ETV Bharat / bharat

Manipur Crisis: মণিপুৰ বিধানসভাৰ ১৮ জনীয়া সঁজাতী দল নতুন দিল্লীলৈ ৰাওনা; পুনৰ AFSPA প্ৰৱৰ্তনৰ দাবী COCOMIৰ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:54 PM IST

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত উদ্ধাৰ হৈয়ে আছে মাৰণাস্ত্ৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দাবী জনাবলৈ দিল্লীৰ ৰাওনা 18 জনীয়া বিধায়কৰ দল ৷

Manipur Crisis
Manipur Crisis

তেজপুৰ, ১৩ ছেপ্টেম্বৰ: মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি বৰ্তমান পুনৰ স্পৰ্শকাতৰ হৈ পৰিছে ৷ সোমবাৰে কাংপকপি জিলাত সন্দেহজনক উগ্ৰপন্থীৰ হাতত তিনিজন নিৰীহ লোকৰ মৃত্যুৰ পিছত আজি অৰ্থাৎ বুধবাৰে মণিপুৰ বিধানসভাৰ ১৮ জনীয়া এটা সঁজাতী দল নতুন দিল্লীলৈ ৰাওনা হৈছে ৷

এক বিশেষ সূত্ৰমতে জানিব পৰা অনুসৰি মণিপুৰ বিধানসভাৰ দুজন মন্ত্ৰীৰ নেতৃত্বত ১৬ জনীয়া বিধায়কৰ দল বুধবাৰে নতুন দিল্লীলৈ গমন কৰিছে । বিশেষকৈ অশান্ত জৰ্জৰিত মণিপুৰত পুনৰ শান্তি-শৃংখলা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব ।

সূত্ৰটোৰ মতে মণিপুৰৰ শিক্ষামন্ত্ৰী থৌনাওজাম বসন্ত, সমাজ কল্যাণ মন্ত্ৰী হেইখাম ডিংগো সিঙৰ নেতৃত্বত ১৬ জনীয়া বিধায়কৰ দলে মণিপুৰৰ পৃথক প্ৰশাসনিক বিভাজনৰ বিষয়ে আলোচনা কৰিব ৷ দলটোৱে মণিপুৰৰ মণিপুৰ লেণ্ড ৰেভিনিউ (MLR) আৰু লেণ্ড ৰেভিনিউ (LR) বিষয়তো আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

কাৰণ মণিপুৰৰ এই ভূমি অধিকাৰ আৰু হস্তান্তৰ আইন MLR&LR আইন 1960 সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য বুলি ঘোষণা কৰা হয় যদিও প্ৰকৃততে এই ভূমি আইন সংসদৰ মজিয়াত উত্থাপন কৰা হৈছিল 1959 ত ৷ লগতে এক মাত্ৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ মাজত এয়া প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰা হোৱা নাছিল নাছিল ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত সঁজাতী দলটোৱে আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে যোৱা 12 ঘণ্টাৰ ভিতৰত মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ কিছু এলেকাত নিৰাপত্তাৰক্ষীয়ে অনুসন্ধান চলাই 9 অস্ত্ৰ, 10 জাঁই সক্ৰিয় গুলী, উদ্ধাৰ কৰাৰ লগতে ইম্ফল-পূব আৰু থৌবাল জিলাৰ পৰা 8 টা গুলী আৰু 3 টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে বুলি মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Manipur Crisis
বিভিন্ন স্থানত উদ্ধাৰ মাৰণাস্ত্ৰ
Manipur Crisis
মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি বৰ্তমান পুনৰ স্পৰ্শকাতৰ হৈ পৰিছে

ইফালে COCOMI য়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মণিপুৰৰ ভেলি অঞ্চলত বৰ্তমান সংঘটিত হৈ থকা হিংসা-হত্যা, অশান্তিৰ বাবে পুনৰ AFSPA প্ৰবর্তনৰ দাবী জনায় ৷

Manipur Crisis
AFSPA প্ৰৱৰ্তনৰ দাবীৰে COCOMIৰ বিবৃতি

লগতে পঢ়ক: HBS wife land scam: ৰিণিকি ভূঞা শৰ্মাই লাভ কৰা আঁচনি দেশৰ নিবনুৱাৰ বাবে উপলব্ধ নেকি ? কংগ্ৰেছৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.