সেউজীয়া ৰং আৰু নিজৰ সতেজ সোৱাদৰ বাবে বিখ্যাত ৷ এই চাটনি সতেজ ধনিয়া (চিলেন্ট্ৰ’) পাতৰ পৰা তৈয়াৰ কৰা হয়, যিবোৰ প্ৰায়ে পদিনা, নেমু আৰু জলকীয়াৰ সৈতে মিহলাই মিঠা, টেঙা আৰু মছলাযুক্ত সোৱাদৰ নিখুঁত ভাৰসাম্য সৃষ্টি কৰা হয় ৷ ই বহু ভাৰতীয় খাদ্য আৰু ব্যঞ্জনৰ সৈতে পৰিবেশন কৰা জনপ্ৰিয় চাটনি, যাৰ ফলত খাদ্যৰ সোৱাদ আৰু অধিক বৃদ্ধি পায় ৷
    These 3 Indian chutneys are included in the 50 Best Dips in the World
    ভাৰতীয় চাটনি (Getty Image)
  3. আমৰ চাটনি-(Mango Chutney): ইফালে ৫০ নম্বৰ স্থানত অহা আমৰ চাটনি মিঠা আৰু টেঙা সোৱাদৰ বাবে জনাজাত ৷ পকা আমৰ পৰা তৈয়াৰী এই চাটনি চিঙৰা বা পকোৰাৰ দৰে মছলাযুক্ত খাদ্যৰ সৈতে খোৱাৰ বাবে এক উত্তম পৰিপূৰক, যিয়ে খাদ্যক এক নতুন মাত্ৰা প্ৰদান কৰে ৷
    These 3 Indian chutneys are included in the 50 Best Dips in the World
    ভাৰতীয় চাটনি (Getty Image)

লগতে পঢ়ক: Monsoon recipe: বাৰিষাকালত শ্বেফ নয়নজ্যোতি শইকীয়াৰ এই সহজ ৰেচিপিৰ সহায়ত ঘৰতে তৈয়াৰ কৰক সুস্বাদু মোমো